ইউক্ৰেইনত ইটোৰ পাছত সিটো মিছাইলেৰে আক্ৰমণ : দ্বিতীয় বিশ্বযুদ্ধৰ দৰে পৰিৱেশ

Share This Article

ইটোৰ পাছত সিটো মিছাইল আক্ৰমণত ক্ৰমাৎ বিধ্বস্ত হৈ পৰিছে ইউক্ৰেইন ৷ এনে পৰিস্থিতিত ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী দিমিত্ৰো কুলেবাই কয় যে ৰাজধানী কীৱত ৰাছিয়াই ভয়ানক ৰকেট আক্ৰমণ সংঘটিত কৰিছে ৷ ১৯৪১ চনত শেষৰবাৰৰ বাবে এই চহৰ এনে ভয়াৱহ অভিজ্ঞতাৰ সন্মুখীন হৈছিল ৷ যেতিয়া নাজী বাহিনীয়ে এনেদৰে আক্ৰমণ চলাইছিল ৷ ইউক্ৰেইনে সেই দৈত্যক পৰাজিত কৰিছিল আৰু এইবাৰো পৰাজিত কৰিব ৷ ৰাছিয়াৰ লগত সকলো সম্পৰ্ক ত্যাগ কৰিবলৈ তেও বিশ্ববাসীক আহ্বান জনাইছে ৷ ইপিনে ৰাছিয়াৰ সেনাৰ আগ্ৰাসন ৰুধিবলৈ ইউক্ৰেইনৰ ঠায়ে ঠায়ে দলঙ – পথৰ যোগাযোগ বিচ্ছিন্ন কৰি দিয়াৰো খবৰ ওলাইছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.