হাতুৰীৰ কোব পৰিব ৰবীন্দ্ৰ ভৱনত

Share This Article

বহু শিল্পী-কলা কুশলীৰ স্মৃতি বিজড়িত ৰবীন্দ্ৰ ভৱন ভাঙি পেলোৱাৰ চিন্তা চৰ্চা কৰিছে ৰাজ্য চৰকাৰে ।অতি শীঘ্ৰে ভাঙি পেলোৱা হ’ব ৰবীন্দ্ৰ ভৱন ।গুৱাহাটীৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰাণকেন্দ্ৰস্বৰূপ ৰবীন্দ্ৰ ভৱনত শীঘ্ৰে পৰিব হাতুৰীৰ কোব । তাক লৈ এতিয়া ব্যাপক চৰ্চা হৈছে সাংস্কৃতিক ক্ষেত্ৰখনত।এতিয়াৰ ৰবীন্দ্ৰ ভৱনটো ভাঙি সেই স্থানত নিৰ্মাণ কৰা হ’ব এটা বৃহৎ অট্টালিকা য’ত কেইবাটাও কোঠা আৰু প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হ’ব। অহা বৰ্ষৰ বাজেটৰ পিছতে পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব ৷ ইতিমধ্যে প্ৰায় নমাহ ধৰি ৰবীন্দ্ৰ ভৱনৰ ভিতৰত চলি থকা মেৰামতিৰ কাজ বন্ধ কৰি দিয়া হৈছে ।ফলস্বৰূপে বন্ধ হৈ আছে ৰবীন্দ্ৰ ভৱন।ন-ৰূপ দিয়াৰ স্বাৰ্থত নিশ্চিহ্ন কৰা হ’ব ৰবীন্দ্ৰ ভৱন ।ভাঙি পেলোৱা হ’ব ৰবীন্দ্ৰ ভৱন আৰু অসম ৰাজ্যিক সংগ্ৰহালয়ৰ মাজত থকা পকী দেৱাল ।একেটা চৌহদতে থাকিব ৰবীন্দ্ৰ ভৱন আৰু ৰাজ্যিক সংগ্ৰহালয়। এনে অৱস্থাত পুনৰ দীঘলীয়া সময়ৰ বাবে কাম বন্ধ হৈ থাকিব ৰবীন্দ্ৰ ভৱনৰ ।লক্ষাধিক টকা ব্যয়সাপেক্ষে অত্যাধুনিকভাৱে নিৰ্মাণ কৰা ৰবীন্দ্ৰ ভৱনটো প্ৰায় তিনি বছৰৰ মেৰামতিৰ অন্তত বিগত বৰ্ষৰ ছেপ্তেম্বৰত ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছিল।কিন্তু মুকলিৰ মাত্ৰ ৯ মাহৰ পিছতে ভৱনটোৰ ভিতৰচোৱা জলমগ্ন হৈ পৰাত পুনৰ বন্ধ কৰা হ’ল ৰবীন্দ্ৰ ভৱন । ভৱনৰ ভিতৰত পানী সোমোৱা বাট চিনাক্ত কৰি মেৰামতি কৰাৰ বাবে ব্যয় কৰা হয় কেইবালাখ টকা । কিন্তু এই কাম সম্পূৰ্ণ নকৰাকৈয়ে হঠাৎ বন্ধ কৰি দিয়ে মেৰামতি ।ভৱনটো এনেদৰে বাৰম্বাৰ মেৰামতিৰ নামত বন্ধ কৰাৰ ফলত জাঙুৰ খাই উঠিছে সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত শিল্পী , নাট্যকৰ্মী , কলাকুশলী ।কিয়নো কেৱল এটা ভৱনৰ নিৰ্মাণত সাংস্কৃতিক বিভাগে এইদৰে ধন ব্যয় কৰাটো সহজভাৱে মানি লোৱা নাই সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত ব্যক্তিসকলৰ লগতে সচেতন লোকসকলে৷ দীঘলী পুখুৰীৰ লগত সংযোগ থকাৰ বাবে ৰবীন্দ্ৰ ভৱনৰ মঞ্চৰ মজিয়া বাৰিষা জলমগ্ন হৈ পৰিছিল।ভিতৰত পানী সমোৱা বাট চিনাক্তকৰণৰ কৰি মেৰামতি কৰাৰ বাবে ব্যয় কৰা হয় কেইবালাখ টকা।শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ লগতে কেইবাটাও স্থানত প্ৰেক্ষাগৃহ আছে যদিও তাৰ ভাড়া অধিক।সেয়েহে ৰবীন্দ্ৰ ভৱন বন্ধ হৈ পৰিলে ক্ষুদ্ৰ নাট্যগোষ্ঠীসমূহ সমস্যাত পৰিব।
মেৰামতিৰ নামত ২০১৮ বৰ্ষৰ পৰা ২০২১ বৰ্ষৰ বন্ধ হৈ আছিল ৰবীন্দ্ৰ ভৱন ।তিনিবছৰ বন্ধ হৈ আছিল ৰবীন্দ্ৰ ভৱন। এই তিনিটা বছৰত কোনো অনুষ্ঠান আয়োজন কৰিব পৰা হোৱা নাছিল ।কিন্তু এতিয়া ভাঙি পেলোৱা হ’ব ৰবীন্দ্ৰ ভৱন ।ফলস্বৰূপে এখন মঞ্চ তথা প্ৰেক্ষাগৃহৰ অভাৱত পৰিব বিভিন্ন অনুষ্ঠান। কিন্তু নতুন ৰবীন্দ্ৰ ভৱন কেতিয়া নিৰ্মাণ হৈ সম্পূৰ্ণ হ’ব সেয়াহে হ’ব লক্ষণীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.