সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

হার্ভার্ড বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত শংকৰদেৱ বিষয়ক প্রৱন্ধ অন্তৰ্ভুক্ত হোৱাৰ বাতৰি ভুৱা

কেইদিনমানৰ আগতে অসমৰ বাতৰিকাকত আৰু নিউজ চেনেলসমূহত প্ৰকাশ পাইছিল এটা ভাল খবৰ। এই ভাল খবৰটো আছিল যে অসমৰ এজন শিক্ষাবিদে শংকৰদেৱৰ বিষয়ে লিখা ৰচনা এখন অন্তৰ্ভুক্ত হৈছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ধৰ্ম বিষয়ক পাঠ্যক্ৰমত।অসমৰ লগতে সৰ্বভাৰতীয় সংবাদমাধ্যমসমূহতো এই বাতৰিটোৱে প্ৰাধান্য পাইছিল। শিক্ষাবিদ ডঃ সঞ্জীৱ কুমাৰ বৰকাকতীয়ে পোন্ধৰ শতিকাৰ বৈষ্ণৱ মহাপুৰুষ শংকৰদেবৰ বিষয়ে লিখা এই ৰচনাই হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পাঠক্ৰমত স্থান পোৱা বাতৰি The Print আৰু The Hindu-ৰ দৰে আগশাৰীৰ সংবাদ-আলোচনীসমূহতো প্ৰকাশ পাইছিল ডাঙৰ শিৰোনামেৰে। কিন্তু পৰিবেশিত এই বাতৰিসমূহত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ কোনো বিবৃতি অথবা এই তথ্যৰ সত্যাসত্যৰ কোনো উৎস প্ৰকাশ কৰা হোৱা নাছিল। সেয়ে অশোকা বিশ্ববিদ্যালয়ৰৰ জ্যোতিৰ্ময় তালুকদাৰ নামৰ এগৰাকী চিনিয়ৰ ৰাইটিং ফেল’য়ে এই বিষয়ে অধিক তথ্য গোটাবৰ বাবে ডঃ বৰকাকতী নামৰ শিক্ষাবিদগৰাকীৰ সৈতে যোগাযোগ কৰে। ডঃ বৰকাকতীয়ে ৰচনাখন প্ৰকাশ হোৱা হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এটা ৱেবচাইটৰ লিংক জ্যোতিৰ্ময় তালুকদাৰক দিয়ে। কিন্তু বৰকটকীয়ে যোগান ধৰা লিংকটোত ক্লিক কৰাত খোল খায় Course Hero নামৰ এটা অনলাইন লাৰ্নিং প্লেটফৰ্মৰৰ ৱেবচাইটহে। Course Hero হ’ল এটা ৱেবচাইট য’ত শিক্ষাৰ্থীয়ে নিজৰ ক্লাছ নোটছ্ (Notes) আদিৰ আদান-প্ৰদান কৰিব পাৰে। সহজভাবে কবলৈ গ’লে Course Hero এখন অনলাইন গাইডবুক যি আমেৰিকা বা বিশ্বৰ আন কোনো বিশ্ববিদ্যালয়ৰে অন্তৰ্গত নহয়। যিকোনো এগৰাকী ইউজাৰেই বিশ্বৰ যিকোনো ঠাইৰপৰাই লগ-ইন কৰি ইয়াত যিকোনো ৰচনা আপলোড কৰিব পাৰে। বৰকাকতীৰ এই ৰচনা Course Hero ৱেবচাইটৰ Notes শিতানত আপলোড কৰা হৈছে। শিক্ষকৰ স্থানত নাম দিয়া হৈছে JOHN। আপলোড কৰা ব্যক্তিগৰাকীৰ ইউজাৰ-আইডি iy155ygc। Course Hero-ৰ যে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ লগত কোনো সম্পৰ্ক নাই সেই কথা ৱেবচাইটোৰ ওপৰফালে স্পষ্টকৈ লিখা আছে – “We aren’t endorsed by this school.”।

এই বিষয়ে অধিক জানিবৰ বাবে তালুকদাৰে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ধৰ্ম পাঠ্যক্ৰমৰ কমিটিৰ সৈতে ইমেইলযোগে যোগাযোগ কৰে। কিন্তু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ উত্তৰত প্ৰকাশ পায় আশ্চৰ্যজনক তথ্য। Course Hero-ত আপলোড হোৱা ৰচনাখনৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ সৈতে কোনো সম্পৰ্ক থকাৰ কথা বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই অস্বীকাৰ কৰে। লগতে এইয়াও জনায় যে JOHN নামৰ কোনো অধ্যাপকে ধৰ্ম বিষয়ক পাঠ্যক্ৰম বা কৰ্ছ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত পঢ়োৱা নাই।

হার্ভার্ড বিশ্ববিদ্যালয়ৰ ইমেইল

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.