The CrossCurrent Bureau

The CrossCurrent Bureau

ক’ৰোনা : চীনক অতিক্ৰম কৰিলে ভাৰতে

ভাৰতত অব্যাহত আছে ক’ৰোনাৰ দ্ৰুত সংক্ৰমন৷ শুক্ৰবাৰৰ দিনটোত পুণৰ ৩ হাজাৰৰো অধিক লোকৰ দেহলৈ সংক্ৰমিত হয় ন’ভেল ক’ৰোনা ভাইৰাছ- • . ভাৰতৰ ক’ৰোনা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে চীনক ৷ যোৱা ২৪ ঘন্টাত দেশত ৩,৯৭০ গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হয়৷…

১৬ মে’ : বিজ্ঞানৰ বাবে আজিৰ দিনটো কিয় গুৰুত্বপূৰ্ণ ?

১৯৭৪: ইজৰাইলৰ যুদ্ধবিমানে ফিলিস্থান আৰু দক্ষিণ লেবাননত বোমা নিক্ষেপ কৰে৷ ২৭ লোকৰ মৃত্যু আৰু ১৩৮ আহত৷ ১৯৭৫: দেশৰ ২২ তম্ ৰাজ্য হিচাপে ছিকিমৰ গঠন৷ ১৯৯৬: ভাৰতৰ দশম গৰাকী প্ৰধানমন্ত্ৰী হিচাপে অটল বিহাৰী বাজপেয়ীৰ শপতগ্ৰহণ৷ ২০০৬: কৃত্ৰিম ভৰিৰে এভাৰেষ্টত প্ৰথমবাৰৰ বাবে…

৮৯ : পুনৰ গুৱাহাটীত তিনিগৰাকী ক’ৰোনা ৰোগী

আকৌ বেয়া খবৰ ৷ নতুনকৈ তিনিগৰাকী হ’ল কোভিদত আক্ৰান্ত ৷ অসমত ক’ৰোণা আক্ৰান্তৰ সংখ্যা বাঢ়িল ৮৯ লৈ ৷শেহতীয়া খবৰ অনুসৰি সৰুসজাই চেন্টাৰত চিহ্নিত হৈছে এগৰাকী ৰোগী ৷ Gmch ত চিকিৎসাধীন এগৰাকীও হৈছে ক’ভিডাক্ৰান্ত ৷ আনগৰাকী পশ্চিমবংগৰ জনালে মন্ত্ৰী হিমন্তবিশ্বই ৷

আৰু কিমান দিনলৈ লকডাউন বৃদ্ধিৰ পোষকতা অসম চৰকাৰৰ?

অসমত দুসপ্তাহ বৃদ্ধি হ’ব পাৰে লকডাউন৷ কেৱল অসমেই নহয় ,সমগ্ৰ দেশত দুসপ্তাহ লকডাউন বৃদ্ধি কৰাৰ পোষকতা কৰিছে অসম চৰকাৰে৷ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক আনুষ্ঠানিক পৰামৰ্শও আগবঢ়াইছে৷ উল্লেখ্য যে , লকডাউন ৪.০ সন্দৰ্ভত ৰাজ্য চৰকাৰসমূহৰ পৰা পৰামৰ্শ বিচাৰিছিল কেন্দ্ৰীয় চৰকাৰে৷ অসম…

ক’ৰোনা : ১ লাখৰ সংখ্যা অতিক্ৰম কৰাৰ দিশে ভাৰত

ভাৰতত যোৱা দুদিন ধৰি ১০.৫ % হাৰত ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে৷ আজি পুৱাৰ ভাগলৈ দেশত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হৈছে ৮১,৯৭০ ৷ যোৱা বুধবাৰে এই সংখ্যা আছিল ৭৪,২৮১ ৷কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে আজি পুৱা এই তথ্য প্ৰকাশ কৰিছে৷ যদি একেই হাৰত…

আজি ১৫ মে’ পৰিয়ালৰ সৈতে কটোৱাৰ দিন কিয়?

আজি ১৫ মে’৷ আজি আন্তৰ্জাতিক পৰিয়াল দিৱস৷ একাকীত্বৰ পৰা মুকলি হৈ আজি পৰিয়ালৰ সৈতে কটোৱাৰ দিন৷ ১৯৯৪ ত ৰাষ্ট্ৰসংঘই এই দিনটোক পৰিয়াল দিৱস হিচাপে ঘোষণা কৰে৷ ১৯০৭: শ্বহীদ ভগত সিঙ আৰু ৰাজগুৰুৰ লগত হাঁহি হাঁহি ফাঁচী কাঠত ওলোমা সুখদেৱৰ জন্ম৷…

হার্ভার্ড বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত শংকৰদেৱ বিষয়ক প্রৱন্ধ অন্তৰ্ভুক্ত হোৱাৰ বাতৰি ভুৱা

কেইদিনমানৰ আগতে অসমৰ বাতৰিকাকত আৰু নিউজ চেনেলসমূহত প্ৰকাশ পাইছিল এটা ভাল খবৰ। এই ভাল খবৰটো আছিল যে অসমৰ এজন শিক্ষাবিদে শংকৰদেৱৰ বিষয়ে লিখা ৰচনা এখন অন্তৰ্ভুক্ত হৈছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ধৰ্ম বিষয়ক পাঠ্যক্ৰমত।অসমৰ লগতে সৰ্বভাৰতীয় সংবাদমাধ্যমসমূহতো এই বাতৰিটোৱে প্ৰাধান্য পাইছিল। শিক্ষাবিদ…

অসমত আৰু ৭ জন ক’ৰোনাত আক্ৰান্ত

মুম্বাইৰ পৰা অহা অহা ৪ গৰাকী ৰোগী আৰু ৩ গৰাকী ৰোগীৰ আত্মীয় ক’ৰোনাত আক্ৰান্ত হৈছে৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰী কৰিছে এই কথা৷ আক্ৰান্ত লোককেইজনৰ মাজত এজন ১৩ বছৰীয়া কিশোৰো আছে৷ আন তিনি গৰাকী কৰ্কট ৰোগী মনোৰঞ্জন সাহা,প্ৰদীপ বণিয়া,গোপীন্দ্ৰ…

ভোকেল ফৰ লোকেল : চেতন ভগতে এয়া কি ক’লে ?

আত্মনিৰ্ভৰশীল ভাৰত অভিযানৰ ঘোষণা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক ‘ভোকেল ফৰ লোকেল’ হ’বলৈ আহ্বান জনাইছিল৷ মঙলবাৰে কৰা সম্বোধনৰ সময়ত তেওঁ স্থানীয়ভাৱে উৎপাদিত সামগ্ৰী ক্ৰয় কৰাৰ আহ্বানো জনাইছিল৷ কিন্তু মোদীৰ সমৰ্থক বুলি পৰিচিত জনপ্ৰিয় লেখক চেতন ভগতে এইবাৰ প্ৰধানমন্ত্ৰীগৰাকীক এক টুইটযোগে…