Investigative reporting with dedication.

আজি APSCৰ প্ৰাৰম্ভিক পৰীক্ষা। ৰাতিপুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা এই পৰীক্ষাত অৱতীৰ্ণ হৈছে ৭৬০৭১ গৰাকী পৰীক্ষাৰ্থী। ৰাজ্যৰ ৩১খন জিলাৰ সদৰত অনুষ্ঠিত হৈছে এই পৰীক্ষা। বিভিন্ন শ্ৰেণীৰ ৩৩১টা পদত নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা হৈছে এই পৰীক্ষা। কেইবছৰ মান পূৰ্বে APSC কেলেংকাৰীৰ তথ্য ৰাজহুৱা হোৱাৰ পিছত বৰ্তমানো শংকা মাৰ যোৱা নাই পৰীক্ষাৰ্থী সকলৰ মাজত। কিন্তু সম্পূৰ্ণ নিকা পদ্ধতিৰে আৰু দক্ষতাৰ ভিত্তিত নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হব বুলি আশাবাদী ৰাজ্যৰ সচেতন মহল।




