মাহ অক্টোবৰ 2022

উভতি নহাৰ বাটেৰে গ’লগৈ নিপন গোস্বামী

যশস্বী অভিনেতা নিপন গোস্বামীৰ দেহাৱসান। আজি পুৱা ৯-১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে । বিগত ২৬ অক্টোবৰত অসুস্থতাৰ বাবে নেমকেয়াৰ হস্পিতালত ভৰ্তি কৰা হৈছিল অভিনেতাগৰাকীক । তেজপুৰৰ কলিবাৰীত ১৯৪৭ চনৰ ছেপ্টেম্বৰ মাহত নিপন গোস্বামীৰ জন্ম হৈছিল। পিতৃ আছিল প্ৰয়াত…

মুখ্যমন্ত্ৰী সিন্দেৰ কাষত আন এজন থাকৰে !

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ পুত্ৰ শ্ৰীকান্ত সিন্দেই মঙলবাৰে সাক্ষাৎ কৰে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ মূৰব্বী ৰাজ থাকৰেক। উল্লেখযোগ্য যে ইয়াৰ দুটা দিন আগতে মুখ্যমন্ত্ৰী সিন্দে আৰু উপমুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাৰ্ণাভিছেও সাক্ষাৎ কৰিছিল মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা চমুকৈ MNS ৰ মূৰব্বী ৰাজ থাকৰেক। সিন্দে…

খেল এৰি ধোনীয়ে ধৰিলে চলচ্চিত্ৰত

ক্ৰিকেট বিশ্বৰ সকলোৰে চিনাকি নাম মহেন্দ্র সিং ধোনী। ধোনীৰ নেতৃত্বতেই ভাৰতীয় ক্রিকেট দলে এটাৰ পাছত এটা বিজয়ৰ ট্ৰফীৰে দেশলৈ কঢ়িয়াই আনিছিল গৌৰৱ। ২০২০ চনত সকলো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ফৰ্মেটৰ পৰা বিদায় লোৱাৰ পিছৰে পৰা ধোনীয়ে সম্পূর্ণ মনোযোগ দিছে নিজৰ ব্যৱসায়ত। কৃষি,…

বাতৰি বন্ধ,তালফাল ডিব্ৰুগড়

ডিব্ৰুগড় আকাশবাণী অসমীয়া আঞ্চলিক বাতৰিৰ সম্প্ৰচাৰ বন্ধ কৰাক লৈ উত্তাল ডিব্ৰুগড়।ডিব্ৰুগড় আকাশবাণীৰ অসমীয়া আঞ্চলিক বাতৰিৰ সম্প্ৰচাৰ বন্ধ কৰাক লৈ উত্তাল হৈ পৰিছে ডিব্ৰুগড় চহৰ । আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া বাতৰি সম্প্ৰচাৰ বন্ধ কৰা কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ডিব্ৰুগড় জিলা…

সাহিত্য সভাৰ সভাপতিৰ দৌৰ আৰম্ভ !

অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰিলে য়েছে দৰজে ঠংছিয়ে । বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছি হ’ব পাৰে নেকি অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি ? ই বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে। মনোনয়ন পত্ৰ দাখিল কৰি তেওঁ সংবাদ মাধ্যমৰ…

ভয়ংকৰ ভৱিষ্যতৰ দিশে মধ্য প্ৰদেশৰ মেডিকেল শিক্ষাৰ্থী !

মধ্য প্ৰদেশ চৰকাৰে অলপতে শুভাৰম্ভ কৰে হিন্দী ভাষাত মেডিকেল পাঠ্যক্ৰম। বিৰাট ঢাকঢোল বজাই মধ্যপ্ৰদেশ চৰকাৰে হিন্দী ভাষাত এই পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰিছিল। ভাগ লৈছিল কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে।এমবিবিএছৰ প্ৰথম বাৰ্ষিকীৰ ৩খন কিতাপ হিন্দীত উন্মোচন কৰি শুভাৰম্ভ কৰা হয় হিন্দী পাঠ্যক্ৰমৰ। প্ৰায়…

অমিত শ্বাহ হ’ব নেকি গুজৰাটৰ মুখ্যমন্ত্ৰী?

দেৱালীৰ পিছতে ঘোষণা হ’ব গুজৰাট বিধানসভাৰ দিন।কিন্তু দলীয় প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত কোনো সঠিক তথা বলিষ্ঠ সিন্ধান্তত উপনীত হ’ব পৰা নাই বিজেপি দল।ইতিমধ্যে গৃহমন্ত্ৰীৰ অমিত শ্বাহে গুজৰাটত কেইবাখনো নিৰ্বাচনী সভাত অংশ লৈ দলীয় প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।বিজয় ৰূপানীৰ কেবিনেটৰ বহু কেইগৰাকী মন্ত্ৰীয়…

২৫ অক্টোবৰৰ পৰা উপেন্দ্ৰ নাথ ব্ৰহ্ম গ’ল্ড কাপ ফুটবল প্ৰতিযোগিতা

ওদালগুৰিত জিলা ক্ৰীড়া সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থা (এবছু)ৰ উদ্যোগত ২৮ সংখ্যক উপেন্দ্ৰ নাথ ব্ৰহ্ম গ’ল্ড কাপ ফুটবল টুৰ্ণামেণ্টখন ২৫ অক্টোবৰৰ পৰা ওদালগুৰিৰ নলবাৰী খেলপথাৰত আৰম্ভ হ’ব। সোমবাৰে উদ্যোক্তা ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ সম্পাদক প্ৰণীল দৈমাৰী আৰু এবছুৰ ওদালগুৰি…

গুৰু গোঁসাই নমনা পুত্ৰ,লটিঘটি মন্ত্ৰীৰ

এগৰাকী ১৬ বছৰীয়া যুৱতীৰ ধৰ্ষণৰ লগত ত্ৰিপুৰাৰ এগৰাকী মন্ত্ৰী ভগৱান দাসৰ পুত্ৰ জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে।ঘটনাটো সংঘটিত হৈছে ত্ৰিপুৰাৰ উনকতি জিলাত।ইতিমধ্যে আৰক্ষীয়ে ঘটনাটোৰ লগত জড়িত ৩জনক গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে বিগত ১৯ অক্টোবৰত ১৬ বছৰীয়া যুৱতী গৰাকীক এটা তিনিমহলীয়া…

সাৱধান,পাৰ্চেলত ড্ৰাগছ !

ডাইৰেক্টৰেট অব ৰেভিনিউ ইণ্টেলিজেন্সে মুম্বাইৰ এয়াৰ কাৰ্গো কমপ্লেক্সৰ পৰা প্ৰায় ১.৯ কেজি ওজনৰ ড্ৰাগছ জব্দ কৰে। ড্ৰাগছখিনিৰ মূল্য প্ৰায় ১৫ কোটি।ড্ৰাগছখিনি ইণ্টাৰনেশ্যনেল কোৰিয়াৰ পাৰ্চেলৰ জৰিয়তে বিদেশৰ পৰা ভাৰতলৈ আমদানি কৰা হৈছে।পাৰ্চেলটো সন্দেহবশতঃ ৰেভিনিউ বিভাগৰ লোকে আছুতীয়াকৈ থৈ খোলাত তাৰ ভিতৰত…