মাহ ডিচেম্বৰ 2022

‘ৰসগোল্লা’টোহে সৰু আছিল !

জোৰোণৰ বস্তু কেইপদক লৈ সুখী নহয় কইনাঘৰীয়া ! যৌতুকৰ সম্পদক লৈ অসুখী দৰাঘৰ ! ৰাইজে জিভা টপালি ছাগলী মাংসৰে বিয়াখন খালে কিন্তু তাৰ পিছত অভিযোগ গোল্লাটোহে মাত্ৰ সৰু আছিল ! বিয়া পাতি কইনাৰ দেউতাক দেউলীয়া হোৱাও দেখা যায়।মাছে-মঙহে খুৱাই দৰাও…

কি আৰু সাহিত্য কৰিব,দৰমহাই নাই !

“প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা নকৰে অসম সাহিত্য সভাৰ সভাপতিয়ে”-এই অভিযোগ অসম সাহিত্য সভা কল্যাণ পৰিষদৰ ।দুমাহৰ দৰমহা দিয়াৰ প্ৰস্তাৱ দিছিল অসম সাহিত্য সভাৰ সভাপতিয়ে কিন্তু পিছে দিব নোৱাৰিলে কৰ্মচাৰীৰ প্ৰাপ্য মজুৰি।পুনৰ অসম সাহিত্য সভা কল্যাণ সমিতিৰ প্ৰতিবাদ অনিৰ্দিষ্টকাললৈ ধৰ্মঘট কাৰ্যসূচী…

বিজেপিত এলাগী,ভজন গাই সময় কটাইছে জ্যেষ্ঠ নেতাই !

কৈলাস বিজয়ভাৰ্গিয়ক মনত আছেনে?গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘনিষ্ঠ কৈলাস ভাৰ্গিয় এতিয়া ক’ত? কিয় নিঃসঙ্গ হৈ পৰিল বিজয়ভাৰ্গিয়?হয়,পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ দায়িত্বত আছিল কৈলাস বিজয়ভাৰ্গিয়।মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছক হৰুৱাবলৈকে বিজেপিয়ে এসময়ত নিয়োগ কৰিছিল বিজয়ভাৰ্গিয়ক।কিন্তু সেই জ্যেষ্ঠ সক্ৰিয় নেতাজন দলত এতিয়া এলাগী।নিজৰ ৰাজ্য…

বলধৰ পৰা গাখীৰ ?

গাখীৰ ওলাল বলধৰ পৰা !গাই গৰু নহয়,বলধৰ পৰা গাখীৰ ওলাল গুজৰাটত !কিন্তু কেনেকৈ সম্ভৱ হ’ল এই অসম্ভৱ?গুজৰাট বিধানসভাৰ নিৰ্বাচনত ওলাল বলধৰ পৰা গাখীৰ !এই দাবী কৰিছে আপৰ মূৰব্বী অৰবিন্দ কেজৰিৱালে।বিগত ৮ ডিচেম্বৰত গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল প্ৰকাশ…

মৃতদেহ লুকুৱাইছে আত্মীয়ই কিন্তু কিয়?

বিহাৰত শতকৰ ঘৰ অতিক্ৰম কৰিলে মদাহীৰ মৃত্যুৰ সংখ্যাই।আৰক্ষীৰ ভয়ত মনে মনে জ্বলাইছে মৃতদেহ । সুৰা নিষিদ্ধ বিহাৰত কেনেকৈ সম্ভৱ এনে মৃত্যু ?বিহাৰত বিষাক্ত সুৰা সেৱন কৰি মৃত্যুক সাৱটিলে শতাধিক লোকে।বিহাৰ বিজেপিৰ সভাপতি সুশীল মোডীয়ে কয় “বিহাৰ চৰকাৰে মৃতকৰ প্ৰকৃত তথ্য…

কংগ্ৰেছত মোক্ষম আঘাত !

প্ৰধানমন্ত্ৰীৰ ‘টোপ’ত ভোল গ’ল মেঘালয়ৰ কংগ্ৰেছী ।প্ৰধানমন্ত্ৰী দিল্লী নাপাওঁতেই দল এৰিলে কংগ্ৰেছীয়ে ।মেঘালয়ত ২০২৩ চনৰ প্ৰথম ভাগতেই বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।মেঘালয় বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ একেলগে দেওবাৰে উপস্থিত হৈছিলহি শ্বিলঙত।অৱশ্যে নিৰ্বাচনী ৰণশিঙা…

নাখায়ো,নুশুৱেও,বেমাৰো নহয় চীনা সৈন্যৰ !

২০১২ চনৰ কথা। দুগৰাকী বৈজ্ঞানিক ক্ৰমে ইমানুৱেল চাৰ্পে আৰু জেনিফাৰ ডৌদনাই এক নতুন প্ৰযুক্তিৰ আৱিষ্কাৰ কৰিছিল।সেই প্ৰযুক্তিৰ নাম আছিল ‘ক্ৰিছপাৰ’।এই মহিলা দুগৰাকীয়ে দাবী কৰিছিল যে মানুহৰ ডিএনএ ক্ৰিছপাৰৰ জৰিয়তে সলনি কৰিব পাৰি।এনেদৰে ডিএনএ সলনি কৰা শিশু কেতিয়াও ৰোগত আক্ৰান্ত নহয়।চীনৰ…

নীলবাগানত হোজাই জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ

হোজাই জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ দেওবাৰে নীলবাগান শাখা সাহিত্য সভাৰ আতিথ্যত নীলবাগানত অনুষ্ঠিত হৈ যায়। দিনৰ এঘাৰ বজাত নীলবাগান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত অনুপ কুমাৰ বৰঠাকুৰৰ সঞ্চালনাত অনুষ্ঠিত সভাত আদৰণি ভাষণ প্ৰদান কৰে নীলবাগান শাখা সাহিত্য…

জুবিন-ৰিমলীৰ নতুন বিহুগীত ‘হাঁচটি’ৰ নগাঁৱত শুভমুক্তি

জুবিন গাৰ্গ আৰু ৰিমলী শৰ্মা বৰাই কণ্ঠ নিগৰোৱা হাঁচটি নামৰ বিহুগীতটোৰ নগাঁৱত শুভমুক্তি দিয়া হয় । দেওবাৰে নিশা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই গীতটোৰ শুভমুক্তি দিয়া হয়।আৰ বি প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত এই গীতটিৰ…

বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত ড° সূৰ্য কমল বৰাৰ ‘ঘৰুৱা পৃথিৱী’ উন্মোচন

বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত ড° সূৰ্য কমল বৰাৰ ‘ঘৰুৱা পৃথিৱী’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়।সোমবাৰে বিশ্বনাথৰ কল্যাণপুৰ স্থিত ড° সত্যনাথ গগৈ সোঁৱৰণী পুথিভঁৰালত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰা হয়। বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, আৰক্ষী অধীক্ষক…