আকৌ ক’ভিড !

Share This Article

বিশ্বৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ৷সেয়ে চৰকাৰে এই সন্দৰ্ভত আৰোপ কৰিছে নীতি নিৰ্দেশনা।
কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী মনচুখ মান্দাভ্যই বুধবাৰে ক’ভিড সম্পৰ্কত প্ৰথম নিৰ্দেশনা প্ৰেৰণ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটলৈ।কংগ্ৰেছ নেতা দুজনলৈ প্ৰেৰণ কৰা পত্ৰখনত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে মাস্ক আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰাৰ লগতে যাত্ৰাত যাতে কেৱল ভেকচিন লোৱা লোকেহে অংশগ্ৰহণ কৰে সেইটো বিষয়ত গুৰুত্ব দিবলৈ আহ্বান জনাইছে।তদুপৰি প্ৰয়োজনত ‘ভাৰত জোড়ো’ যাত্ৰা পিছুৱাই দিয়াৰো আহ্বান জনাইছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই পত্ৰ সম্পৰ্কত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় “ প্ৰধানমন্ত্ৰী মোডীয়ে গুজৰাট বিধানসভাৰ নিৰ্বাচনত ক’ভিড নিৰ্দেশনা মানি চলিছিল নেকি?মই ভাবো মনচুখ মান্দাভ্যই কংগ্ৰেছৰ ‘ভাৰত জোড়ো’ক লৈ অলপো সুখী নহয়৷মান্দাভ্যক আচলতে মানুহৰ মনোযোগ ‘ভাৰত জোড়ো’ৰ পৰা আঁতৰাবলৈ দায়িত্ব দিয়া হৈছে।”কংগ্ৰেছৰ সাংসদ কীৰ্তি চিদাম্বৰমেও হঠাৎ কংগ্ৰেছৰ ‘ভাৰত জোড়ো’ যাত্ৰাত চৰকাৰৰ চকু কিয় পৰিছে বুলি প্ৰশ্ন কৰে ! অহা ২৪ ডিচেম্বৰত ভাৰত জোড়ো যাত্ৰা দিল্লীত প্ৰৱেশ কৰিব।ইতিমধ্যে কেন্দ্ৰীয় স্বাস্থ্য সচিবৰ তৰফৰ পৰা দেশৰ সকলো ৰাজ্যলৈ ক’ভিড সম্পৰ্কীয় কিছু নীতি নিৰ্দেশনা মানি চলাৰ বাবে পত্ৰ প্ৰেৰণ কৰিছে৷চীন,কোৰিয়া,জাপান ,ব্ৰাজিল আৰু আমেৰিকাত ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ খবৰে ব্যতিব্যস্ত কৰিছে ভাৰতকো ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.