সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ৰোনা : চীনক অতিক্ৰম কৰিলে ভাৰতে

ভাৰতত অব্যাহত আছে ক’ৰোনাৰ দ্ৰুত সংক্ৰমন৷ শুক্ৰবাৰৰ দিনটোত পুণৰ ৩ হাজাৰৰো অধিক লোকৰ দেহলৈ সংক্ৰমিত হয় ন’ভেল ক’ৰোনা ভাইৰাছ-
• . ভাৰতৰ ক’ৰোনা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে চীনক ৷ যোৱা ২৪ ঘন্টাত দেশত ৩,৯৭০ গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হয়৷ বৰ্তমান দেশত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’ল ৮৫,৯৪০৷
• ক’ৰোনাৰ সংক্ৰমণৰ ফলত ভাৰতত মৃত্যু হৈছে ২,৭৫২ গৰাকী লোকৰ৷ শুক্ৰবাৰৰ দিনটোত মৃত্যুমুখত পৰে ১০৩ গৰাকী ৰোগী৷ কেৱল মহাৰাষ্ট্ৰতে এদিনত ৪৯ জনৰ মৃত্যু হয়৷
• বৰ্তমান দেশত ৫৩,০৩৫ গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে ৷ ৩০,১৫২ গৰাকী অৰ্থাৎ ৩৩% ৰোগী ইতিমধ্যে সুস্থ হৈ উঠিছে৷
• মহাৰাষ্ট্ৰ , তামিলনাডু ,গুজৰাট আৰু দিল্লীত ক’ৰোনা সংক্ৰমনৰ হাৰ সৰ্বাধিক৷ অসমত এতিয়ালৈকে ৮৯ টা ক’ৰোনা সংক্ৰমনৰ ঘটনা ধৰা পৰিছে আৰু ৪১ গৰাকী ৰোগী এতিয়া সুস্থ হৈ উঠিছে৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.