শ্ৰেণী ৰাষ্ট্ৰীয়

বিমান বন্দৰৰ পৰা জুপুৰীলৈ : আম্ফানে এফালৰ পৰা মহতিয়াই নিছে…

বিপদৰ আগজাননী আগৰে পৰাই আছিল ৷ কিন্তু এই বিপদে যে এটা দু:স্বপ্নৰ দৰে সকলো শেষ কৰি পেলাব কোনেও কল্পনাই কৰিব পৰা নাছিল ৷ পশ্চিমবংগ চৰকাৰে আগতীয়াকৈ কুলতলিৰ দেবীপুৰ পঞ্চায়তৰ লোকসকলক নিজৰ নিজৰ ঘৰৰ পৰা আশ্ৰয় শিবিৰলৈ লৈ ঘৈছিল ৷ তাতেই…

পুনৰ সীমান্তত ভাৰতীয় সেনাক বাধা চীনৰ

পুনৰ সীমান্তত ভাৰতীয় সেনাৰ সঞ্চালনত বাধা দিছে চীনে ৷এই কথা প্ৰকাশ কৰিছে বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে ৷ তেওঁ লগতে ভাৰতীয় সেনাই লাডাখ বা ছিকিম সীমান্তত নিয়ন্ত্ৰণ ৰেখা উলংঘা কৰা বুলি চীনে উত্থাপন কৰা অভিযোগো নস্যাৎ কৰিছে ৷ শ্ৰীবাস্তৱে স্পষ্ট…

কিয় বন্ধ হ’ল স্বাস্থ্য মন্ত্ৰালয়ৰ নিয়মীয়া সংবাদমেল?

ক’ৰোনাৰ সংক্ৰমণ যিমানেই দ্ৰুততৰ হ’বলৈ আৰম্ভ কৰিছে ,সিমানেই সংবাদ মাধ্যমৰ পৰা আতৰি গৈছে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয় ৷ প্ৰথমাৱস্থাত স্বাস্থ্য মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াই ধাৰাবাহিকভাৱে সংবাদমেল সম্বোধন কৰি পৰিস্থিতি সন্দৰ্ভত অৱগত কৰিছিল ৷ কিন্তু পিছলৈ ৩-৪ দিনৰ বিৰতিত আৰু এতিয়া ৭-৮…

গ্ৰেপ্তাৰ হ’ব নেকি ছোনিয়া গান্ধী ? গোচৰ ৰুজু

ভাৰতীয় জাতীয় কংগ্ৰেছৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ এটা টুইটৰ বাবে দলটোৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ কৰ্ণাটকৰ শিৱামোগ্গা জিলাৰ সাগাৰা টাউন পুলিচে প্ৰবীন কে ভি নামৰ লোক এজনৰ অভিযোগৰ ভিত্তিত এই গোচৰটো ৰুজু কৰে ৷ ভাৰতীয় দণ্ডবিধিৰ…

উত্তৰ প্ৰদেশত বাছ ৰাজনীতিৰ গৰম বতাহ :৫০ হাজাৰ ফেচবুক লাইভ

শ্ৰমিকৰ বাবে কংগ্ৰেছে আগবঢ়োৱা বাছক কেন্দ্ৰ কৰি উত্তৰ প্ৰদেশৰ ৰাজনীতিত গৰম বতাহ বলিবলৈ আৰম্ভ কৰিছে৷ কংগ্ৰেছে দিয়া বাছৰ তালিকাত অন্য বাহনৰ নম্বৰ থকাৰ অভিযোগ তুলি লক্ষ্ণৌ আৰক্ষীয়ে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ অজয় কুমাৰ লল্লুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ কেৱল…

ভাৰতত ৫ কৌটি লোকৰ পৰা বিয়পিব ক’ৰোনা : আমেৰিকাৰ বিশ্ববিদ্যালয়ৰ তথ্য

ভাৰতৰ ৫ কৌটিতকৈও অধিক লোকৰ পৰা আনৰ দেহলৈ ক’ৰোনা সংক্ৰমণৰ সম্ভাৱনা আছে ৷এই লোকসকলৰ ঘৰত হাত ধোৱাৰ সুব্যৱস্থা নথকাৰ বাবেই সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাইছে ৷ আমেৰিকাৰ ৱাশ্বিঙটন ইউনিভাৰ্চিটীৰ ইন্সটিটিউট ফৰ হেল্থ মেট্ৰিক্স এণ্ড ইভালুৱেশ্যন বিভাগৰ (Institute for Health Metrics and…

পুলৱামাত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ, ১ নিহত

পুলৱামাত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। চিএৰপিএফ আৰু পুলিচৰ এটা বাহিনীৰ বিৰুদ্ধে চলা সন্ত্ৰাসবাদীৰ আক্ৰমণত এজনকৈ পুলিচৰ জোৱান শ্বহীদ আৰু দুজন গুৰুতৰভাৱে আহত হৈছে বুলি খবৰ পোৱা গৈছে। চিআৰপিএফৰ উচ্চস্তৰীয় সুত্ৰ অনুসৰি ইতিমধ্যেই ঘটনা সংঘটিত হোৱা অঞ্চলটো ঘেৰাও কৰি…

অধিবক্তাক আক্ৰমণ- আৰক্ষীৰ স্বীকাৰোক্তি,মুছলমান বুলি ভুলতে কৰা হৈছিল আক্ৰমণ!

দীপক,পেছাত এজন অধিবক্তা।প্ৰায় দুমাহ পূৰ্বে নিজৰ স্বাস্থ্যজনিত কাৰণত দীপক এখন চৰকাৰী চিকিৎসালয়লৈ গৈছিল।কিন্তু তেতিয়াই অকাৰণত আৰক্ষীয়ে তেখেতক উপৰ্যুপৰি শাৰীৰিকভাবে আক্ৰমণ কৰে।ইয়াৰ পিছতে দীপকে সেই আৰক্ষী কেইজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে।কিন্তু এতিয়া আৰক্ষীয়ে গোচৰ প্ৰত্যাহাৰ কৰিবলৈ দীপকক হেঁচা প্ৰয়োগ কৰিছে।আচৰিত…

চাইনীজ বা ইটালীয়ান ভাইৰাছতকৈ অধিক ভয়াবহ ভাৰতীয় ভাইৰাছ

নেপালত ক’ৰোনা ভাইৰাছ সংক্ৰমিত কৰিলে ভাৰতে।চাইনীজ বা ইটালীয়ান ভাইৰাছতকৈ অধিক ভয়াবহ ভাৰতীয় ভাইৰাছ।-এই মন্তব্য নেপালৰ প্ৰধানমন্ত্ৰী কেপি অ’লিৰ।যোৱা মংগলবাৰে নেপালৰ সংসদত আগবঢ়োৱা বক্তব্যত প্ৰধানমন্ত্ৰীজনে কঠোৰভাবে কয় ,যে অবৈধ ভাৱে নেপাললৈ অহা ভাৰতীয় সকলে ক’ৰোনা ভাইৰাছ সংক্ৰমিত কৰিছে নেপালত।ইয়াৰ বাবে নেপালৰ…

৫০ লাখ অতিক্ৰম কৰিলে ক’ৰোনাত আক্ৰান্তৰ সংখ্যাই

যোৱা ২৪ ঘণ্টাত বিশ্বত ৰেকৰ্ড সংখ্যক ১ লাখ ৬ হাজাৰ গৰাকী ক’ৰোনাত আক্ৰান্ত হৈছে।বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা অনুসৰি ইয়াৰ দুই তৃতীয়াংশ কেৱল চাৰিখন দেশ ভাৰত, আমেৰিকা, ৰাছিয়া আৰু ব্ৰাজিলত আক্ৰান্ত হৈছে। অন্য়হাতে সমগ্ৰ বিশ্বত ক’ৰোনাত আক্ৰান্তৰ সংখ্যাই ৫০ লাখ অতিক্ৰম…