আমেৰিকাৰ ভয়ত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান বাতিল কৰিলে নেকি তালিবানে?

Share This Article

পাশ্চাত্য দেশৰ হেঁচাত সেও মানি আফগানিস্তানৰ নতুন অন্তর্ৱর্তীকালীন চৰকাৰৰ শপতগ্রহণ কার্যসূচী বাতিল কৰিলে তালিবানে৷ নিষিদ্ধ সংগঠন তালিবানে আফগানিস্তান দখল কৰা এপষেক পিছত অন্তর্ৱর্তীকালীন চৰকাৰ ঘোষণা কৰি ১১ ছেপ্টেম্বৰৰ দিনা চৰকাৰৰ শপতগ্রহণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্রত জেহাদী সংগঠন আল–কায়দাই ভয়াৱহ আক্রমণেৰে ধ্বংসলীলা চলোৱাৰ দিনাই তালিবান চৰকাৰৰ শপতগ্রহণ কার্যসূচী অনুষ্ঠিত কৰাৰ ক্ষেত্রত পাশ্চাত্য দেশসমূহে তালিবানৰ সমর্থনকাৰী দেশসমূহৰ ওপৰত হেঁচা প্রয়োগ কৰে৷ আমেৰিকা যুক্তৰাষ্ট্র আৰু নাটোৰ দেশসমূহৰ হেঁচাত সেও মানি যোৱাকালি নির্ধাৰিত শপতগ্রহণ অনুষ্ঠান বাতিল কৰে তালিবানে৷ উল্লেখ্য যে শপতগ্রহণ কার্যসূচীত তালিবানে ৰাছিয়া, ইৰান, চীন, কাটাৰ আৰু পাকিস্তানক আমন্ত্ৰণ জনাইছিল৷ অৱশ্যে ৰাছিয়াই পূৰ্বেই এই কার্যসূচীত অংশগ্রহণ নকৰোঁ বুলি স্পষ্ট কৰি দিছিল৷ মন কৰিবলগীয়া যে কাটাৰত আমেৰিকা যুক্তৰাষ্ট্র আৰু তালিবান নেতৃত্বৰ মাজত অনুষ্ঠিত হোৱা শান্তি আলোচনাৰ পিছতেই চুক্তি অনুসৰি তালিবানে আফগানিস্তান দখল কৰিবলৈ সক্ষম হয়৷ কাটাৰৰ সহযোগত তালিবানে বিশ্ব সমুদায়ৰ সমর্থন লাভ কৰিবলৈ চেষ্টা চলাই আছে যদিও কাটাৰে প্রত্যক্ষভাৱে এইক্ষেত্রত সহযোগ কৰা নাই৷ উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্রই কাটাৰক তালিবানৰ শপতগ্রহণ অনুষ্ঠান ১১ ছেপ্তেম্বৰৰ দিনটোত অনুষ্ঠিত নকৰিবলৈ হেঁচা প্রয়োগ কৰিছিল৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.