সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আকৌ আহি আছে ‘টিকটক’

চীনৰ লগত সম্পৰ্কৰ অৱনতি হোৱাৰ পাছতে ভাৰতত নিষিদ্ধ কৰা হ’ল জনপ্ৰিয় ছ’চিয়েল নেটৱৰ্কিঙ চাইট টিকটক ৷ কিন্তু টিকটক শীঘ্ৰেই বজাৰলৈ উভতি অহাৰ প্ৰৱল সম্ভাৱনা আছে ৷ কিন্তু এইবাৰ টিকটকৰ মালিকানা সলনি হ’ব ৷ সকলো ঠিকমতে আগবাঢ়িলে অহা ১৫ ছেপ্তেম্বৰৰ ভিতৰত কেবাখনো দেশৰ টিকটকৰ মালিকানা ক্ৰয় কৰিব বিশ্বখ্যাত তথ্যপ্ৰযুক্তি সংস্থা মাইক্ৰ’ছফটে ৷ টিকটকৰ প্ৰকৃত স্বত্বাধিকাৰী , চীনা কোম্পানী বাইটডান্সৰ পৰা টিকটকৰ স্বত্ব ক্ৰয় কৰিবলৈ সাজু হৈছে মাইক্ৰ’ছফট ৷

এই ব্যৱসায়িক চুক্তিৰ মধ্যস্থতা কৰিছে খোদ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’ণাল্ড ট্ৰাম্পে ৷ উল্লেখ্য যে ভাৰতত নিষিদ্ধ কৰাৰ পাছত আমেৰিকাতো টিকটক নিষিদ্ধ কৰাৰ ভাবুকি দিছিল ট্ৰাম্পে ৷ ট্ৰাম্প চৰকাৰৰ অভিযোগ – এই এপৰ আঁৰত চীনা চৰকাৰৰ হাত আছে আৰু ইয়াৰ জৰিয়তে তথ্য চুৰি কৰা হয় ৷ টিকটকৰ ওপৰত এইদৰে চাপ সৃষ্টি হোৱাৰ পাছতে মাৰ্কিন চৰকাৰৰ সহযোগত টিকটকৰ মালিকানা ক্ৰয় কৰিবলৈ আগবাঢ়িছে মাইক্ৰ’ছফট ৷ মাইক্ৰ’ছফটৰ পৰাও নিশ্চিত কৰা হৈছে যে অহা ১৫ ছেপ্তেম্বৰৰ ভিতৰত আমেৰিকা , কানাডা , নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ দৰে কেবাখনো দেশত টিকটকৰ মালিকানা ক্ৰয় কৰা হ’ব ৷ মাইক্ৰ’ছফটৰ চি ই ও তথা ভাৰতীয় ব্যৱসায়ী সত্য নাডেলাই ইতিমধ্যে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ লগত এই ব্যৱসায়িক চুক্তি সম্পৰ্কীয় সকলো কথা বতৰা চূড়ান্ত কৰিছে ৷ এনেদৰে নতুন মালিকানাৰ আধাৰত কম দিনৰ ভিতৰত ভাৰততো পুণৰ টিকটক উপলব্ধ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

Leave A Reply

Your email address will not be published.