মাহ ছেপ্টেম্বৰ 2021

APSCৰ প্ৰশ্নকাকতত দীনদয়াল উপাধ্যায় সম্পৰ্কীয় প্ৰশ্ন! কিন্তু কি আহিছে প্ৰশ্নকাকতত?

আজি অনুষ্ঠিত হোৱা APSCৰ প্ৰাৰম্ভিক পৰীক্ষাত দীনদয়াল উপাধ্যায় সম্পৰ্কীয় এটা প্ৰশ্নই আচম্বিত কৰিছে সকলোকে। APSC পাঠ্যক্ৰমৰ সাধাৰণ অধ্যয়ন প্ৰশ্নকাকতত অখণ্ড মানৱতাবাদৰ জনক আৰু অন্তোদয়াৰ সৈতে জড়িত মনিষী জনৰ নাম সোধা হৈছে। সম্ভাব্য উত্তৰত দীনদয়াল উপাধ্যায়ৰ লগতে শ্যামাপ্ৰসাদ মুখাৰ্জী, মহাত্মা গান্ধী…

মাজুলীত হাহাকাৰঃ জাহাজৰ অভাৱত জীয়াতু ভুগিছে যাত্ৰীয়ে

মাজুলী-নিমাতী সংযোগী ফেৰী ঘাটত হোৱা দুখদায়ক আৰু হৃদয়বিদাৰক ঘটনাৰ পাছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই তাৎক্ষণিকভাৱে কার্যকৰী হোৱাকৈ আৰু অসম চৰকাৰৰ পৰিবহণ বিভাগৰ সচিবৰ নির্দেশমর্মে শনিবাৰে সম্পূর্ণভাৱে মাজুলীৰ পৰাই হওক বা নিমাতীঘাটৰ পৰাই মাজুলীলৈ হওক সকলো ধৰণৰ এটা ইঞ্জিনযুক্ত ফেৰী…

আমেৰিকাৰ ভয়ত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান বাতিল কৰিলে নেকি তালিবানে?

পাশ্চাত্য দেশৰ হেঁচাত সেও মানি আফগানিস্তানৰ নতুন অন্তর্ৱর্তীকালীন চৰকাৰৰ শপতগ্রহণ কার্যসূচী বাতিল কৰিলে তালিবানে৷ নিষিদ্ধ সংগঠন তালিবানে আফগানিস্তান দখল কৰা এপষেক পিছত অন্তর্ৱর্তীকালীন চৰকাৰ ঘোষণা কৰি ১১ ছেপ্টেম্বৰৰ দিনা চৰকাৰৰ শপতগ্রহণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকা…

ভূপেন্দ্ৰ পেটেল হ’ব গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী

তদানীন্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানিৰ পদত্যাগৰ পিছতে গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে ভূপেন্দ্ৰ পেটেল। উল্লেখ্য যে পেটেল ঘাটলোডিয়া সমষ্টিৰ বিধায়ক। অৱশ্যে আগন্তুক গুজৰাট বিধানসভা নিৰ্বাচনত বিজয় ৰূপানিৰ পদত্যাগ আৰু ভূপেন্দ্ৰ পেটেলৰ দায়িত্ব গ্ৰহণে কি প্ৰভাৱ পেলায় সেয়াহে হ’ব লক্ষণীয়।

উত্তৰ প্ৰদেশত ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে ৰাষ্ট্ৰপতিয়ে

উত্তৰ প্রদেশৰ প্রয়াগৰাজত স্থাপন হ’বলগীয়া উত্তৰ প্রদেশ ৰাষ্ট্রীয় আইন বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিলে ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে৷ আইন বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি ৰাষ্ট্রপতিগৰাকীয়ে কয় যে প্রয়াগৰাজৰ স্বীকৃতি শিক্ষা কেন্দ্র হিচাপে চর্চিত৷ তদুপৰি ৰাষ্ট্রপতিগৰাকীয়ে দেশৰ আন আন ক্ষেত্রৰ দৰে ন্যায়িক ব্যৱস্থাতো মহিলাৰ…

সুখবৰঃ ৰাষ্ট্ৰসংঘৰ স্বীকৃতি লাভ কৰিছে ভাৰতৰ তিনিখন বিশেষ গাঁৱে! কিন্তু কিয়?

ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থা বঁটা (United Nations World Tourism Organization Award)ৰ বাবে শ্ৰেষ্ঠ পৰ্যটন গাঁও শ্ৰেণীত মনোনীত হৈছে ভাৰতৰ তিনিখন গাঁও। মেঘালয়ৰ কংথং গাওঁখনক ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থা বঁটা (United Nations World Tourism Organization Award)ৰ বাবে শ্ৰেষ্ঠ পৰ্যটন গাঁও শ্ৰেণীত…

আজি APSCৰ প্ৰাৰম্ভিক পৰীক্ষাঃ আশাবাদী ৰাজ্যৰ তৰুণ-তৰুণী

আজি APSCৰ প্ৰাৰম্ভিক পৰীক্ষা। ৰাতিপুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা এই পৰীক্ষাত অৱতীৰ্ণ হৈছে ৭৬০৭১ গৰাকী পৰীক্ষাৰ্থী। ৰাজ্যৰ ৩১খন জিলাৰ সদৰত অনুষ্ঠিত হৈছে এই পৰীক্ষা। বিভিন্ন শ্ৰেণীৰ ৩৩১টা পদত নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা হৈছে এই পৰীক্ষা। কেইবছৰ মান পূৰ্বে APSC…

জলবন্দী ৰাজধানী দিল্লীঃ বিমানবন্দৰ নে ছুইমিং পুল ধৰিবই নোৱাৰি!

এতিয়া প্ৰৱল বৃষ্টিপাতে বুৰাই পেলাইছে দিল্লীৰ বিস্তীৰ্ণ অঞ্চল। আন অঞ্চলৰ কথাটো বাদেই ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰটো কার্যতঃ ছুইমিং পুললৈ পর্যবসিত হৈছে৷ শনিবাৰে পুৱাৰ ভাগত অহা প্রবল বৰষুণজাকে বিমানবন্দৰটোৰ বৃহৎ এলেকা প্লাৱিত কৰাৰ পাছত বেয়া বতৰৰ বাবে কর্তৃপক্ষই পাঁচখনকৈ বিমানৰ উৰণ…

নিমাতীঘাট ট্ৰেজেডীঃ তিনি বছৰত দুবাৰকৈ নিলম্বিত হোৱা কোন এই অভিযন্তা বিক্ৰমাদিত্য চৌধুৰী?

২০১৮ চনৰ উত্তৰ গুৱাহাটীৰ শোকাৱহ ফেৰী দুৰ্ঘটনাৰ সময়ত আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কাৰ্যবাহী অভিযন্তা পদত অধিষ্ঠিত আছিল বিক্ৰমাদিত্য চৌধুৰী। সেই ঘটনাৰ পিছতে চৌধুৰীক উক্ত পদৰ পৰা নিলম্বন কৰা হৈছিল। বিগত বুধবাৰে নিমাতীঘাটত সংঘটিত ফেৰী দুৰ্ঘটনাৰ পিছতো সেই একেই পদত অধিষ্ঠিত…

নিমাতীঘাট ফেৰী দুৰ্ঘটনাৰ লগত জড়িত ৯ জনক আটক

নিমাতীঘাট ফেৰী দুৰ্ঘটনাত কেইবাগৰাকীও দুৰ্ভগীয়া লোকৰ প্ৰাণ হানি হোৱাৰ পিছত এতিয়া সষ্টম হৈছে অসম আৰক্ষী। ফেৰী দুৰ্ঘটনাৰ লগত জড়িত ৯ জনকৈ লোকক আটক কৰিছে আৰক্ষীয়ে। যোৰহাট আৰক্ষীয়ে যোগেন দাস, ধনবৰ দাস, বিজু কুমাৰ দাস, জয়ন্ত দত্ত, বিনোদ বৰুৱা আৰু বাবুল…