নাটোৰ ভূমিকাত তীব্ৰ অসন্তুষ্টি ইউক্ৰেইনৰ

Share This Article

 

নাটোৰ ভূমিকাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি বোলোডিমিৰ জেলেনস্কিয়ে ৷ তেওঁ প্ৰতিবেশী ৰাষ্ট্ৰসমূহক তেওঁলোকৰ আকাশমাৰ্গ ন’ ফ্লাই জ’ন হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনাইছিল ৷ কিন্তু নাটোয়ে সেই আহ্বান নস্যাৎ কৰে ৷ ইয়াকে লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে নাটোৰ এই সিদ্ধান্ত ইউক্ৰেইনৰ গাওঁসমূহত বোমাবৰ্ষণ কৰিবলৈ দিয়া সেউজ সংকেত ৷ জেলেনস্কিৰ আবেগিক মন্তব্য,’আজিৰে পৰা যিমান মানুহ মৰিব , তাৰ বাবে জগৰীয়া হ’ব আপোনালোক ৷ আপোনালোকৰ দুৰ্বলতা আৰু আপোনালোকৰ একতাৰ অভাৱৰ বাবেই মৃত্যু হ’ব বহুতৰ৷’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.