• ৬ মে’ত লখিমপুৰৰ পৰা ৬ লাখ টকা আনিছিল জোনমণি ৰাভাই
  • লখিমপুৰত জোনমণিৰ বিৰুদ্ধে ১৫ মে’ত ৰুজু হৈছিল গোচৰ
  • ভাৰতীয় দণ্ডবিধিৰ ১২০(বি) , ৩৯৫ , ৩৯৭ , ৩৪২ আৰু ৩৮৭ ধাৰাৰ অধীনত গোচৰ
  • কোনে লখিমপুৰলৈ প্ৰেৰণ কৰিছিল জোনমণি ৰাভাক ?
  • কোনে জোনমণিৰ ঘৰৰ পৰা নিশা উদ্ধাৰ কৰিছিল টকা ?
  • জোনমণিৰ মৃত্যু দুৰ্ঘটনা নে হত্যা ?

এছ আই জোনমনি ৰাভাৰ মৃত্যুৰ ঘটনাই এক নতুন মোৰ লৈছে ৷ মৃত্যুৰ পূৰ্বে লখিমপুৰ থানাত ৰুজু হৈছিল জোনমণি ৰাভাৰ বিৰুদ্ধে ৬ লাখ টকা ধন দাবীৰ গোচৰ ৷বিগত ১৫ মে’ত আমিনা খাতুন নামৰ লখিমপুৰৰ বৰছলাৰ এগৰাকী মহিলাই জোনমণি ৰাভাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল৷ এই এজাহাৰৰ পাছতেই উত্তৰ লখিমপুৰ থানাত জোনমণি ৰাভাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০(বি) , ৩৯৫ , ৩৯৭ , ৩৪২ আৰু ৩৮৭ ধাৰাৰ অধীনত গোচৰ ৰুজু হৈছিল ৷

 

 

আমিনা খাতুন নামৰ মহিলাগৰাকীয়ে এজাহাৰত উল্লেখ কৰা অনুসৰি , বিগত ৬ মে’ৰ নিশা প্ৰায় ২ বজাত নগাঁৱৰ এছ আই জোনমণি ৰাভাই মুৰমহম্মদ কালিয়া , আজিমুদ্দিন , মুস্তাক আহমেদ , মুক্তাৰ হুছেইন , আটাবুৰ ৰহমান , নজৰুল ইছলাম আৰু ৰিয়াজুল ইছলামৰ সৈতে উপস্থিত হৈছিল আমিনা খাতুনৰ ঘৰত ৷

তাৰ পাছত আমিনা খাতুনৰ পুত্ৰ আজগৰ আলিক প্ৰহাৰ কৰি নিজৰ লগত লৈ গৈছিল ৷ আগজৰ আলীৰ লগতে জোনমণি ৰাভা আৰু অন্যান্যসকলে নগদ ৮০ হাজাৰ টকা , ভোটাৰ আই ডি , পান কাৰ্ড আৰু আজগৰৰ পত্নীৰ সোণৰ অলংকাৰো কাঢ়ি নিয়ে ৷ আনকি আজগৰৰ ভাতৃ আবু তালেবৰ ব্ৰীজা গাড়ীখনো জোনমণি ৰাভাৰ দলটোৱে লৈ যোৱা বুলি এজাহাৰত উল্লেখ আছে ৷

সেইদিনা পুৱা জোনমণি ৰাভাই আমিনা খাতুনক ৬ লাখ টকাসহ গহপুৰৰ অৰুণাচল বাইপাছলৈ মাতি পঠিয়াই ৷ জোনমণি ৰাভাক ৬ লাখ টকা আদায় দিয়াৰ পাছত ব্ৰীজা গাড়ী আৰু আজগৰ আলীক মোকলাই দিয়া হয় ৷ এই ৬ লাখ টকাৰ ভিতৰত ৯০ হাজাৰ টকা আন এজন অভিযুক্ত ৰিয়াজুলক ইউ পি আই আই ডিৰ জড়িয়তেও আদায় দিয়া হৈছিল বুলি এজাহাৰত উল্লেখ আছে ৷ ইয়াৰ পাছত জোনমণি ৰাভাই আজগৰক ভাবুকি দিছিল যে যদি এই কথা আন কাৰোবাক জনায় , তেনেহ’লে ভৰিত গুলী কৰি জে’ললৈ প্ৰেৰণ কৰিব ৷

৬ মে’ৰ মাজনিশাৰ এই ঘটনাৰ পাছত আজগৰৰ পৰিয়াল নীৰৱে থাকে যদিও বিগত ১৫মে’ত জোনমণি ৰাভা আৰু আন আন অভিযুক্তসকলৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ থানাত এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰৰ ভিত্তিতেই ভাৰতীয় দণ্ডবিধিৰ ১২০(বি) , ৩৯৫ , ৩৯৭ , ৩৪২ আৰু ৩৮৭ ধাৰাৰ অধীনত গোচৰ ৰুজু হৈছিল ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296