সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘ৰসগোল্লা’টোহে সৰু আছিল !

জোৰোণৰ বস্তু কেইপদক লৈ সুখী নহয় কইনাঘৰীয়া ! যৌতুকৰ সম্পদক লৈ অসুখী দৰাঘৰ !
ৰাইজে জিভা টপালি ছাগলী মাংসৰে বিয়াখন খালে কিন্তু তাৰ পিছত অভিযোগ গোল্লাটোহে মাত্ৰ সৰু আছিল !
বিয়া পাতি কইনাৰ দেউতাক দেউলীয়া হোৱাও দেখা যায়।মাছে-মঙহে খুৱাই দৰাও ধৰুৱা হোৱাটো এখন চিনাকি ছবি।
পিছে সুখেৰে আছেনে কইনা?দিনটোত সর্বাধিক চর্চিত এইকেইখন ছবি।কইনাই বিয়াৰ পূর্বে দৰাক দিয়া মেচেজৰ স্ক্ৰীনশ্বট। দৰাঘৰে দিয়া জোৰোণৰ বস্তু কেইপদক লৈ সুখী নহয় কইনা,অভিযোগ দৰাৰ৷ বিয়া ভঙাৰ কাৰণ হিচাপে দৰাৰ প্ৰতিও আছে অভিযোগ৷ কিন্তু কোনে ভাঙিলে এই বিয়া?দৰা নে কইনাই ভাঙিলে এই বিয়া?নহয়, এই বিয়া ভাঙিলে সমাজৰ কিছুমান কুপৰম্পৰাই।কি এই কুপৰম্পৰা?আগবঢ়াইছোঁ এখন কাল্পনিক বিয়াৰ কেইটামান দৃশ্যপট৷কইনা বিচাৰি ছোৱালীৰ ঘৰলৈ আহিল দৰাঘৰীয়া। ছোৱালী পচন্দ হ’ল৷কইনাঘৰেও পচন্দ কৰিলে দৰাক। ইয়াৰ পাছত প্ৰথমটো পর্ব,দৰাই আঙুঠি পিন্ধাব কইনাক৷ ভালৰো ভালকৈ গঢ়াই কইনাক আঙুঠি পিন্ধাব দৰাই। কইনাৰ পিতৃয়েও দেহে কেহে আতিথ্য দিয়াৰ চেষ্টা কৰিব দৰাঘৰীয়াক৷ কাৰণ দৰাঘৰৰ লগত ষ্টেণ্ডার্ড মিলাব লাগিব কইনাঘৰীয়াই।সকলো ঠিকেই গ’ল৷ বিয়াৰ দিনবাৰ ঠিক হ’ল৷ কইনাৰ পিতৃৰ ওচৰত এখন দীঘলীয়া তালিকা৷সোণৰ গহনা,ফ্ৰীজ এটা,দামী ছোফাচেট,ডাইনিং টেবুল,বিচনা,কাঁহী বাতি,ঘটি লোটা ইত্যাদি ইত্যাদি ইত্যাদি।বহুক্ষেত্ৰত দৰাঘৰীয়াই নিজেই যৌতুক দাবী কৰে। কিছুমানে অৱশ্যে যৌতুক নিবিচাৰেই৷ তথাপি সন্মানৰ কথা আছে,এবিঘা মাটি বিক্ৰী কৰি হলেও জীয়ৰীৰ লগত দি পঠিয়াব লাগিব এইকেইবিধ সম্পদ৷ কিন্তু ইমানতেই শেষনে?বিয়াৰ পেণ্ডেলটো ভাল হ’ব লাগিব৷দৰাঘৰীয়া ধনী মানুহ৷ অন্ততঃ দৰাৰ সন্মান ৰক্ষা কৰিব লাগিব। তাৰ মাজতে দৰাঘৰীয়া আহিল জোৰোণ লৈ৷জোৰোণৰ সম্পদৰ ওপৰত এইবাৰ কইনাঘৰীয়াৰ চকু৷ কেৱল কইনাঘৰীয়াই নহয়,চকু চুবুৰীয়াৰো। বিয়লিলৈ চুবুৰীত তাৰেই আলোচনা৷গহণাকেইবিধ ভালেই আছিল,কাপোৰযোৰহে নিমিলিল৷অমুকটো ঠিকেই দিছিল,তমুকটোহে নাহিল৷ আৰু সেই কথাকেই কাণত পৰি মন বেয়া কইনাৰ৷ অহেতুক অভিমান হ’ব লগা স্বামীৰ প্ৰতি,খং স্বামীৰ পৰিয়ালৰ প্ৰতি।ইয়াৰ পাছতো সকলো ঠিকেই আছে৷বিয়াৰ দিন। দৰাঘৰৰ সমান্তৰালভাবে কইনাৰ ঘৰতো বিশাল আয়োজন চলিছে৷ দৰাৰ ঘৰৰ লগত ফেৰ মাৰিবলৈ সম্পূর্ণ চেষ্টা চলিছে৷ ঘৰত ছাগলী নাই কি হ’ল। ৫০ কেজি পঠাৰ মাংস বজাৰৰ পৰা কিনিছে দৰাৰ দেউতাকে৷ সকলোৱে মাংস নাখায়,মাছো লাগিব কিছু পৰিমাণে৷ ঘৰত পুখুৰী এটা আছে,কিন্তু মাছ নাই৷বজাৰখনতো আছে,৫০ কেজি মাছো বজাৰৰ পৰা যোগাৰ কৰিলে দেউতাকে৷মাছ মাংস,পনীৰ, ভাজি,তৰকাৰীৰ লগত চালাড,পাপৰ আৰু এটাকৈ গোল্লাৰ সৈতে খীৰ৷ এয়া কেৱল গাঁৱৰ মানুহৰ বাবেহে৷দৰাঘৰৰ পৰা ৫০ জন মানুহ আহিব৷তেওঁলোকৰ বাবে আৰু কিছু খাদ্য সম্ভাৰ ইতিমধ্যে ৰেডী।গাঁৱৰ মানুহ জাউৰিয়ে জাউৰিয়ে আহিল বিয়ালৈ। মাছে মঙহে দকচি খালে গাঁওবাসীয়ে৷ কইনাক দিলে আশীৰ্বাদো। তাৰ মাজতে দুই একে আলোচনাও কৰিলে,কইনাক বৰ ধুনীয়া লাগিছে,কিন্তু কাপোৰযোৰহে কম দামী নেকি? খোৱা বোৱাও ৰাইজে ভাল পালে৷ মাছখন বৰ তৃপ্তিদায়ক হৈছে৷ পঠাৰ মাংসৰ কথা যে ক’বই নালাগে৷ কিন্তু সৰু হ’ল গোল্লাটোহে।যি নহওক,খোৱা বোৱা নো কি,আচাৰ ব্যবহাৰহে আচল,কইনাৰ ভনীয়েকজনীয়ে যে ভালকৈ মাত এষাৰো নিদিলে৷বিয়া হৈ গ’ল। দৰাঘৰীয়াই আহি কইনাক লৈ গ’ল৷ পাছে পাছে তিনিখনকৈ গাড়ীত উঠাই দিয়া হ’ল টিভি,ফ্ৰীজ,চোফাচেট,বিচনা ইত্যাদি ইত্যাদি৷বিয়া শেষ,কইনাৰ দেউতাকৰ হাতত এতিয়া একো নাই৷ জীয়েকৰ বিয়া বুলি মাটি এবিঘাও গ’ল৷ থাকি গ’ল মাত্ৰ,অমুকৰ ওচৰত ইমান ধাৰ,তমুকৰ ওচৰত ইমান ধাৰ৷ একেই দশা দৰাৰো।কইনা এতিয়া স্বামীৰ ঘৰত। ন কইনাক চাবলৈ চুবুৰীয়া আহিছে৷আহিছে মিটিৰ কুটুমো। কইনাক যিমানে চাইছে,তাতকৈ বেছিয়ে চাইছে যৌতুকৰ সম্পদ কেইপদ৷আৰু তাকে লৈ চুবুৰীত চলিছে বুবু বাবা৷ ফ্ৰীজটো দি ফুটনি মাৰিলে হ’ব কি,কইনাঘৰে ভাল আলমিৰা এটা দিবলৈও পাহৰিলে,এনেকৈ আৰু শুদা হাতে ছোৱালী এজনীক উলিয়াই দিয়েনে?তাৰ পাছত কেনেকৈ স্বামী গৃহত থাকে এগৰাকী ন কইনা?এখন ঘৰ এৰি অহাৰ কইনাৰ দুখ,পিতৃৰ অজস্ৰ কষ্ট,দৰাৰো ধাৰ ঋণ৷ তাৰপাছতো সুখেৰে পাৰ হৈ যায়নে প্ৰতিটো নব দম্পত্তীৰ দাম্পত্য জীৱন?ভাৰত চৰকাৰৰ এক তথ্য অনুসৰি,বিয়াৰ পাছত বিগত ৫ বছৰত সুখৰ নহল ৮৪৭ গৰাকী ন কইনাৰ জীৱন৷ ৮৪৭ গৰাকী কইনাৰ প্ৰাণ গ’ল যৌতুকজনিত কাৰণত৷জানি আচৰিত হ’ব,অসমত ২০১৭ চনত যৌতুকজনিত হত্যা সংঘটিত হৈছে ১৭১ টা৷ ২০১৮ চনত যৌতুকজনিত হত্যা সংঘটিত হৈছে ১৭৪ টা৷ ২০১৯ চনত যৌতুকজনিত হত্যা ১৫৬ টা ২০২০ চনত যৌতুকজনিত হত্যা ১৪৮ টা আৰু ২০২১ চনত যৌতুকজনিত হত্যা ১৯৮ টা সংঘটিত হৈছে।এয়াই হৈছে বিয়াৰ নামত এই সমাজত প্ৰচলিত কিছুমান কু পৰম্পৰা৷মাছে মঙহে খাই,মানুহে দোষ গাইছে সৰু গোল্লাটোৰ৷ দৰাঘৰে দিয়া জোৰোণৰ বস্তুকেইবিধক লৈ আলোচনা চলিছে কইনাঘৰৰ চুবুৰীত। যৌতুক ল’বলৈ দৰাঘৰীয়া যিমান প্ৰস্তুত,দিবলৈ কইনাঘৰীয়া তাতকৈ বেছি তৎপৰ৷ বিয়াৰ পাছত দৰাঘৰত আলোচনা কইনাই লৈ অহা যৌতুকৰ ওপৰত।ঘৰৰ গোহালিটোত গৰু নাই,কিন্তু ঘৰৰ বিয়াখনত সোমাইছেহি যৌতুকৰ উত্তৰ ভাৰতীয় পৰম্পৰা৷ ঘৰৰ পুখুৰীটোত মাছ নাই,কিন্তু বিয়াখনত নতুন পৰম্পৰা৷ ঘৰত পুখুৰী আছে,মাছ নাই। বিয়ালৈ মাছ আনিছে বজাৰৰ পৰা৷ বজাৰলৈ মাছ আহিছে বাহিৰৰ পৰা৷কাৰণ,ৰিজার্ভ বেংকৰ এক তথ্য অনুসৰি এবছৰত অসমত মাছৰ উৎপাদন মাত্ৰ ৩.৭৩ লাখ টন
কিন্তু তাৰ বিপৰীতে এবছৰত অসমক প্ৰয়োজন ৪ লাখ টন মাছ ।ঘৰত ছাগলী নাই৷বজাৰৰ মাংসৰে জীয়ৰীৰ বিয়া পাতিলে দেউতাকে৷কাৰণ এবছৰত অসমত মাংসৰ উৎপাদন ৫৪০  লাখ কেজি কিন্তু তাৰ বিপৰীতে বছৰি অসমক প্ৰয়োজন ৩,৮৮২ লাখ কেজি মাংস বিয়া পাতিবলৈ মাছ আহিল অন্ধৰ পৰা৷ বিয়াত চলিল বাহিৰৰ মাংসও।কিন্তু মাছ আৰু মাংসৰ ওপৰিও বিয়ালৈ আহিল বাহিৰৰ পৰম্পৰাও। বাহিৰৰ মাছ,বাহিৰৰ মাংস,বাহিৰৰ পৰম্পৰা আৰু কু সংস্কাৰেৰে অসমত চলিছে বিবাহ অনুষ্ঠান৷এখন বিয়াক লৈ অসমে আজি চর্চা কৰিছে।কিন্তু এই কু পৰম্পৰাবোৰৰ কথা ভাবি চাইছেনে?

Leave A Reply

Your email address will not be published.