মাহ ডিচেম্বৰ 2022

মাৰোৱাৰী পট্টীত জুই !

কালি নিশা প্ৰায় ১০ বজাত যোৰহাটৰ মাৰোৱাৰী ঠাকুৰবাৰীৰ সন্মুখৰ মাৰোৱাৰী পট্টীৰ প্ৰায় দহ বাৰ খনকৈ ব্যৱসায় প্ৰতিষ্ঠান জুইত জাহ যায় ।প্ৰথমে এখন দোকানত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলত অগ্নিৰ সূত্ৰপাত হয় বুলি সন্দেহ কৰা হয় আৰু তাৰ পাচত জুই দহ…

মুখ্যমন্ত্ৰীৰ লগত ছাঁৰ দৰে কিয় থাকে তুলিৰাম ৰংহাং?

এজন বিশেষ ব্যক্তি ! আগতে তেওঁক কোনেও চিনি পোৱা নাছিল ! কিন্তু এতিয়া এই মুখ খন সকলোৰে চিনাকি !মুখ্যমন্ত্ৰী য’তেই যায় তাতেই দেখিব এই মানুহজনক !আনকি সৌ সিদিনা অৰুণোদয় ২.২ আঁচনি মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগত দিল্লীতো উপস্থিত আছিল মানুহজন !এই…

চিলনী চোৰ এইবাৰ ডিফুত

মঙ্গলবাৰে দুপৰীয়া ডিফু ষ্টেট বেংকৰ এজন গ্ৰাহকৰ পৰা নগদ ২২ লাখ টকা লৈ উধাও হোৱাৰ চেষ্টা কৰিছিল চোৰটোৱে ।আৰক্ষী বিষয়া আৰু স্থানীয় লোকৰ তৎপৰতাত কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল চিলনী চোৰটোক।এই সন্দৰ্ভত ডিফু থানা ত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০( B) /৩৯২…

সুৰা সেৱনত নিষেধাজ্ঞা বনভোজস্থলীত !

তিনিচুকীয়া জিলাৰ বিভিন্ন বনভোজস্থলী/নদীঘাটসমূহ আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলৰ প্ৰাকৃতিক পৰিবেশৰ ৰক্ষণাবেক্ষণ তথা জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলা দণ্ডাধীশ শ্ৰী নৰসিং পৱাৰে সমগ্ৰ জিলাতে তাৎক্ষণিকভাবে বলৱৎ হোৱাকৈ ১৪৪ ধাৰা জাৰি কৰিছে। বনভোজস্থলী তথা নদীঘাটসমূহত পৰিবেশ বিনষ্টকাৰী প্লাষ্টিক তথা প্লাষ্টিকজাতীয় সামগ্ৰীৰ…

বছৰটোত মাত্ৰ ৪০ দিন পাঠদান চৰকাৰী বিদ্যালয়ত !

ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ বুধবাৰে অসম বিধানসভাৰ মজিয়াত উদঙাই দিলে বিধায়ক অখিল গগৈয়ে।যোৱা ১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা নতুন শিক্ষাবৰ্ষটোত বৰ্তমানলৈকে ৪০ দিনো ভালদৰে পাঠদান নোহোৱাৰ অভিযোগ শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীৰ। ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ…

হাতুৰীৰ কোব পৰিব ৰবীন্দ্ৰ ভৱনত

বহু শিল্পী-কলা কুশলীৰ স্মৃতি বিজড়িত ৰবীন্দ্ৰ ভৱন ভাঙি পেলোৱাৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে ।অতি শীঘ্ৰে ভাঙি পেলোৱা হ’ব ৰবীন্দ্ৰ ভৱন ।গুৱাহাটীৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰাণকেন্দ্ৰস্বৰূপ ৰবীন্দ্ৰ ভৱনত শীঘ্ৰে পৰিব হাতুৰীৰ কোব । তাক লৈ এতিয়া ব্যাপক চৰ্চা হৈছে সাংস্কৃতিক ক্ষেত্ৰখনত।এতিয়াৰ…

চীনত সংহাৰী ৰূপ ক’ভিডৰ

ক’ভিডৰ নতুন শক্তিশালী ভেৰিয়েন্ট BF.7 ৷ BF.7 ভেৰিয়েন্টৰ দ্বাৰা এবাৰতে সংক্ৰমিত হ’ব পাৰে ১৮ জনকৈ লোক। চীনত ক’ভিডৰ শক্তিশালী নতুন ভেৰিয়েন্টৰ সংহাৰ আৰম্ভ হৈছে ।এজন ৰোগীৰ পৰা সংক্ৰমিত হৈছে ১৮ জনকৈ লোক!কণ কণ শিশুৰ পৰা আৰম্ভ কৰি আবালবৃদ্ধবনিতা সকলো আক্ৰান্ত…

আকৌ ক’ভিড !

বিশ্বৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ৷সেয়ে চৰকাৰে এই সন্দৰ্ভত আৰোপ কৰিছে নীতি নিৰ্দেশনা। কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী মনচুখ মান্দাভ্যই বুধবাৰে ক’ভিড সম্পৰ্কত প্ৰথম নিৰ্দেশনা প্ৰেৰণ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটলৈ।কংগ্ৰেছ নেতা দুজনলৈ প্ৰেৰণ কৰা…

ভাল দিন আহিব ৰাজস্থানীৰ !

আধাতকৈয়ো কম মূল্যত পাব চিলিণ্ডাৰ !’আতচ্চে দিন’ৰ কথা কোৱা বিজেপিয়ে নহয়,কংগ্ৰেছেহে উপহাৰ দিব ভাল দিন ! কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে শাসনলৈ অহাৰ পিছতে উজ্বলা আঁচনিৰ জৰিয়তে দেশৰ দৰিদ্ৰ লোকৰ বাবে ৰন্ধন গেছৰ সংযোগ দিছিল৷বিনামূলীয়া এই সুবিধা লাভ কৰি দেশৰ দৰিদ্ৰ…

গাড়ীত গৰু দেখিলেই বিজেপি পায় ইছ্যু !

বিজেপি বিধায়কৰ ‘গুণ্ডাগিৰি’?গাড়ীত গৰু দেখিলেই ‘চোৰাং ‘ বুলি কয় বিজেপিয়ে ?ইঠাইৰ পৰা সিঠাইলৈ নিয়া গৰুকে সজালে ‘চোৰাং গৰু’ !পশ্চিমবংগৰ বিজেপি বিধায়ক অগ্নিমিত্ৰা পলে দাবী কৰিছে যে তেওঁ মুঠ ৯ টা গৰু সীমান্তইদি পাৰ কৰোৱাৰ সময়ত উদ্ধাৰ কৰে।এক টুইটাৰ বাৰ্তাত ২…