পুলৱামাত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ, ১ নিহত

Share This Article

পুলৱামাত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। চিএৰপিএফ আৰু পুলিচৰ এটা বাহিনীৰ বিৰুদ্ধে চলা সন্ত্ৰাসবাদীৰ আক্ৰমণত এজনকৈ পুলিচৰ জোৱান শ্বহীদ আৰু দুজন গুৰুতৰভাৱে আহত হৈছে বুলি খবৰ পোৱা গৈছে। চিআৰপিএফৰ উচ্চস্তৰীয় সুত্ৰ অনুসৰি ইতিমধ্যেই ঘটনা সংঘটিত হোৱা অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান অব্যাহত ৰাখিছে। উল্লেখ্য যে এই ঘটনা ধাৰাবাহিকভাৱে সংঘটিত দ্বিতীয়টো আক্ৰমণ। বুধবাৰে গান্দৰবল জিলাৰ এক স্থানত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ফলত দুগৰাকীকৈ বিএছএফৰ জোৱান শ্বহীদ হৈছিল। শ্ৰীনগৰৰ পৰা ১৭ কিলোমিটাৰ দূৰত থকা পন্দাছ ক্ষেত্ৰত মটৰচাইকেলত যোৱা দুজনকৈ সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিছিল বিএছএফৰ জোৱানক। আনহাতে শেহতীয়াকৈ পাকিস্থানী সৈন্যই জম্মু কাশ্মীৰৰ পুঞ্জ জিলাৰ দুটাকৈ এলঅ’চি এলেকাত গুলীবৰ্ষণ কৰিছিল। ভাৰতীয় সৈন্যও ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.