বলধৰ পৰা গাখীৰ ?

গাখীৰ ওলাল বলধৰ পৰা !গাই গৰু নহয়,বলধৰ পৰা গাখীৰ ওলাল গুজৰাটত !কিন্তু কেনেকৈ সম্ভৱ হ’ল এই অসম্ভৱ?গুজৰাট বিধানসভাৰ নিৰ্বাচনত ওলাল বলধৰ পৰা গাখীৰ !এই দাবী কৰিছে আপৰ মূৰব্বী অৰবিন্দ কেজৰিৱালে।বিগত ৮ ডিচেম্বৰত গুজৰাট আৰু হিমাচল প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল প্ৰকাশ হয়।এই ফলাফলত গুজৰাটত বিজেপি দলে অভিলেখ সংখ্যক ভোটেৰে জয়লাভ কৰাৰ বিপৰীতে হিমাচল প্ৰদেশত কংগ্ৰেছ দলে লাভ কৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা।গুজৰাট নিৰ্বাচনত আপে ১৩%ভোট লাভ কৰাৰ লগতে ৫ টা বিধানসভা সমষ্টিত জয়লাভ কৰে।আপৰ নেশ্যনেল কাউঞ্চিলৰ এক অধিৱেশনত অংশ লৈ দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় “ আমি এটা বছৰতে পঞ্জাৱত জয়ী হৈছোঁ,দিল্লীৰ মিউনিচিপেল কৰ্পৰেশ্যনৰ নিৰ্বাচনত জয় লাভ কৰিছোঁ।গুজৰাটৰ নিৰ্বাচন সম্পৰ্কত মোক এজন বিশেষ ব্যক্তিয়ে কৈছিল যে মই বলধৰ পৰা গাখীৰ খীৰাইছোঁ।হয়,সঁচাকৈয়ে গাইগৰুৰ গাখীৰ উলিওৱাটো সকলোৰে বাবে সম্ভৱ কিন্তু ষাঁড় বা বলধৰ গাখীৰ উলিওৱাটো অসম্ভৱ।তেনে অসম্ভৱকো সম্ভৱ কৰিলোঁ আমি।”অধিৱেশনত অংশ লৈ কেজৰিৱালে ২০২৭ চনত গুজৰাটত চৰকাৰ গঠন কৰিব বুলি দাবী কৰে৷কেজৰিৱালৰ দাবী যে ২০১৭ চনত পঞ্জাৱত প্ৰথমবাৰ প্ৰতিন্দন্দ্বিতা আগবঢ়াওতেই ভোট শ্বেয়াৰ বাঢ়িছিল যদিও ফলাফল অতি বেয়া আছিল দলটোৰ ।উল্লেখ্য যে ২০২২ চনত আপে গুজৰাটৰ ১৮২ খন আসনৰ ২৯ খন আসনত প্ৰতিন্দন্দ্বিতা কৰিছিল।গুজৰাটত দলটোৱে শূণ্য আসনৰ পৰা ২৯ খন আসনত প্ৰতিন্দন্দ্বিতা কৰি ৫ খন জয়লাভ কৰাটো সহজ কথা নহয় বুলিও ক’লে অৰবিন্দ কেজৰিৱালে।কেজৰিৱালে লগতে কয় “ আমাৰ এটা দূৰদৃষ্টি আছে৷মই ভাৰতক শিক্ষাৰ কেন্দ্ৰস্থল বনাব খোজো।মই এনেকুৱা এখন ভাৰত বিচাৰোঁ য’ত কোনো লোকেই অনাহাৰে কটাবলগীয়া নহয়৷সকলো লোকেই যাতে উৎকৃষ্টমানৰ শিক্ষা আৰু উন্নতমানৰ স্বাস্থ্য সুবিধা লাভ কৰে সেয়া মোৰ সপোন।”

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296