বছৰটোত মাত্ৰ ৪০ দিন পাঠদান চৰকাৰী বিদ্যালয়ত !

Share This Article

ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ বুধবাৰে অসম বিধানসভাৰ মজিয়াত উদঙাই দিলে বিধায়ক অখিল গগৈয়ে।যোৱা ১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা নতুন শিক্ষাবৰ্ষটোত বৰ্তমানলৈকে ৪০ দিনো ভালদৰে পাঠদান নোহোৱাৰ অভিযোগ শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীৰ। ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ দিনত ৰাজ্যৰ চৰকাৰী শিক্ষা বিভাগ ধ্বংসৰ ফালে গুচি যোৱাৰো অভিযোগ বিধায়কগৰাকীৰ ।বিদ্যালয়ত পাঠদান নোহোৱাৰ তথ্য দাঙি ধৰি বিধায়কগৰাকীৰ অভিযোগ– বিদ্যালয়ত পাঠদান নোহোৱাৰ মূল কাৰণ হ’ল চৰকাৰী কাৰ্যসূচী। বিদ্যালয়বোৰত চৰকাৰী কাৰ্যসূচী জাপি দিয়াৰ বাবেই পাঠদানৰ পৰা বঞ্চিত হৈছে লাখ লাখ শিক্ষাৰ্থী। এনে চৰকাৰী কাৰ্যসূচী সমূহৰ ভিতৰত হ’ল—-‘আজাদী কা অমৃত মহোৎসৱ’।দেশৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে অনুষ্ঠিত আজাদী কা অমৃত মহোৎসৱৰ বাবে ৩ আগষ্টৰ পৰা ১৭ ছেপ্টেম্বৰলৈ বিদ্যালয়সমূহত হোৱা নাছিল পাঠদান। এই অভিযোগ বিধায়ক অখিল গগৈৰ ! ইয়াৰ পাছত আহিল ‘স্বচ্ছ পষেক’ আৰু’প্ৰধানমন্ত্ৰী পোষণ মাহ’ ।এই স্বচ্ছ পষেকৰ বাবে ১ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ আৰু প্ৰধানমন্ত্ৰী পোষণ মাহৰ বাবে ছেপ্টেম্বৰত হোৱা নাছিল বিদ্যালয়সমূহত পাঠদান৷তদুপৰি লাচিত দিৱস আৰু দিব্যাংগ সপ্তাহৰ বাবেও বিদ্যালয় সমূহত হোৱা নাছিল পাঠদান। উল্লেখ্য মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপনৰ নামত ১৮ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈ বিদ্যালয় সমূহত হোৱা নাছিল পাঠদান। একেদৰে দিব্যাংগ দিৱসৰ নামত ২৮ ডিচেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ বিদ্যালয় সমূহত হোৱা নাছিল পাঠদান। এই তথ্যও দাঙি ধৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে।ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত আজিৰ দিনটো পৰ্যন্ত যে প্ৰধান শিক্ষকৰ পদটো নাই,সেই কথাও উল্লেখ কৰে বিধায়কগৰাকীয়ে।এনেদৰেই চৰকাৰী শিক্ষা খণ্ডৰ কেৰোণ উদঙাই অসম বিধান সভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনাও সৰৱ হৈ পৰে বিধায়ক অখিল গগৈ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.