সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মাজুলীত হাহাকাৰঃ জাহাজৰ অভাৱত জীয়াতু ভুগিছে যাত্ৰীয়ে

মাজুলী-নিমাতী সংযোগী ফেৰী ঘাটত হোৱা দুখদায়ক আৰু হৃদয়বিদাৰক ঘটনাৰ পাছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই তাৎক্ষণিকভাৱে কার্যকৰী হোৱাকৈ আৰু অসম চৰকাৰৰ পৰিবহণ বিভাগৰ সচিবৰ নির্দেশমর্মে শনিবাৰে সম্পূর্ণভাৱে মাজুলীৰ পৰাই হওক বা নিমাতীঘাটৰ পৰাই মাজুলীলৈ হওক সকলো ধৰণৰ এটা ইঞ্জিনযুক্ত ফেৰী চলাচল বন্ধ হৈ পৰিছে৷ ইফালে চৰকাৰৰ ঘোষণা অনুসৰি শনিবাৰে মাজুলীৰ পৰা আৰু নিমাতীঘাটৰ পৰা সীমিতসংখ্যক দুটা ইঞ্জিনযুক্ত লোহাৰ জাহাজ চলাচল কৰিছে৷ শনিবাৰে কমলাবাৰী পাৰঘাটত অতিৰিক্ত উপায়ুক্ত কার্তিক কলিতাৰ তদাৰকত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে চলাইছে ফেৰী৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যোৱা ৯ ছেপ্টেম্বৰত নিমাতীঘাটৰ সমীপৰ ফেৰী দুর্ঘটনাগ্রস্ত হোৱা স্থানত সোঁশৰীৰে চৰজমিন তদন্ত কৰাৰ পাছত মাজুলীলৈ আহি মাজুলীত ঘোষণা কৰা মতে যিসমূহ একক ইঞ্জিনযুক্ত নাও উক্ত পাৰঘাটসমূহত চলি আছে সেইসমূহ নাও মেৰাইন ইঞ্জিন সংস্থাপন নকৰা পর্যন্ত আৰু নাওসমূহৰ সকলোবিলাক তথ্য সঠিকভাৱে পৰীক্ষণ নকৰা পর্যন্ত বন্ধ থাকিব৷ তাৰ পৰিৱর্তে ১০ ছেপ্ঢেম্বৰৰ পৰা চাৰিখন চৰকাৰী জাহাজ চলাচল কৰিছে৷ কিন্তু মুখ্যমন্ত্রীৰ ঘোষণা বাস্তৱত পৰিণত কৰিব নোৱাৰিলে মাজুলীৰ জিলা প্রশাসন আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগে৷ যিহেতু মাজুলীলৈ মুখ্যমন্ত্রী অহাৰ আগলৈকে মাজুলীত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ হাতত গণনাতহে আছিল চাৰিখন জাহাজ৷ কিন্তু বাস্তৱিকতে সেই সময়ত মাজুলী আৰু যোৰহাটৰ মাজত মহাবাহু ব্রহ্মপুত্রৰ ওপৰত চলাচল কৰিবলৈ সক্ষম নাছিল৷ আছিল মাত্র পানৈ নামৰ এখন ফেৰীহে৷ ইমান দুর্যোগৰ সময়ত মাজুলীলৈ অহা খোদ মুখ্যমন্ত্রীগৰাকীক জল পৰিবহণ বিভাগে সঁচা কথা নকৈ গোকাট মিছা কথাৰ আশ্রয় গ্রহণ কৰিলে জ্বলন্ত জুই নুমুওৱাৰ বাবে৷ ইফালে শনিবাৰে মাজুলীৰ পৰা সীমিতসংখ্যক ফেৰী চলাচল কৰাৰ সময়ত আভ্যন্তৰীণ পাৰঘাটত যাত্রীসকলৰ নাম পঞ্জীয়ন কৰা আৰু সকলো যাত্রীক জীৱন দায়িনী জেকেট পৰিধান কৰিবলৈ দিয়া পৰিলক্ষিত হৈছে৷ তাৎপর্যপূর্ণ কথা এই যে মাজুলীত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ হাতত মাজুলী আৰু যোৰহাটৰ মাজত চলাচল কৰিবলৈ মাজুলীত থকা বুলি মুখ্যমন্ত্রী তথা চৰকাৰক জনালেও বাস্তৱিকতে মুখ্যমন্ত্রীয়ে চলাবলৈ নির্দেশ দিয়া ফেৰী চাৰিখন চলাবলৈ তৃতীয় দিনাও সক্ষম নহ’ল আভ্যন্তৰীণ জল পৰিবহণ বিভাগটো৷
তদুপৰি মুখ্যমন্ত্রীয়ে আৰু দুখন জাহাজ দুই–তিনি দিনৰ ভিতৰত মাজুলীলৈ আনৰ কথা কৈছিল৷ সেই দুখন জাহাজসহ মুঠ ছয়খন জাহাজ যদি মাজুলী, কমলাবাৰী আৰু নিমাতীঘাটৰ মাজত চলাচল কৰে, তেন্তে মাজুলীবাসীৰ কোনো সমস্যা নোহোৱাকৈ চলাচল কৰিব পৰিব বুলি কৈছিল যদিও উক্ত জাহাজ এৰাৰ কথা কিমান দূৰ আগবঢ়িছে সেয়া সময়ে ক’ব৷ ইফালে মাজুলী আৰু নিমাতীঘাটৰ মাজত ফেৰী চলাচল কৰিবলৈ আৰম্ভ হোৱাত শনিবাৰে পুৱাৰে পৰা ঘাটত যাত্রীৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে৷ যাৰ বাবে যোৱা আঠ তাৰিখৰ পৰা একপ্রকাৰ যাতায়াত বন্ধ থকা মাজুলীবাসীৰ ব্যৱসায়, শিক্ষা, চিকিৎসা আৰু অত্যন্ত প্রয়োজনত মাজুলীৰ পৰা যাবলগীয়া বহুতো যাত্রীয়ে ফেৰীৰ সীমিত আসনৰ বাবে পাৰঘাটত ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰিবলগীয়া হোৱাত দূৰ–দূৰণিলৈ বিভিন্ন মাধ্যমেৰে যাবলগীয়া লোকসকলৰ কার্যসূচী নিমিলা অংকত পৰিণত হৈছে৷ মাজুলীৰ দুয়োটা ঘাটতে শনিবাৰে যাত্রীৰ অত্যধিক ভিৰ পৰিলক্ষিত হয়৷ পুৱা ৫–৬ বজাৰ পৰাই ঘাটত নদী পাৰ হ’বলৈ শ শ যাত্রীয়ে ৰৈ থাকে৷ সময়মতে নদী পাৰ হ’ব নোৱাৰাত বিভিন্ন কামৰ বাবে ঘৰৰ পৰা ওলাই অহা যাত্রীসকল ভীষণ সমস্যাৰ সন্মুখীন হয়৷ প্রয়োজনীয় ফেৰীৰ ব্যৱস্থা নকৰাকৈ নাও চলাচল বন্ধ কৰি দিয়াত একাংশ যাত্রীয়ে তীব্র ক্ষোভ প্রকাশ কৰে৷ উল্লেখ্য যে মাজুলীৰ পৰা দৈনিক ৮–১০ হাজাৰ যাত্রী ফেৰী–নাৱেৰে পাৰাপাৰ হয়৷ তেনেস্থলত শনিবাৰে সীমিতসংখ্যক ফেৰীৰে যাতায়াত কৰিবলগীয়া হোৱাত যাত্রীসকলে কি গুৰুতৰ সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে, সেয়া সহজেই অনুমেয়৷ ইফালে মাজুলীত ব্যক্তিগত ফেৰী মালিক সন্থাই আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়াৰ লগত গোপন যোগসূত্র ৰাখি থকা বুলি বিভিন্ন সচেতন মহলত প্রশ্ন উত্থাপন হৈছে৷ সেয়ে মাজুলীৰ নিৰীহ জনসাধাৰণে জীৱনৰ মূল্য প্রদানত গুৰুত্ব আৰোপ কৰি মানৱতাৰ খাতিৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বলিষ্ঠ পদক্ষেপে প্রয়োজনীয় জাহাজৰ অনুমোদন জনাইছে৷ দুই–এদিনৰ ভিতৰতে তেওঁ কোৱাৰ দৰেই ব্যৱস্থা গ্রহণৰ দাবী জনাইছে৷

Leave A Reply

Your email address will not be published.