অধিবক্তাক আক্ৰমণ- আৰক্ষীৰ স্বীকাৰোক্তি,মুছলমান বুলি ভুলতে কৰা হৈছিল আক্ৰমণ!

Share This Article

দীপক,পেছাত এজন অধিবক্তা।প্ৰায় দুমাহ পূৰ্বে নিজৰ স্বাস্থ্যজনিত কাৰণত দীপক এখন চৰকাৰী চিকিৎসালয়লৈ গৈছিল।কিন্তু তেতিয়াই অকাৰণত আৰক্ষীয়ে তেখেতক উপৰ্যুপৰি শাৰীৰিকভাবে আক্ৰমণ কৰে।ইয়াৰ পিছতে দীপকে সেই আৰক্ষী কেইজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে।কিন্তু এতিয়া আৰক্ষীয়ে গোচৰ প্ৰত্যাহাৰ কৰিবলৈ দীপকক হেঁচা প্ৰয়োগ কৰিছে।আচৰিত কথা এয়ে যে,দীপকক মুছলমান বুলি দুৰ্ঘটনাক্ৰমেহে আক্ৰমণ কৰা হৈছিল বুলি আৰক্ষীয়ে স্বীকাৰো কৰিছে। ঘটনা ২৩ মাৰ্চৰ।ৰক্তচাপ আৰু ডায়েবেটিচত আক্ৰান্ত অধিবক্তা দীপক বোন্দাল এখন চৰকাৰী চিকিৎসালয়লৈ গ’ল সন্ধিয়া ৬ বজাত।সেই সময়ত লকডাউন নাছিল,কিন্তু ১৪৪ ধাৰা বাহাল আছিল।দীপকে যেতিয়া ঔষধ কিনিবলৈ ফাৰ্মাচীলৈ গৈছিল,তেতিয়া আৰক্ষীয়ে তেওঁক সোধাপোছা কৰে।দীপকে কয় যে,তেওঁ এগৰাকী ৰোগী।কিন্তু আৰক্ষীয়ে তেওঁক শাৰীৰিকভাবে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে।দীপকে ১৪৪ ধাৰাৰ অধীনত আটক হবলৈও ৰাজী হয়।কিন্তু সেই সময় আৰু অধিক আৰক্ষী আহি ঘটনা স্থানত উপস্থিত হয় আৰু দীপকক লাঠিৰে আক্ৰমণ কৰে।অৱশেষত দীপকে কয় যে,তেওঁ এগৰাকী অধিবক্তা আৰু ইয়াৰ বিৰুদ্ধে তেওঁ গোচৰ তৰিব।লগে লগে আৰক্ষীয়ে তেওঁৰ ওপৰত আক্ৰমণ বন্ধ কৰে।কিন্তু ইতিমধ্যে দীপক গুৰুতৰ ভাবে আহত হৈ পৰে।২৪ মাৰ্চত দীপকে এই ঘটনাৰ বিৰুদ্ধে জিলা আৰক্ষী বিষয়াৰ ওচৰত অভিযোগ তোলে।কিন্তু গোচৰ ৰুজু কৰাৰ পিছৰে পৰা আৰক্ষীয়ে গোচৰ প্ৰত্যাহাৰ কৰিবলৈ দীপকৰ ওপৰত হেঁচা প্ৰয়োগ কৰে।দীপকে কয়,প্ৰথমে কিছুমান উচ্চ পদস্থ আৰক্ষী বিষয়াই মোক গোচৰ উঠাই লবলৈ আহ্বান জনায়।দীপকে কয়,মই আৰু মোৰ ভাতৃ পেছাত অধিবক্তা।আমি শান্তি ভাল পাওঁ।আমি শান্তিৰ মাজেৰে কৰ্ম কৰিব বিচাৰো।দীপকে পৰৱৰ্তী সময়ত নিজৰ গোচৰ প্ৰত্যাহাৰ কৰে।উল্লেখনীয় যে,আৰক্ষীৰ এই বৰ্বৰ অমানৱীয় কাণ্ড সংঘটিত হৈছিল মধ্য প্ৰদেশৰ বেটুলত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.