জলবন্দী ৰাজধানী দিল্লীঃ বিমানবন্দৰ নে ছুইমিং পুল ধৰিবই নোৱাৰি!

Share This Article

এতিয়া প্ৰৱল বৃষ্টিপাতে বুৰাই পেলাইছে দিল্লীৰ বিস্তীৰ্ণ অঞ্চল। আন অঞ্চলৰ কথাটো বাদেই ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰটো কার্যতঃ ছুইমিং পুললৈ পর্যবসিত হৈছে৷ শনিবাৰে পুৱাৰ ভাগত অহা প্রবল বৰষুণজাকে বিমানবন্দৰটোৰ বৃহৎ এলেকা প্লাৱিত কৰাৰ পাছত বেয়া বতৰৰ বাবে কর্তৃপক্ষই পাঁচখনকৈ বিমানৰ উৰণ ডাইভার্ট কৰে৷ ইয়াৰ সমান্তৰালভাৱে পানীয়ে বুৰাই পেলোৱা এলেকাসমূহলৈ স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ যুদ্ধকালীনভাৱে চেষ্টা অব্যাহত ৰাখিছে বিমানবন্দৰৰ সংশ্লিষ্ট কর্মচাৰীৰ দলে৷ সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি দিল্লীৰ আৰ কে পুৰম, মধু বিহাৰ, হৰি নগৰ, বিকাশ মার্গ, মুনির্কা, বদৰপুৰকে ধৰি বহু অভিজাত অঞ্চল সন্ধিয়া পর্যন্ত বৰষুণৰ পানীত বুৰ গৈ আছে৷ প্রবল বৃষ্টিপাতে ব্যাহত কৰিছে ৰাজধানী মহানগৰখনৰ স্বাভাৱিক জীৱনযাত্রা৷ আনকি ৰাজপথত আবদ্ধ একাংশ যান-বাহন আধা অংশ পর্যন্ত পানীয়ে বুৰাই পেলায়৷ উত্তৰ প্রদেশৰ মথুৰা অভিমুখী এনে এখন বাছ পালম উৰণীয়া সেতুৰ সমীপত আবদ্ধ হৈ পৰাত তাত থকা ৪০জন যাত্রীক উদ্ধাৰ কৰাৰ বাবে দিল্লী অগ্ণিসেৱা বাহিনীৰ দল নিয়োজিত কৰিবলগীয়া হয়৷ দেশৰ ৰাজধানী মহানগৰখনত সৃষ্টি হোৱা এনে অভাৱনীয় পৰিস্থিতিৰ মূলতে প্রবল বৃষ্টিপাত বুলি সদৰী কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে৷ দিল্লীত সাধাৰণতে ১ জুনত বর্ষকাল আৰম্ভ হৈ ২৫ ছেপ্ঢেম্বৰত ইয়াৰ অন্ত পৰে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.