কংগ্ৰেছত মোক্ষম আঘাত !

Share This Article

প্ৰধানমন্ত্ৰীৰ ‘টোপ’ত ভোল গ’ল মেঘালয়ৰ কংগ্ৰেছী ।প্ৰধানমন্ত্ৰী দিল্লী নাপাওঁতেই দল এৰিলে কংগ্ৰেছীয়ে ।মেঘালয়ত ২০২৩ চনৰ প্ৰথম ভাগতেই বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।মেঘালয় বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ একেলগে দেওবাৰে উপস্থিত হৈছিলহি শ্বিলঙত।অৱশ্যে নিৰ্বাচনী ৰণশিঙা বজাবলৈ শ্বিলঙত উপস্থিত হ’লেও কিন্তু তেওঁলোক দুয়ো উত্তৰ পূব পৰিষদৰ সোণালী জয়ন্তী অনুষ্ঠানত উপস্থিত হোৱাটোক মূল লক্ষ্য বুলিহে দেখুওৱা হৈছিল।প্ৰধানমন্ত্ৰী মোডী গৈ দিল্লী নাপাওঁতেই কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী তথা মন্ত্ৰী ড° অম্পৰীণ লিংডো আৰু তেওঁৰ এগৰাকী ঘনিষ্ঠ সহযোগী বিধায়কে কংগ্ৰেছ দল ত্যাগ কৰিছে।“ মই কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছোঁ।”সোমবাৰে টুইটাৰত এখন পদত্যাগ পত্ৰ সংলগ্ন কৰি কংগ্ৰেছ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে,ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক টেগ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।প্ৰাক্তন কংগ্ৰেছ নেত্ৰীগৰাকীয়ে খুব কম দিনৰ ভিতৰতে এনপিপিত যোগদান কৰিব৷উল্লেখযোগ্য যে এনপিপি বিজেপিৰ এক সহযোগী দল।ড° অম্পৰীণ লিংডোৱে পত্ৰখনত লিখিছে “ কংগ্ৰেছ দলৰ এগৰাকী পদাতিক সৈন্য হিচাপে মোৰ জীৱনৰ অধিক অংশ মই কংগ্ৰেছকে দিলোঁ৷কিন্তু শেহতীয়াকৈ দলটোৱে ইয়াৰ মূল লক্ষ্যৰ পৰা আঁতৰি আহিছে৷দলটো লক্ষ্যভ্ৰষ্ট হৈছে।”বিগত মাহত দুজন এনপিপিৰ বিধায়ক আৰু এজন তৃণমূল কংগ্ৰেছৰ বিধায়কেও বিজেপিত যোগদান কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.