সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

Big Expose: গুৱাহাটীৰ এখন ফ্লাই অ’ভাৰ, এখন নিবিদা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ লগত সম্পৰ্কিত কোম্পানীৰ এখন জাল

এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠান সম্পন্ন হৈ যায়, তাৰ ৫ মাহ পাছত সেই অনুষ্ঠানৰ এখন নিবিদা ওলায়৷কেনেকৈ সেয়া হ’বলৈ পালে? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ লগত কেনেকৈ সাঙোৰ খাই পৰিছে সেই সমগ্ৰ কাহিনী?

  • সংগীতা বৰুৱা পিছাৰৌটি, অৰূপ কলিতা, গৌতম প্ৰতীম গগৈ

(‘দ্য ক্ৰছকাৰেণ্ট’ আৰু ‘দ্য ৱায়াৰ’ৰ যৌথ অনুসন্ধান)

 

- Donation -

গুৱাহাটী , ২ এপ্ৰিল :

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২০২১ চনৰ ৪ নৱেম্বৰত উদ্বোধন কৰে দিছপুৰ ছুপাৰমাৰ্কেটৰ টু-লেনযুক্ত ফ্লাই অভাৰখন৷ মুখ্যমন্ত্ৰীৰ বাবে সেয়া আছিল অসমৰ ৰাইজলৈ দীপাৱলীৰ উপহাৰ৷শাসকীয় মিত্ৰজোঁটৰ নেতাৰ পৰা আৰম্ভ কৰি বিধানসভাৰ অধ্যক্ষলৈ – বহু ৰাজনেতা আছিল সেই উদ্বোধনী অনুষ্ঠানৰ অতিথি৷  ১২৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা হৈছিল জনতা ভৱনৰ সন্মুখৰ পৰা ডাউন টাউনসংযোগী ফ্লাই অভাৰখন৷ নতুন ফ্লাই অভাৰখনতকৈও অধিক আকৰ্ষণৰ বিষয় আছিল উদ্বোধনী অনুষ্ঠান উপলক্ষে কৰা সাজ-সজ্জা৷ আনকি ফ্লাই অভাৰৰ ৰঙীণ সাজ-সজ্জাৰ মাজত কেক কাটি জন্মদিন উদযাপন কৰাও দেখা গৈছিল৷ কিন্তু উদ্বোধনী অনুষ্ঠানৰ নামত কিদৰে এক ৰহস্যজনক নিবিদা প্ৰক্ৰিয়াৰ মাজেৰে কোটি টকা ৰাজকোষৰ পৰা উলিয়াই নিয়া হ’ল, তাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ‘দ্য  ক্ৰছকাৰেণ্ট’ আৰু ‘দ্য ৱায়াৰ’ৰ এক দীঘলীয়া অনুসন্ধানত৷ ফ্লাই অভাৰৰ সাজ-সজ্জাৰ নামত সংঘটিত এই অনিয়মৰ অনুসন্ধান চলাওঁতেই ফাদিল হৈছে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লগত সম্পৰ্ক থকা তিনিচুকীয়াৰ এখন বৃহৎ চাহ বাগানৰ তথ্য৷ কিদৰে কলকাতাৰ ৫১ টাকৈ সন্দেহজনক কোম্পানীৰ বিনিয়োগ এই বাগিচাখনত সোমাই আছে, কেনেকৈ এই বাগানৰ লগত সাঙোৰ খাই আছে মুখ্যমন্ত্ৰীৰ মাতৃ আৰু শাহু, তাৰ বিস্তৃত তথ্য ‘দ্য  ক্ৰছকাৰেণ্ট’ আৰু ‘দ্য ৱায়াৰ’ৰ  যৌথ অনুসন্ধানত ওলাই পৰিছে৷

২০২১ৰ ৪ নৱেম্বৰত মুখ্যমন্ত্ৰীয়ে নিজৰ টুইটাৰ হেণ্ডেলত দিয়া সেই বিশেষ দিনটোৰ টুইট
দিছপুৰ-ছুপাৰমাৰ্কেট ফ্লাই অ’ভাৰত সেই বিশেষ দিনটোত মুখ্যমন্ত্ৰী, বিধানসভাৰ অধ্যক্ষসহিতে মন্ত্ৰী অশোক সিংহল, অতুল বৰাৰ আন এক ছবি

উদ্বোধনৰ ৫ মাহ পাছত উদ্বোধনী অনুষ্ঠানৰ সাজ সজ্জাৰ নিবিদা আহ্বান

২০২১ চনৰ ৪ নৱেম্বৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰা  ছুপাৰ মাৰ্কেট ফ্লাই অভাৰৰ উদ্বোধনী অনুষ্ঠানৰ সাজ সজ্জা আছিল অত্যন্ত আড়ম্বৰপূৰ্ণ৷ কিন্তু দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰে অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ পৰা লাভ কৰা আৰ টি আই তথ্যত ওলাই পৰে যে এই উদ্বোধনী অনুষ্ঠানৰ সাজ-সজ্জাৰ নামত ৰাজকোষৰ পৰা লক্ষ লক্ষ টকা উলিয়াই নিলে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ এজন ঘনিষ্ঠ ব্যৱসায়িক সহযোগীয়ে৷ লক্ষ্যণীয় কথাটো হ’ল ২০২১ চনৰ নৱেম্বৰ মাহত সম্পন্ন হৈ যোৱা উদ্বোধনী অনুষ্ঠানৰ সাজ-সজ্জাৰ বাবে নিবিদা আহ্বান কৰা হৈছিল  ৫ মাহ পাছত৷ ২০২২ চনৰ ৯ মাৰ্চত উদ্বোধনী অনুষ্ঠানৰ সাজ সজ্জাৰ বাবে নিবিদা আহ্বান কৰি কাকতত জাননী প্ৰকাশ কৰা হয়৷ দিছপুৰ টেৰিটৰিয়েল ৰোড ডিভিজনে এই জাননী প্ৰকাশ কৰে৷ ক’ব পাৰি যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কেৱল ফাইলত উল্লেখ কৰিবৰ বাবেহে এই নিবিদাৰ আহ্বান কৰিছিল৷ কিয়নো ২০২১ চনত সম্পন্ন হৈ যোৱা উদ্বোধনী  অনুষ্ঠানটোৰ বাবে ২০২২ চনৰ ৯ মাৰ্চত প্ৰকাশিত নিবিদাৰ জাননীত এইদৰে উল্লেখ কৰা হৈছিল যে ১৫ দিনৰ ভিতৰত নিবিদা দাখিল কৰিব লাগিব৷ ১৮ মাৰ্চ আছিল নিবিদা দাখিলৰ অন্তিম দিন৷

আছাম ট্ৰিবিউনত প্ৰকাশিত নিবিদাৰ জাননী

কোনে পালে এই ঠিকা?

নিবিদাৰ জাননী প্ৰকাশৰ পাছত দুটা প্ৰতিষ্ঠান আৰু এগৰাকী ব্যক্তিয়ে এই নিবিদাত অংশগ্ৰহণ কৰে৷ এই প্ৰতিষ্ঠান দুটা  আছিল জে এম কে কনষ্ট্ৰাকশ্যন এণ্ড ছাপ্লায়াৰ্ছ আৰু ড্ৰিম এ মেজ৷ আনগৰাকী ব্যক্তি হ’ল অঞ্জন শৰ্মা৷ লক্ষ্যণীয়ভাৱে এই আটাইকেইটা প্ৰতিষ্ঠান আৰু ব্যক্তিৰ ঠিকনা এটাই৷ সেয়া হ’ল–কামাখ্যাধাম গুৱাহাটী৷ আনহাতে, এই  আটাইকেইজন ব্যক্তি আৰু স্বত্বাধিকাৰী ব্যৱসায়িক অংশীদাৰো৷ জে এম কে কনষ্ট্ৰাকশ্যনৰ স্বত্বাধিকাৰী যুগানন্দ শৰ্মা, ড্ৰিম এ মেজৰ স্বত্বাধিকাৰী ভাস্কৰ শৰ্মা আৰু অঞ্জন শৰ্মা, এই তিনিওজনেই মেচাৰ্চ আছাম কেমিষ্ট ডিষ্ট্ৰিবিউটৰ প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানীৰ সঞ্চালক পদত আছে৷

নিবিদাত অংশগ্ৰহণ কৰা ব্যক্তি আৰু প্ৰতিষ্ঠানৰ মাজৰ পৰা ড্ৰিম এ মেজ নামৰ প্ৰতিষ্ঠানটোৱে উদ্বোধনী অনুষ্ঠানৰ সাজ-সজ্জাৰ বাবে লোকনিৰ্মাণ বিভাগৰ ঠিকা লাভ কৰে৷ এই প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ভাস্কৰ শৰ্মা৷  ভাস্কৰ শৰ্মা হ’ল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ ব্যৱসায়িক সহযোগী৷ তেওঁ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মালিকানাধীন প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰো সঞ্চালক পদত আছে৷ এইগৰাকী ভাস্কৰ শৰ্মাই উদ্বোধনৰ ৭ মাহ পাছত উদ্বোধনী অনুষ্ঠানৰ সাজ-সজ্জাৰ ঠিকা লাভ কৰে৷ স্বাভাৱিকতে এই নিবিদা প্ৰক্ৰিয়াটোৱেই আছিল অত্যন্ত সন্দেহজনক৷ কাৰণ, ২০২১ চনৰ ৪ নৱেম্বৰত উদ্বোধন হৈছিল ছুপাৰমাৰ্কেট ফ্লাই অভাৰ৷ এই উদ্বোধনী অনুষ্ঠানৰ সাজ-সজ্জাৰ বাবে নিবিদাৰ জাননী প্ৰকাশ পায় ২০২২ চনৰ ৯ মাৰ্চত৷ তাৰ পাছত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সহযোগী ভাস্কৰ শৰ্মাক কামৰ ৱৰ্ক অৰ্ডাৰ প্ৰদান কৰা হয় ২০২২ চনৰ ২ মে’ত৷ ভাস্কৰ শৰ্মাই লাভ কৰিলে মুঠ ৪৫ লাখ ৯৪ হাজাৰ ৬৫৭ টকাৰ ঠিকা৷ এইগৰাকী  ভাস্কৰ শৰ্মাৰ লগত মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু পত্নীৰ কিমান দূৰলৈকে ব্যৱসায়িক সম্পৰ্ক আছে , সেয়া পোহৰলৈ আহিছে ‘দ্য ক্ৰছকাৰেণ্ট আৰু ‘দ্য ৱায়াৰ’ৰ এক দীঘলীয়া অনুসন্ধানত৷

২০২১ৰ ৪ নৱেম্বৰত সম্পন্ন হোৱা উদ্বোধনী অনুষ্ঠানৰ সাজ-সজ্জাৰ ঠিকা ২০২২ৰ ২ মে’ত

কি  কামৰ বাবে ভাস্কৰ শৰ্মাক দিয়া হ’ল ৪৫ লাখ ৯৪ হাজাৰ টকাৰ ঠিকা

লোকনিৰ্মাণ বিভাগৰ পৰা আৰ টি আইৰ জড়িয়তে লাভ কৰা তথ্য অনুসৰি, ২০২১ চনৰ ৪ নৱেম্বৰত উদ্বোধন হোৱা ছুপাৰ মাৰ্কেট ফ্লাই অভাৰৰ উদ্বোধনী অনুষ্ঠানৰ সাজ-সজ্জাৰ দায়িত্ব ভাস্কৰ শৰ্মাক দিয়া হয় ২০২২ চনৰ ২ মে’ত ৷ আমি আৰ টি আই আবেদনৰ জড়িয়তে লাভ কৰা তথ্য অনুসৰি , মুঠ ৪৫ লাখ ৯৪ হাজাৰ ৬৫৭ টকাৰ ঠিকা লাভ কৰে ভাস্কৰ শৰ্মাই৷ দিছপুৰ টেৰিটৰিয়েল ডিভিজনৰ কাৰ্যবাহী সঞ্চালকে মূলতঃ তিনি প্ৰকাৰৰ সাজ সজ্জাৰ বাবে তিনিখন ৱৰ্ক অৰ্ডাৰ প্ৰদান কৰিছিল৷ এই কামকেইটা আছিল –

ক) ছুপাৰমাৰ্কেট অ’ভাৰব্ৰীজ উদ্বোধন উপলক্ষে জনতা ভৱনৰ সন্মুখৰ আৰু লাষ্টগেটৰ ৰ’টাৰী কাপোৰেৰে ঢাকি দিয়া আৰু সাজ-সজ্জা কৰাৰ নামত ভাস্কৰ শৰ্মাক দিয়া হয় ১৩ লাখ ৩৫ হাজাৰ ৭৩১ টকাৰ ঠিকা৷

খ) ফ্লেক্স বোৰ্ড, মুখ্যমন্ত্ৰীৰ প্ৰতিচ্ছৱি আৰু জনগোষ্ঠীয় গামোচাৰে ফ্লাই অ’ভাৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে আন এক ১৪ লাখ ৩২ হাজাৰ ৯৫০ টকাৰ ঠিকা লাভ কৰে একেগৰাকী ভাস্কৰ শৰ্মাই৷

গ) ভাস্কৰ শৰ্মাক তিনিখন তোৰণ নিৰ্মাণৰ বাবে একেদিনাই ১৮ লাখ ২৫ হাজাৰ ৮৮৬ টকাৰ ঠিকা প্ৰদান কৰা হয়৷

ভাস্কৰ শৰ্মাক দিয়া ৱৰ্ক অৰ্ডাৰ কেইখন ভালদৰে চালে দেখিবলৈ পোৱা যাব যে ১৩,৩৫,৭৩১ টকাৰ কামৰ ভিতৰত ৰ’টাৰী দুটা বিভিন্ন ট্ৰাইবেল গামোচাৰে ঢাকিবলৈ ৬,৫০,৯১৪ টকা, কৃত্ৰিম ঘাঁহৰ জাপিৰ নামত ১,৩৩,২৮২ টকা, পোহৰৰ সাজ-সজ্জাৰ বাবে ৪,১৩,২৮০ টকা আৰু বাঁহৰ সাজোনৰ নামত ৫৯,০৪০ টকা আবণ্টন দিয়া হৈছিল৷ ভাস্কৰ শৰ্মাই লাভ কৰা ১৪,৩২,৯৫০ টকাৰ দ্বিতীয়খন ৱৰ্ক অৰ্ডাৰ অনুসৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ফটো, ফ্লেক্স, পতাকা আৰু বিভিন্ন জনগোষ্ঠীয় গামোচাৰ বাবে ৭,৬৮,৭৫০ টকা আৰু ৰঙা, বগা আৰু সোণালী কাপোৰেৰ ফ্লাই অভাৰৰ ফেন্সিং ঢাকি দিয়াৰ বাবে ৬,৬৪,২০০ টকা আবণ্টন দিয়া হয়৷

ভাস্কৰ শৰ্মাৰ ১৮,২৫,৮৮৬ টকাৰ ৱৰ্ক অৰ্ডাৰখন অনুসৰি ৩০০ ফুল গছ সাত দিনৰ বাবে স্থাপন কৰাৰ বাবে ১,৫৪,৯৮০ টকা, জেনেৰেটৰৰ বাবে ১,১৮,৮১৮ টকা, লাইটিঙৰ বাবে ১,৯৩,৭২৫ টকা আবণ্টন দিয়া হৈছিল৷ ইয়াৰ বাহিৰেও গেটত ঢোল স্থাপন, জাপি, ফুলাম গামোচা আদিৰ বাবেও পৃথকে পৃথকে ধন আবণ্টন দিয়া হৈছিল৷

উদ্বোধনী অনুষ্ঠানৰ নামত এনেদৰেই ব্যয় কৰা হৈছিল লাখ লাখ টকা

লক্ষ্যণীয় বিষয়টো হ’ল – লোকনিৰ্মাণ বিভাগ আছে খোদ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত৷ কিন্তু মন কৰিবলগীয়া কথাটো হ’ল তেওঁৰ বিভাগে যি কামৰ বাবে এই ৱৰ্ক অৰ্ডাৰ প্ৰদান কৰিছিল , সেই কাম  সম্পন্ন হৈ গৈছিল  ৭  মাহ আগতেই ৷ প্ৰশ্ন হয় যে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক সহযোগীৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবেই অনুষ্ঠানৰ সম্পন্ন হোৱাৰ  ৫ মাহ পাছত ‘পোষ্ট ডেট’ত  নিবিদা আহ্বান কৰা হৈছিল নেকি  ? কাৰোবাক আইনগতভাৱে সুৰক্ষা দিবৰ বাবেই ৭ মাহ পাছত এনেদৰে বিভাগীয় ৱৰ্ক অৰ্ডাৰ প্ৰদান কৰা হৈছিল নেকি ৷

এই প্ৰশ্ন এইবাবেই প্ৰাসংগিক যে দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ পূৰ্বৰ অনুসন্ধানতো অনুৰূপ কিছু তথ্যই পোহৰলৈ আহিছিল৷ সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰিত্বৰ সময়ত, ড০ হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্য মন্ত্ৰী হৈ থকা সময়ত নিবিদা অবিহনেই মুখ্যমন্ত্ৰীৰ পৰিয়ালে কোটি কোটি টকাৰ কোভিডজনিত সামগ্ৰীৰ ঠিকা লাভ কৰিছিল৷ এই প্ৰতিবেদনৰ সবিশেষ পঢ়িব পাৰিব ইয়াত- EXCLUSIVE: ৬৫ % অধিক দৰত পি পি ই কীটৰ ‘জৰুৰী’ ঠিকা হিমন্ত বিশ্ব শৰ্মাৰ পত্নীকঃ যোগানত ব্যৰ্থ ৰিণিকি ভূঞা শৰ্মা

কোন এই ভাস্কৰ শৰ্মা

গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাওঁফালে ভাস্কৰ শৰ্মা

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সৈতে আছে ভাস্কৰ শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ব্যৱসায়িক সংযোগ৷ এই সংযোগৰ কাহিনী আৰম্ভ কৰিব পাৰি তিনিচুকীয়া জিলাত থকা এখন বৃহৎ চাহ বাগিচাৰ পৰা৷ কাৰণ, এই বাগিচাৰ আঁৰত কেৱল মুখ্যমন্ত্ৰীৰ পৰিয়ালেই নহয়, কলকাতাৰ সন্দেহজনক কোম্পানীৰ জৰিয়তে হোৱা ৰহস্যজনক লেনদেনৰ কাহিনীও সাঙোৰ খাই আছে৷ কেনেদৰে কলকাতাৰ  সন্দেহজনক কোম্পানীৰ সহযোগত মুখ্যমন্ত্ৰীৰ পৰিয়াল এটা কোম্পানীৰ স্বত্বাধিকাৰী হৈ পৰে তাৰ বিস্তাৰিত তথ্য চাহ বাগিচাৰ কাহিনীৰ ভিতৰলৈ সোমালেই স্পষ্ট হৈ পৰিব৷

তিনিচুকীয়া জিলাৰ মাকুমত থকা চান্দমাৰী টী ইষ্টেটৰ গৰাকী হ’ল চান্দমাৰী টী কোম্পানী৷ এই কোম্পানীৰ কাৰ্যালয় অৱস্থিত তিনিচুকীয়াৰ তালাপত৷ চান্দমাৰী টী কোম্পানী গঠন হৈছিল ১৯৫৬ চনৰ ২৯ মাৰ্চত। ১৯৬৮ চনৰ পৰা এই কোম্পানীটোৰ সঞ্চালক পদত আছিল তিনিগৰাকী ব্যক্তি৷ তেওঁলোক হ’ল- প্ৰণৱ বৰুৱা, প্ৰদীপ বৰুৱা আৰু প্ৰবাল কুমাৰ বৰুৱা৷  এই কোম্পানীটোৰ নামত মাকুমত থকা বাগিচাখনৰ মাটি কালি প্ৰায় ৫ হাজাৰ হেক্টৰ৷

বক্ৰ পথেৰে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ অংশীদাৰিত্ব থকা চাহ বাগিচাখন

মিনিষ্ট্ৰী অৱ কৰ্প’ৰেট এফেয়াৰ্ছৰ পৰা লাভ কৰা তথ্য অনুসৰি, ২০১৪ চনত এই কোম্পানীটোৰ পূৰ্বৰ সঞ্চালকৰ ঠাইত নতুন সঞ্চালক হিচাপে নিযুক্ত হয় দীনদয়াল বাৰ্মা, ববিতা বাৰ্মা আৰু ভাস্কৰ শৰ্মা৷ চান্দমাৰী টী কোম্পানীত ২০১৫ চনৰ ৩১ মাৰ্চত দীনদয়াল বাৰ্মাৰ ৫,১৫,০০০ টকাৰ, ববিতা শৰ্মাৰ ১,৯৮,৩০০ টকাৰ আৰু ভাস্কৰ শৰ্মাৰ ১,৪২,৫০০ টকাৰ শ্বেয়াৰ আছে৷ সঞ্চালক কেইজনৰ বাহিৰেও মোহিত বাৰ্মা নামৰ এজন ব্যক্তিৰ ১,৮৬,৭০০ টকাৰ আৰু ডি এছ গ্ৰহ নিৰ্মাণ প্ৰাইভেট লিমিটেড নামৰ কোম্পানী এটাৰ ৪,৫৭,৫০০ টকাৰ শ্বেয়াৰ আছে৷ সেই অনুসৰি, ৩১ মাৰ্চ, ২০১৫ ত চান্দমাৰী টী কোম্পানীত ডি এছ গ্ৰহ নিৰ্মাণ প্ৰাইভেট লিমিটেডৰ ৩০.৫০ শতাংশ, ভাস্কৰ শৰ্মাৰ ৯.৫০ শতাংশ, দীনদয়াল বাৰ্মাৰ ৩৪.৩৩ শতাংশ, ববিতা বাৰ্মাৰ ১৩.২২ শতাংশ আৰু মোহিত বাৰ্মাৰ ১২.৪৫ শতাংশ শ্বেয়াৰ আছে৷

চান্দমাৰী টী কোম্পানীৰ শেহতীয়া তথ্য অনুসৰি ৩০ ছেপ্তেম্বৰ, ২০২২ত ভাস্কৰ শৰ্মাই সঞ্চালক পদৰ পৰা পদত্যাগ কৰে৷ কিন্তু আন ব্যক্তি আৰু প্ৰতিষ্ঠানৰ দৰেই তেওঁৰ শ্বেয়াৰ এতিয়াও কোম্পানীটোত বাহাল আছে৷ ডি এছ গ্ৰহ নিৰ্মাণ প্ৰাইভেট লিমিটেডৰো শ্বেয়াৰ একেই আছে৷ কিন্তু ২০১৫ৰ পৰা ২০২২ ৰ ভিতৰত ডি এছ গ্ৰহ নিৰ্মাণ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোত কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন ঘটে৷

মিনিষ্ট্ৰী অৱ কৰ্প’ৰেট এফেয়াৰ্ছৰ তথ্য অনুসৰি, ডি এছ গ্ৰহ নিৰ্মাণৰ কাৰ্যালয়ৰ ঠিকনা হ’ল – প্ৰিমাইছেছ নাম্বাৰ ৭৫, প্ৰথম মহলা, মেটকাফে ষ্ট্ৰীট, বৌ বজাৰ, কলকাতা৷ ২০২০ চনৰ ৩১ মাৰ্চৰ তথ্য মতে, মুখ্যমন্ত্ৰীৰ শাহু তথা ৰিণিকি ভূঞা শৰ্মাৰ মাতৃ মীনা ভূঞাৰ ডি এছ গ্ৰহ নিৰ্মাণত আছে ২৮ লাখ টকাৰ শ্বেয়াৰ৷ কোম্পানীৰ মুঠ শ্বেয়াৰৰ এয়া ১৯.২৫ শতাংশ হ’ব৷ এই ডি এছ গ্ৰহ নিৰ্মাণৰ আকৌ চান্দমাৰী টী কোম্পানীত ৪,৫৭,৫০০ টকাৰ শ্বেয়াৰ আছে৷ ইয়াৰ পৰাই ওলাই পৰে যে মাকুমত থকা চান্দমাৰী টী ইষ্টেটৰ লগত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ পোনপটীয়া সংযোগ আছে৷

মন কৰিবলগীয়া কথাটো হ’ল, ডি এছ গ্ৰহ নিৰ্মাণ প্ৰাইভেট লিমিটেডৰ এগৰাকী প্ৰাক্তন সঞ্চালক আছিল মুখ্যমন্ত্ৰীৰ মাতৃ মৃণালিনী দেৱী৷ এই কোম্পানীটো গঠন কৰা হৈছিল ২০০৫ চনত৷ তেতিয়া ডি এছ গ্ৰহ নিৰ্মাণৰ সঞ্চালক আছিল দিলীপ কুমাৰ পাণ্টী আৰু ছৱন কুমাৰ বৰজাত্য নামৰ দুজন ব্যক্তি৷ কোম্পানীটোত ২০০৬ চনৰ ৬ জানুৱাৰীত সঞ্চালক হিচাপে নিযুক্ত হয় মুখ্যমন্ত্ৰীৰ মাতৃ মৃণালিনী দেৱী৷ মৃণালিনী দেৱীয়ে ২০০৬ চনৰ ২৮ আগষ্টত সঞ্চালক পদৰ পৰা পদত্যাগ কৰে৷ ইফালে, পাণ্টী আৰু বৰজাত্যৰ স্থানত মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ আন এজন ঘনিষ্ঠ ব্যক্তি ৰঞ্জিত ভট্টাচাৰ্যও ডি এছ গ্ৰহ নিৰ্মাণৰ সঞ্চালক পদত নিযুক্ত হয়৷ কিন্তু ২০১০ চনৰ ১৫ নৱেম্বৰত ৰঞ্জিত ভট্টাচাৰ্যই সঞ্চালকৰ পদ ত্যাগ কৰে আৰু তেওঁৰ স্থানত ডি এছ গ্ৰহ নিৰ্মাণত সঞ্চালকৰূপে প্ৰৱেশ ঘটে ভাস্কৰ শৰ্মাৰ৷

বিগত ৩০ মাৰ্চত ভাস্কৰ শৰ্মাৰ পৰা কেবাটাও প্ৰশ্নৰ উত্তৰ বিচাৰি ডি এছ গ্ৰহ নিৰ্মাণ কোম্পানীৰ ঠিকনালৈ ই মেইল প্ৰেৰণ কৰা হৈছিল যদিও তেওঁ এতিয়ালৈকে প্ৰশ্নৰ কোনো উত্তৰ প্ৰদান কৰা নাই ৷ ‘ দ্য ৱায়াৰ’ৰ তৰফৰ পৰা প্ৰেৰণ কৰা প্ৰশ্নসমূহ আছিল –কলকাতাৰ বৌবজাৰৰ মেটকাল্ফে ৰোডতে এতিয়াও আপোনালোকৰ কাৰ্যায়লয় আছেনে ? কোনে বৰ্তমান এই কোম্পানীটো পৰিচালনা কৰে বা পৰিচালন সঞ্চালক কোন , অনুগ্ৰহ কৰি আমাক জনাব পাৰিবনে ? এই প্ৰশ্নৰ উত্তৰ এতিয়াও পোৱা হোৱা নাই ৷ প্ৰত্যু্ত্তৰ লাভ কৰাৰ লগে লগে এই প্ৰতিবেদনৰ লগত সংযোগ কৰা হ’ব ৷

এটা গুৰুত্বপূৰ্ণ সংযোগ : তিনিটা কোম্পানীত উমৈহতীয়া বিনিয়োগ

ভাস্কৰ শৰ্মাৰ দৰেই ৰঞ্জিত ভট্টাচাৰ্যও মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ অতি ঘনিষ্ঠ আৰু বিশ্বাসী ব্যক্তি৷ তেওঁৰ ভূমিকাৰ কথা পোহৰলৈ আহিছিল দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ পূৰ্বৰ এক অনুসন্ধানত৷ উত্তৰ গুৱাহাটী আৰু পলাশবাৰীত চৰকাৰী আৰু চিলিং চৰকাৰী মাটি বে-আইনীভাৱে ক্ৰয় কৰিছিল আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড ( বৰ্তমান বশিষ্ঠ ৰিয়েলল্টৰ্ছ) নামৰ এটা কোম্পানীয়ে৷ এই কোম্পানীৰ প্ৰতিষ্ঠাপক সঞ্চালক আছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু এইগৰাকী ৰঞ্জিত ভট্টাচাৰ্য৷ ২০০৬ চনত স্থাপন হোৱা আৰ বি এছ ৰিয়েল্টৰ্ছত কলকাতাৰ ১৭ টাকৈ সন্দেহজনক কোম্পানীৰ জড়িয়তে বিনিয়োগ হৈছিল ২, ১৭ ,৪৫০০০ টকা৷

এই বিষয়ে সবিশেষ পঢ়িব পাৰিব ইয়াত-বে আইনী, অবৈধঃ সপৰিয়ালে হিমন্ত পত্নীৰ কোম্পানীৰ বৃহৎ ভূমি কেলেংকাৰী

২০০৯ চনত মুখ্যমন্ত্ৰীৰ পত্নীয়ে আৰ বি এছৰ সঞ্চালকৰ পদ ত্যাগ কৰে যদিও ৰঞ্জিত ভট্টাচাৰ্যৰ সৈতে অশোক ধানুকা নামৰ আন এগৰাকী ব্যক্তি সঞ্চালক হিচাপে নিযুক্ত হয়৷ অশোক ধানুকাও মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ অত্যন্ত ঘনিষ্ঠ হিচাপে পৰিচিত৷ তাৰ পাছতেই কলকাতাৰ কোম্পানীৰ শ্বেয়াৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লগত সম্পৰ্ক থকা বিভিন্ন ব্যক্তিলৈ হস্তান্তৰ হ’বলৈ ধৰে৷ ইয়াৰ ভিতৰত আছিল ভাস্কৰ শৰ্মা, তেওঁৰ পত্নী জিনা শৰ্মা, ভাতৃ সঞ্জীৱ শৰ্মা আৰু ভাস্কৰ শৰ্মাৰ শহুৰ মদন শৰ্মা আদি৷ ৰিণিকি ভূঞা শৰ্মাৰ মোমায়েক গুণ তামুলী ফুকনলৈও কলকাতাৰ কোম্পানীৰ শ্বেয়াৰ হস্তান্তৰ হয়৷

নতুন শ্বেয়াৰ হ’ল্ডাৰৰ প্ৰৱেশ ঘটাৰ পাছতেই আৰ বি এছ ৰিয়েল্টৰ্ছৰ নাম বশিষ্ঠ ৰিয়েল্টৰ্ছলৈ সলনি কৰা হয়৷ ২০১৭ চনত গুণ তামুলী ফুকনৰ হাতত থকা ১০০ টকা মূল্যৰ ২৩.৬১ শতাংশ শ্বেয়াৰ মুখ্যমন্ত্ৰীৰ শাহু মীনা ভূঞালৈ হস্তান্তৰ কৰা হয়৷ ইয়াৰ পাছত ২০১৯ৰ ১৯ ছেপ্তেম্বৰত মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ ১৮ বছৰ বয়স সম্পূৰ্ণ হোৱাৰ কিছুদিন পাছতেই মীনা ভূঞাৰ সমুদায় শ্বেয়াৰ নন্দিল বিশ্ব শৰ্মালৈ হস্তান্তৰ কৰা হয়৷ তাৰ লগে লগে বশিষ্ঠ ৰিয়েল্টৰ্ছত সৰ্বাধিক শ্বেয়াৰৰ গৰাকী হৈ পৰে নন্দিল বিশ্ব শৰ্মা৷ বাকী শ্বেয়াৰ এতিয়াও ভাস্কৰ শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ ব্যক্তিৰ হাততেই থাকি যায়৷

ভাস্কৰ শৰ্মা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ আন এটা কোম্পানী প্ৰাইড ইষ্ট এন্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰো সঞ্চালকৰ পদত আছে৷ এই কোম্পানীটোৰ আন সঞ্চালককেইজন হ’ল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা, পুত্ৰ নন্দিল বিশ্ব শৰ্মা আৰু কন্যা সুকন্যা শৰ্মা৷ প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট নিউজ লাইভ আৰু ৰং চেনেলৰ স্বত্বাধিকাৰী৷

দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ পূৰ্বৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছিল যে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা এসময়ত পদমাৱতী ট্ৰেডাৰ্ছ প্ৰাইভেট লিমিটেড নামৰ আন এটা কোম্পানীৰ সঞ্চালক আছিল৷ য’ত মুখ্যমন্ত্ৰীৰ প্ৰয়াত পিতৃ কৈলাশ নাথ শৰ্মাও সঞ্চালক আছিল৷ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰা  শপতনামাৰ  পৰাই এই কোম্পানীটোৰ নাম প্ৰথমবাৰৰ বাবে পোহৰলৈ আহিছিল৷ য’ত তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই পদমাৱতী ট্ৰেডাৰ্ছ প্ৰাইভেট লিমিটেডক ১০ লাখ টকা আদায় দিবলৈ থকা বুলি উল্লেখ কৰা হৈছিল৷ এই বিষয়ে সবিশেষ পঢ়িব পাৰিব ইয়াত-EXCLUSIVE: মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ, ৩৩ কোটিৰ কেলেংকাৰীত অভিযুক্তক অত্যাধিক লাভজনক দৰত ঠিকা

আন কোম্পানীকেইটাৰ দৰেই ২০০৬ চনত ৰিণিকি ভূঞা শৰ্মা পদমাৱতীৰ সঞ্চালক হোৱাৰ পাছতেই ১৪ টাকৈ কলকাতাৰ সন্দেহজনক কোম্পানীৰ জড়িয়তে বিনিয়োগ সম্পন্ন হৈছিল৷ কলকাতাৰ কোম্পানীকেইটাই পদমাৱতীত ৩ কোটি ৫০ লাখ টকাৰ শ্বেয়াৰ ক্ৰয় কৰিছিল৷ একেকেইটা কোম্পানীৰ জড়িয়তেই আৰ বি এছ ৰিয়েল্টৰ্ছ আৰু আন এটা কোম্পানীতো বিনিয়োগ সম্পন্ন হৈছিল৷

২০১০ চনত ৰিণিকি ভূঞা শৰ্মা আৰু কৈলাশ নাথ শৰ্মাই পদমাৱতীৰ সঞ্চালক পদ ত্যাগ কৰে আৰু তেওঁলোকৰ স্থানত সঞ্চালক হিচাপে নিযুক্ত হয় অশোক কুমাৰ ধানুকা আৰু তেওঁৰ পুত্ৰ ঘনশ্যাম দাস ধানুকা৷ এইগৰাকী ঘনশ্যাম দাস ধানুকাই হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী হৈ থকা সময়ত কেবা কোটি টকাৰ পি পি ই কীট আৰু ছেনিটাইজাৰ যোগানৰ ঠিকা লাভ কৰিছিল৷ এই বিষয়ে সবিশেষ পঢ়িব পাৰিব ইয়াত-EXCLUSIVE: ১৮ টকাৰ ছেনিটাইজাৰ ১০০ টকাত যোগান মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিজনেছ পাৰ্টনাৰ ধানুকাৰ

এই আটাইকেইটা কোম্পানীৰ বিনিয়োগৰ ইতিহাসে এটা কথাই প্ৰমাণ কৰে যে আৰ বি এছ ৰিয়েল্টৰ্ছেই হওক বা পদমাৱতীয়েই হওক বা ডি এছ গ্ৰহ নিৰ্মাণেই হওক ভাস্কৰ শৰ্মা, ৰঞ্জিত ভট্টাচাৰ্য আৰু মৃণালিনী দেৱী সঞ্চালক হিচাপে নিযুক্ত হোৱাৰ পাছতেই কলকাতাৰ সন্দেহজনক কোম্পানীৰ পৰা বিনিয়োগ আৰম্ভ হয়৷ এইদৰেই ডি এছ গ্ৰহ নিৰ্মাণতো কলকাতাৰ পৰা ৫১ টা কোম্পানীৰ জড়িয়তে  ৫ কোটি ১৪ লাখ ৩৬ হাজাৰ টকাৰ বিনিয়োগ সম্পন্ন হোৱাৰ তথ্য মিনিষ্ট্ৰী অৱ কৰ্প’ৰেট এফেয়াৰ্ছৰ পৰা লাভ কৰা গৈছে৷

কলকাতাৰ লগত বিনিয়োগৰ প্ৰত্যক্ষ সম্পৰ্ক

মন কৰিবলগীয়া বিষয়টো হ’ল  আৰ বি এছ ৰিয়েল্টৰ্ছ আৰু ডি এছ গ্ৰহ নিৰ্মাণত ১৩টাকৈ উমৈহতীয়া কলকাতাৰ কোম্পানীয়ে ধন বিনিয়োগ কৰিছিল৷ এই কোম্পানীকেইটা হ’ল– এলিগেন্স ট্ৰেড এণ্ড হোল্ডিং প্ৰাইভেট লিমিটেড, ৰেডিয়েণ্ট মাৰ্ছেণ্ডাইজ প্ৰাইভেট লিমিটেড, ডিংগো কমোডিল, অলিয়েণ্ডাৰ মেনুফেচাৰ্চ এণ্ড ক্ৰেডিট প্ৰাইভেট লিমিটেড, ইকোলাক বিনিময় প্ৰাইভেট লিমিটেড, য়ুলান মাৰ্কেটিং, নিলহাট প্ৰমোটৰ্ছ, শুভলক্ষ্মী ক’ল এণ্ড এক্সিম, চট্টিছগড় বিড়ি পট্টা প্ৰাইভেট লিমিটেড, হৰলালকা কমাৰ্ছিয়েল, ট্ৰিষ্টাৰ এজেন্সিজ, শুভৰেখা ব্যাপাৰ আৰু এছ কে ষ্টক ডিলাৰ্ছ৷

ইফালে, ডি এছ গ্ৰহ নিৰ্মাণত ধন বিনিয়োগ কৰা কলকাতাৰ ৫১ টা কোম্পানীৰ ভিতৰত ১৭ টা কোম্পানীৰ শ্বেয়াৰ এতিয়াও কোম্পানীটোত অক্ষত হৈ আছে৷ সেই কোম্পানীকেইটা হ’ল –সুনীমা ক্ৰেডিট প্ৰাইভেট লিমিটেড, ছিমপ্ৰ’ বাণিজ্য প্ৰাইভেট লিমিটেড, শুভ ছাপ্লায়াৰ্ছ প্ৰাইভেট লিমিটেড, শিৱ অৰ্পণ প্ৰাইভেট লিমিটেড, অৰিহন্ত এণ্টাৰপ্ৰাইজ, বিন্ধা এজেন্সীজ্, চেণ্ডেলিয়াৰ ট্ৰেকন, চানৰেইজ এজেন্সিজ, ছেফায়াৰ এক্সপোৰ্ট এণ্ড এজেন্সী, অৰিপ্লাষ্ট মাৰ্ছেণ্ডাইজ, কৰ্ণিকা ফিনান্সিয়েল ছাৰ্ভিজ, ৱেলন এডভাইজৰী, বনফুলচেল, হুগলী জুট মিল, কোয়েল ট্ৰেডকম, লেণ্ডমাৰ্ক ছাপ্লায়াৰ্ছ , উত্থান টাইআপ৷

এই বিনিয়োগৰ আন এটা মন কৰিবলগীয়া দিশ এয়াই যে সকলো লেনদেন শেষ হয় মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ হাতত৷ বিভিন্ন স্তৰত শ্বেয়াৰ হস্তান্তৰ হোৱাৰ পাছত শেষত শ্বেয়াৰৰ গৰাকী হৈ পৰে মুখ্যমন্ত্ৰীৰ পৰিয়াল৷ ডি এছ গ্ৰহ নিৰ্মাণতো  একেই প্ৰক্ৰিয়া দেখা গৈছে৷ বশিষ্ঠ ৰিয়েল্টৰ্ছত  শ্বেয়াৰ হস্তান্তৰ হৈছিল ভাস্কৰ শৰ্মা, ভাস্কৰ শৰ্মাৰ পৰিয়াল, ৰঞ্জিত ভট্টাচাৰ্য আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ মোমায়েক গুণ তামুলী ফুকনলৈ৷ একেদৰে ডি এছ গ্ৰহ নিৰ্মাণতো শ্বেয়াৰ হস্তান্তৰ হৈছে ভাস্কৰ শৰ্মা, ভাস্কৰ শৰ্মাৰ পৰিয়াল, ৰঞ্জিত ভট্টাচাৰ্য আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ মোমায়েক গুণ তামুলী ফুকনলৈ৷

মিনিষ্ট্ৰী অৱ কৰ্প’ৰেট এফেয়াৰ্ছৰ তথ্য অনুসৰি ২০০৮  আৰু ২০০৯ চনত  মদন চন্দ্ৰ শৰ্মালৈ পাঁচটা কোম্পানীৰ  ৭১ লাখ টকাৰ শ্বেয়াৰ, ২০০৯ চনত ভাস্কৰ শৰ্মালৈ তিনিটা কোম্পানীৰ ৯ লাখ টকাৰ শ্বেয়াৰ হস্তান্তৰ হয়৷ একেটা বছৰতে বুলু দেৱীলৈ নটা কোম্পানীৰ ২৮ লাখ টকাৰ শ্বেয়াৰ হস্তান্তৰ হয়৷ একেদৰে, দীপাংকৰ শৰ্মালৈ দুটা কোম্পানীৰ ১৩ লাখ ৮০ হাজাৰ টকাৰ শ্বেয়াৰ হস্তান্তৰ হয়৷ অন্যহাতে, মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ মোমায়েক গুণ তামুলী ফুকনলৈ এঘাৰটা কোম্পানীৰ ২৮ লাখ টকাৰ শ্বেয়াৰ হস্তান্তৰ হয়৷ ইফালে, ৰঞ্জিত ভট্টাচাৰ্যলৈও এটা কোম্পানীৰ  ৫ লাখ টকাৰ শ্বেয়াৰ হস্তান্তৰ হয়৷ এইদৰে গুণ তামুলী ফুকনলৈ ২০০৯ চনত কলকাতাৰ কোম্পানীৰ পৰা হস্তান্তৰ হয় ২ লাখ ৮০ হাজাৰটা শ্বেয়াৰ৷

বশিষ্ঠ ৰিয়েল্টৰ্ছত গুণ তামুলী ফুকনে শ্বেয়াৰ হস্তান্তৰ কৰিছিল মুখ্যমন্ত্ৰীৰ শাহু মীনা ভূঞালৈ৷ একেদৰে ডি এছ গ্ৰহ নিৰ্মাণতো  গুণ তামুলী ফুকনৰ শ্বেয়াৰ হস্তান্তৰ হৈছে মীনা  ভূঞালৈ৷ গুণ তামুলী ফুকনৰ সমুদায় শ্বেয়াৰ ২০১৬ চনৰ এপ্ৰিল মাহত হস্তান্তৰ হয় মীনা  ভূঞালৈ৷ বৰ্তমান ডি এছ গ্ৰহ নিৰ্মাণত মীনা ভূঞাৰ আছে ১৯.২৫ শতাংশ শ্বেয়াৰ৷

বশিষ্ঠ ৰিয়েল্টৰ্ছত মীনা ভূঞাই মুখ্যমন্ত্ৰীৰ পুত্ৰৰ ১৮ বছৰ সম্পূৰ্ণ হোৱাৰ পাছতেই শ্বেয়াৰ হস্তান্তৰ কৰিছিল নন্দিল বিশ্ব শৰ্মালৈ৷ যাৰ ফলত তেওঁ বশিষ্ঠ ৰিয়েল্টৰ্ছৰ একক সৰ্ববৃহৎ শ্বেয়াৰৰ গৰাকী হৈ পৰিছিল৷ ডি এছ গ্ৰহ নিৰ্মাণত মীনা ভূঞাৰ এতিয়াও শ্বেয়াৰ আছে৷ সেই সূত্ৰে চান্দমাৰী টী কোম্পানীতো তেওঁৰ অংশীদাৰিত্ব আছে৷

কলকাতাৰ কোম্পানীৰ ঠিকনাত কি দেখা গ’ল ?

পদমাৱতী আৰু বশিষ্ঠত বিনিয়োগ কৰা কেইবাটাও কোম্পানীৰ ঠিকনা আছিল একেটাই৷ দ্য ক্ৰছকাৰেণ্ট আৰু দ্য ৱায়াৰৰ পূৰ্বৰ প্ৰতিবেদনত এই তথ্য ইতিমধ্যে প্ৰকাশ পাইছে৷ ঠিক সেইদৰেই ডি এছ গ্ৰহ নিৰ্মাণতো বিনিয়োগ কৰা কেইবাটাও কোম্পানীৰ একেটাই ঠিকনা দেখা গৈছে৷ পূৰ্বৰ অনুসন্ধানৰ সময়ছোৱাত দ্য ৱায়াৰৰ প্ৰতিনিধিয়ে তেনেকুৱা কেইবাটাও কোম্পানীৰ ঠিকনা অনুসন্ধান কৰিছিল, যিয়ে বশিষ্ঠ ৰিয়েল্টৰ্ছ আৰু পদমাৱতীত ধন বিনিয়োগ কৰিছিল৷ তেনে এটা কোম্পানীৰ ঠিকনাৰ ফটো তলত দেখিবলৈ পাব।

মুখ্যমন্ত্ৰীৰ পৰিয়াল জড়িত থকা কোম্পানীত ধন বিনিয়োগ কৰা কলকাতাৰ কোম্পানীৰ কাৰ্যালয় বুলি উল্লেখ কৰা ঘৰৰ দৃশ্য। ফটোঃ স্নিগ্ধেন্দু ভট্টাচাৰ্য।

এইবাৰ দ্য ৱায়াৰৰ প্ৰতিনিধি উপস্থিত হ’ল ডি এছ গ্ৰহ নিৰ্মাণে মিনিষ্ট্ৰী অৱ কৰ্প’ৰেট এফেয়াৰ্ছক দিয়া ঠিকনাত৷ ডি এছ গ্ৰহ নিৰ্মাণে উল্লেখ কৰা ৭৫, মেটকাফে ৰোড, বৌ বজাৰ অৱস্থিত এখন বজাৰৰ মাজত৷ কিন্তু তাত উপস্থিত হৈ দ্য ৱায়াৰৰ প্ৰতিনিধিয়ে ডি এছ গ্ৰহ নিৰ্মাণৰ কোনো কাৰ্যালয় বিচাৰি নাপালে৷ উক্ত ঠিকনাত লেটাৰ কাটিঙৰ দোকান এখনহে দেখা গ’ল৷ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লগত পোনপটীয়া সম্পৰ্ক থকা ডি এছ গ্ৰহ নিৰ্মাণৰ কাৰ্যালয়ৰ ঠিকনাৰ এটা ভিডিঅ’ এই প্ৰতিবেদনৰ লগত সন্নিৱিষ্ট কৰা হ’ল৷

(ভিডিঅ’ৰ বাবে ইয়াত ক্লিক কৰক)

উল্লেখ্য যে ২০২২ চনৰ মাৰ্চত ৰাজ্যসভাত কৰ্প’ৰেট এফেয়াৰ্ছ মন্ত্ৰী ৰাও গজেন্দ্ৰ সিঙে এক প্ৰশ্নৰ উত্তৰত শ্বেল কোম্পানী সন্দৰ্ভত  উল্লেখ কৰিছিল যে নিৰ্দিষ্ট সম্পত্তি আৰু ব্যৱসায় অবিহনে এই কোম্পানীসমূহে কাম কৰি থাকে৷ বহুক্ষেত্ৰত কৰ ফাঁকি, ধনৰ অবৈধ সৰবৰাহ আৰু বেনামী সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত এই কোম্পানীসমূহক ব্যৱহাৰ কৰা দেখা যায়৷

২০১৮ চনত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে এক প্ৰেছ বিবৃতিত সদৰী কৰিছিল যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এনে শ্বেল কোম্পানীসমূহ চিনাক্ত কৰিবলৈ এটা টাস্ক ফ’ৰ্চ গঠন কৰিছে৷ এনে কোম্পানীৰ কৰ ফাঁকিকে ধৰি  অবৈধ কাম-কাজসমূহৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন সংস্থাৰ সহযোগিতাৰে কাম কৰিবলৈ এই টাস্ক ফ’ৰ্চক নিৰ্দেশ দিয়া হৈছে৷ প্ৰেছ বিবৃতিত উল্লেখ থকা অনুসৰি, ২০১৭-১৮ বৰ্ষত এনে ২,২৬,১৬৬ টা কোম্পানী চিনাক্ত কৰা হৈছে আৰু ৩,০৯,৬১৯ জন সঞ্চালকক অযোগ্য ঘোষণা কৰা হৈছে৷

২০১৯ চনত বিত্ত মন্ত্ৰালয়ৰ আন এক বিবৃতিত চৰকাৰে ১৬,৫৩৭ টা এনে কোম্পানী চিনাক্ত কৰাৰ কথা ঘোষণা কৰিছিল৷ লগতে টাস্ক ফ’ৰ্চেও এনে এখন সন্দেহজনক কোম্পানীৰ তালিকা পৰীক্ষা কৰি থকাৰ কথা সদৰী কৰিছিল৷ ২০২২ চনৰ ১৫ মাৰ্চৰ চৰকাৰী তথ্য অনুসৰি, ২০২০-২১ বৰ্ষ পৰ্যন্ত ৩ লাখ ৮২ হাজাৰটা শ্বেল কোম্পানী বন্ধ কৰি দিয়া হৈছে৷

চৰকাৰী তথ্য অনুসৰি, মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লগত সম্পৰ্ক থকা কলকাতাৰ কেবাটাও কোম্পানীৰ ঠিকনা পৰিদৰ্শন কৰি তাত কোনো কৰ্প’ৰেট কাৰ্যালয় বা ব্যৱসায়িক কাৰ্যকলাপ বিচাৰি পোৱা নগ’ল৷ ইয়ে নিশ্চয় অনেক প্ৰশ্নৰ উদয় কৰিব৷ কাৰণ, চান্দমাৰী টী কোম্পানী, বশিষ্ঠ ৰিয়েল্টৰ্ছ, পদমাৱতী ট্ৰেডাৰ্ছত কলকাতাৰ এনে কোম্পানীৰ জৰিয়তেই বিনিয়োগ হৈছে ১১ কোটি ১৮ লাখ ৮১ হাজাৰ টকা৷

ফ্লাই অ’ভাৰ উদ্বোধনৰ ৫ মাহ পাছত উদ্বোধনী অনুষ্ঠানত সাজ-সজ্জাৰ নিবিদা সন্দৰ্ভত আৰু ডি এছ গ্ৰহ নিৰ্মাণ কোম্পানীত কলকাতাৰ পৰা হোৱা বিনিয়োগ সন্দৰ্ভত সংশ্লিষ্ট বিভাগ আৰু কোম্পানীৰ মতামত জানিবলৈ আমাৰ প্ৰশ্নাৱলী প্ৰেৰণ কৰা হৈছে। তেওঁলোকৰ উত্তৰ লাভ কৰিলেই এই প্ৰতিবেদনৰ সৈতে সংযোজন কৰা হ’ব।
Leave A Reply

Your email address will not be published.