Investigative reporting with dedication.

বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্ত ড° সূৰ্য কমল বৰাৰ ‘ঘৰুৱা পৃথিৱী’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰা হয়।সোমবাৰে বিশ্বনাথৰ কল্যাণপুৰ স্থিত ড° সত্যনাথ গগৈ সোঁৱৰণী পুথিভঁৰালত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰা হয়। বিশ্বনাথ জিলাৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, আৰক্ষী অধীক্ষক নবীন সিং, বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ চিন্তা মণি শৰ্মা সহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে সভাৰ আৰম্ভণি কৰি ‘ঘৰুৱা পৃথিৱী’ ৰ উন্মোচন কৰা হয় । আভা প্ৰকাশনে প্ৰকাশ কৰি উলিয়াইছে গ্ৰন্থখন।




