কি আৰু সাহিত্য কৰিব,দৰমহাই নাই !

“প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা নকৰে অসম সাহিত্য সভাৰ সভাপতিয়ে”-এই অভিযোগ অসম সাহিত্য সভা কল্যাণ পৰিষদৰ ।দুমাহৰ দৰমহা দিয়াৰ প্ৰস্তাৱ দিছিল অসম সাহিত্য সভাৰ সভাপতিয়ে কিন্তু পিছে দিব নোৱাৰিলে কৰ্মচাৰীৰ প্ৰাপ্য মজুৰি।পুনৰ অসম সাহিত্য সভা কল্যাণ সমিতিৰ প্ৰতিবাদ অনিৰ্দিষ্টকাললৈ ধৰ্মঘট কাৰ্যসূচী পালন কৰিব কৰ্মচাৰী সকলে। প্ৰাপ্য দৰমহা মোকলাই দিয়াৰ দাবীত পুনৰ প্ৰতিবাদত বহিল কৰ্মচাৰীসকল। প্ৰতিবাদত বহি সাহিত্য সভাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে কৰ্মচাৰী সকলে। ২৪ ডিচম্বৰৰ কাৰ্যনিৰ্বাহক সভাত পাঁচ মাহৰ দৰমহা মোকলাই দিয়াৰ দাবী জনাইছে কৰ্মচাৰী সকলে।কৰ্মচাৰী সকলে পাঁচ মাহৰ দৰমহা মোকলাই নিদিয়া পৰ্যন্ত কৰ্মবিৰতি পালন কৰাৰ হুংকাৰ দিছে । নিয়মীয়াকৈ দৰমহা লাভ নকৰাৰ পৰিপ্ৰেক্ষিতত কৰ্মচাৰীসকলে জীৱন নিৰ্বাহ কৰাটো অতি ডাঙৰ সমস্যা হৈ পৰিছে । বিগত সময়ছোৱাত সাহিত্য সভাৰ কেন্দ্ৰীয় নেতৃত্বক বাৰম্বাৰ আৱেদন জনায়ো কোনো সুদুত্তৰ নোপোৱাত চলিত বৰ্ষত তিনিবাৰকৈ প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছিল কৰ্মচাৰীসকলে।শেহতীয়াভাৱে ৫ ডিচেম্বৰৰ পৰা গ্ৰহণ কৰা অনিৰ্দিষ্টকালীন অসহযোগ কাৰ্যসূচীৰ অষ্টম দিনত সভাপতি আৰু প্ৰধান সম্পাদকৰ আহ্বানত ১২ ডিচেম্বৰত কৰ্মচাৰী সকল বৈঠকত মিলিত হৈছিল। বৈঠকত এসপ্তাহৰ ভিতৰত দুমাহৰ দৰমহা প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে ২৪ ডিচেম্বৰৰ কাৰ্যনিৰ্বাহক সভাৰ অনুমোদন সাপেক্ষে বাকী তিনিমাহৰ দৰমহা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস দিয়া হৈছিল। অন্যথা কৰ্মচাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিব পাৰিব বুলিও বৈঠকত কোৱা হৈছিল। কিন্তু এসপ্তাহ উকলি যোৱাৰ পাছতো সাহিত্য সভাৰ নেতৃত্বই আশ্বাস অনুসৰি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । সেয়েহে পুনৰ অনিৰ্দিষ্ট কালৰ বাবে প্ৰতিবাদত বহিছে সাহিত্য সভাৰ কৰ্মচাৰী সকল ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296