নিমাতীঘাট ফেৰী দুৰ্ঘটনাৰ লগত জড়িত ৯ জনক আটক

Share This Article

নিমাতীঘাট ফেৰী দুৰ্ঘটনাত কেইবাগৰাকীও দুৰ্ভগীয়া লোকৰ প্ৰাণ হানি হোৱাৰ পিছত এতিয়া সষ্টম হৈছে অসম আৰক্ষী। ফেৰী দুৰ্ঘটনাৰ লগত জড়িত ৯ জনকৈ লোকক আটক কৰিছে আৰক্ষীয়ে। যোৰহাট আৰক্ষীয়ে যোগেন দাস, ধনবৰ দাস, বিজু কুমাৰ দাস, জয়ন্ত দত্ত, বিনোদ বৰুৱা আৰু বাবুল নেওগ নামৰ ৬ গৰাকীকৈ ব্যক্তিক আটক কৰাৰ বিপৰীতে মাজুলী আৰক্ষীয়ে আটক কৰিছে অভিশপ্ত মা কমলা নামৰ ফেৰীখনৰ ৩ জনকৈ কৰ্মচাৰীক। ফেৰীখনৰ ইঞ্চিন ড্ৰাইভাৰ বদন দত্ত, কালেক্টৰ বিপুল বৰা আৰু গুৰিয়াল প্ৰশান্ত পামেগামক মাজুলী আৰক্ষীয়ে ইতিমধ্যেই আটক কৰাৰ খবৰ আহিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.