নাখায়ো,নুশুৱেও,বেমাৰো নহয় চীনা সৈন্যৰ !

Share This Article

২০১২ চনৰ কথা। দুগৰাকী বৈজ্ঞানিক ক্ৰমে ইমানুৱেল চাৰ্পে আৰু জেনিফাৰ ডৌদনাই এক নতুন প্ৰযুক্তিৰ আৱিষ্কাৰ কৰিছিল।সেই প্ৰযুক্তিৰ নাম আছিল ‘ক্ৰিছপাৰ’।এই মহিলা দুগৰাকীয়ে দাবী কৰিছিল যে মানুহৰ ডিএনএ ক্ৰিছপাৰৰ জৰিয়তে সলনি কৰিব পাৰি।এনেদৰে ডিএনএ সলনি কৰা শিশু কেতিয়াও ৰোগত আক্ৰান্ত নহয়।চীনৰ ছুপাৰ ছলজাৰ আঁচনিটো কি?আমেৰিকাৰ চোৰাংচোৱাৰ মতে ২০২০ চনৰ ২ বছৰ আগতেই অৰ্থাৎ ২০১৮ চনত চীনে ছুপাৰ চ’লজাৰ প্ৰস্তুত কৰিছিল ক্ৰিছপাৰ প্ৰযুক্তিৰ সহায় লৈ।ইয়াৰ কাৰণে চীনে সৈনিকৰ DNA ও সংগ্ৰহ কৰিছিল।বৃটেইনেও আমেৰিকাৰ এই দাবী সঁচা বুলি স্বীকাৰ কৰিছে।আমেৰিকাৰ চোৰাংচোৱা শাখাৰ মূৰব্বী জন ৰেটক্লিফে ‘ৱাল ষ্ট্ৰীট জাৰ্ণেল’ত লিখিছিল “ চীনে ইয়াৰ সকলো সীমা অতিক্ৰম কৰিবলৈ সাজু হৈছে কাৰণ চীনে নিজকে ভাৰতৰ অন্যতম শক্তিশালী দেশ হিচাপে প্ৰতিপন্ন কৰিব বিচাৰিছে৷ছুপাৰ চ’লজাৰ ধাৰণাটোও ইয়াৰে এটা অংশ।”ৰেটক্লিফৰ মতে ‘ কেপ্তেইন আমেৰিকা’,’ব্লাডছ’ট’ আৰু ‘ইউনিভাৰ্চেল চলজাৰ’ আদি হ’ল একো একোটা চৰিত্ৰ৷এই চৰিত্ৰবোৰকে সঁচা ৰূপ দি প্ৰকৃত সৈন্য হিচাপে গঢ়ি তুলিব খুজিছে চীনে।২০১৮ চনৰ নবেম্বৰ মাহ৷চীনৰ হে জিয়ানকুই নামৰ বিজ্ঞানী জনে প্ৰথমগৰাকী ডিজাইনাৰ শিশু প্ৰস্তুত কৰিছিল ।ইয়াৰ আগতে এন্দুৰ,মেকুৰী আৰু মানুহৰ শৰীৰতো পৰীক্ষা কৰিছিল তেওঁ৷ইয়াৰ পিছতে তেওঁ মানুহৰ ডিএনএ সলনি কৰিব বুলি ঘোষণা কৰিছিল।তেওঁৰ গৱেষণাৰ বাবেই লুলু আৰু নন নামৰ দুটা শিশুৰ জন্ম হৈছিল৷এনেদৰে জন্ম হোৱা শিশুক এইডছ বা তেনেধৰণৰ কোনো ৰোগে আক্ৰমণ কৰিব নোৱাৰে।আমেৰিকাই দাবী কৰা মতে এই শিশু প্ৰস্তুত কৰাৰ পিছতেই ছুপাৰ সেনা প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয়।
ছুপাৰ চ’লজাৰ কি কি ক্ষেত্ৰত আন সাধাৰণ চ’লজাৰতকৈ পৃথক –

# যুদ্ধৰ সময়ত সাধাৰণ সেনা ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে কিন্তু DNA সলনি কৰাৰ কাৰণে ছুপাৰ চ’লজাৰৰ এই ৰোগবোৰ নহয়।

# ছুপাৰ চ’লজাৰৰ কোনো মানৱীয় আৱেগ অনুভূতি নাথাকে৷সেয়ে এই সেনাবোৰ অধিক হিংস্ৰ আৰু দয়াহীন হয়।

#ছুপাৰ চ’লজাৰ লক্ষ্যভ্ৰষ্ট নহয়৷ইয়াৰ লক্ষ্য সাধাৰণ সেনাতকৈ অধিক তীক্ষ্ণ।

#ছুপাৰ চ’লজাৰৰ ওপৰত কোনো বায়’কেমিকেল প্ৰভাৱ নপৰে৷এই ছুপাৰ চ’লজাৰবোৰ কেমিকেল যুদ্ধতো সদায় সক্ৰিয় হৈ থাকে।

# জেনেটিক সলনিৰ বাবে এই সেনা সকল আঘাতপ্ৰাপ্ত বা গুলীবিদ্ধ নহয়।

# বেছিভাগ সেনাই খাদ্যৰ অভাৱৰ বাবে যুদ্ধক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয়৷কিন্তু ছুপাৰ চ’লজাৰে ভোকে -লঘোণে এদিনো নুশুৱাকৈ যুদ্ধ কৰিব পাৰে।

চীনতকৈয়ো আগতে আমেৰিকাই এনেধৰণৰ ছুপাৰ চ’লজাৰ প্ৰস্তুত কৰিছিল।২০১৪ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক অ’বামাই সাংবাদিকক এদিন কৈছিল “ মই আপোনালোকক জনাবলৈ পাই সুখী যে আমি লৌহ মানৱ বনাবলৈ চেষ্টা কৰিছোঁ।”তেতিয়া সাংবাদিক সকলে হাঁহিছিল,কিন্তু প্ৰকৃতাৰ্থত তেতিয়াৰ পৰাই আমেৰিকাই সেই প্ৰস্তুতি আৰম্ভ কৰিছিল৷অৱশ্যে ৫ বছৰ পিছত এই অভিযান বন্ধ হৈছিল।২০২১চনত বৃটেইন চৰকাৰে এই প্ৰযুক্তিৰ বাবদ প্ৰায় ৮ হাজাৰ কোটি ব্যয় কৰিছিল৷২০১৯ চনৰ পৰাই বৃটিছ বৈজ্ঞানিক সকলে এই জেনেটিক কৌশলৰ ওপৰত কাম কৰি আছে।২০১৭ চনত ৰাছিয়ান ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কৈছিল “ মানুহবোৰ পৰমাণু বোমাতকৈয়ো অধিক ভয়াবহ।’পুটিনে তেতিয়াই কৈছিল যে কোনেও ভাবিব পৰা নাছিল যে মানুহৰ নিচিনা বেলেগ একে ধৰণৰ মানুহ প্ৰস্তুত কৰিব পাৰিব বুলি কোনেও কল্পনা কৰিব পৰা নাছিল।এনে ছুপাৰ চ’লজাৰবোৰ একেবাৰে মানুহৰ দৰে৷আচৰণ আদিও মানুহৰ দৰে।ভূপালৰ মেডিক’ লিগেল ইনষ্টিটিউটৰ প্ৰাক্তন সঞ্চালক ড° অশোক শৰ্মাই কয় ছুপাৰ ছ’লজাৰ প্ৰস্তুত কৰাটো সহজ কাৰণ ইয়াৰ বাবে জেনেটিক পৰিবৰ্তন কৰিব লাগে।এইটো বহুবোৰ দেশতে বৰ্তমান কৰি আছে কিন্তু ই প্ৰকৃতিৰ বিপৰীতে গৈছে৷ভাৰততো ইয়াৰ ওপৰত গৱেষণা চলি আছে আৰু এই গৱেষণা বহুবোৰ দেশত সফলো হৈছে।কিন্তু আপুনি যদি এজন মানুহৰ দৰে একে হুবহু আন এজন লোক প্ৰস্তুত কৰে ই এক অপৰাধ।তেওঁ কৈছিল যে ইয়াৰ বাবে কোন জগৰীয়া হ’ব?যদি একে চেহেৰাৰ এজনে অপৰাধ কৰে ,তেওঁক কেনেকৈ শাস্তিৰ বাবে চিনাক্ত কৰা হ’ব?ইয়াৰ বাবে কি আৰু কেনেকুৱা আইন থাকিব?এইটো প্ৰকৃতিক প্ৰত্যাহ্বান জনোৱা যেন হ’ব৷যিখন দেশেই এনেকুৱা কাম নকৰক কিয়,এইটো এক অন্যায়৷ই কোনো কাৰণতে ন্যায়সংগত নহয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.