নীলবাগানত হোজাই জিলা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ

Share This Article

হোজাই জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ দেওবাৰে নীলবাগান শাখা সাহিত্য সভাৰ আতিথ্যত নীলবাগানত অনুষ্ঠিত হৈ যায়। দিনৰ এঘাৰ বজাত নীলবাগান আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত অনুপ কুমাৰ বৰঠাকুৰৰ সঞ্চালনাত অনুষ্ঠিত সভাত আদৰণি ভাষণ প্ৰদান কৰে নীলবাগান শাখা সাহিত্য সভাৰ সভাপতি আইনুল হক চৌধুৰীয়ে। উক্ত অনুষ্ঠানত নৱ নিৰ্বাচিত সভাপতি ড° ইন্দ্ৰজিৎ বেজবৰুৱাক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায় বিদায়ী সভাপতি ড° গুনেশ্বৰ শইকীয়াই।শপত গ্ৰহণ অনুষ্ঠানৰ সঞ্চালক ৰূপে উপস্থিত থাকে নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক মৃণাল হাজৰিকা।নৱ নিৰ্বাচিত জিলা সম্পাদক বিৰাজ কুমাৰ বৰাক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায় মৃণাল হাজৰিকাই। আনুষ্ঠানিক ভাৱে বিদায়ী সমিতি খনে নৱ নিৰ্বাচিত সমিতি খনক দায়িত্বভাৰ চমজাই দিয়ে।সভাপতি,সম্পাদকৰ উপৰিও নৱ নিৰ্বাচিত সমিতিৰ সকলো কেইজন বিষয় ববীয়াক শপত বাক্য পাঠ কৰোৱা হয়।শপত গ্ৰহন অনুষ্ঠানৰ লগত সংগতি ৰাখি দিলোৱাৰা হুছেইনৰ সম্পাদনাত প্ৰকাশিত নীলবাগান শাখা সাহিত্য সভাৰ মুখপত্ৰ ‘নীলজ্যোতি’ উন্নোচন কৰে নৱ নিৰ্বাচিত সভাপতি ড° ইন্দ্ৰজিৎ বেজবৰুৱায়, লগতে জিলা খনৰ বিশিষ্ট লেখিকা ৰেণুকা দেৱীৰ ‘জীৱনৰ ৰং’ উন্মোচন কৰে ড° পীযুশ নন্দীয়ে,গীতালী কেওট বৰাৰ কাব্যগ্ৰন্থ ´কুকুহা` উন্নোচন কৰে মৃনাল হাজৰিকা আৰু শ্বাহনেৱাজ লস্কৰৰ কাব্যগ্ৰন্থ ‘শান্তিৰ দিগন্ত’ উন্মোচন কৰে ড° গুনেশ্বৰ শইকীয়াই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.