মাহ মে’ 2020

ৰাজ্যত ক’ৰোনাৰ আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি

ৰাজ্যত ক’ৰোনাৰ আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি। এইমুহূৰ্তত অহা খবৰ অনুসৰি শিলচৰত কোৱাৰেণ্টীন চেণ্টাৰত থকা দুগৰাকীৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। তাৰে এগৰাকী কাছাৰৰ আবাসী আৰু আনগৰাকী হাইলাকান্দিৰ। টুইটেযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ????Alert ~ Two persons from Silchar quarantine…

ব্যক্তিগত চিকিত্সালয়ৰ ৮০ শতাংশ বিচনাত নিয়ন্ত্ৰণ মহাৰাষ্ট্ৰ চৰকাৰৰ

মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰেৰ চৰকাৰে ৰাজ্যখনৰ ব্যক্তিগত চিকিত্সালয়ৰ ৮০শতাংশ বেড ৰাজ্য চৰকাৰৰ নিয়ন্ত্ৰণলৈ আনিছে। ৰাজ্যখনত অত্যাধিক হাৰত টকা লোৱাৰ অভিযোগৰ বাবে চৰকাৰখনে ৩১ আগষ্টলৈকে এই নিয়ম বলৱত্ হোৱাকৈ লৈছে সিদ্ধান্ত। যোৱা নিশা চৰকাৰে লোৱা এই সিদ্ধান্তৰ পিছতেই ব্যক্তিগত চিকিত্সালয়ত ৰোগীৰ বাবে…

‘আত্মনিৰ্ভৰ ভাৰত’ৰ দৃশ্য- ৰাস্তাত বহি মৃত কুকুৰৰ মাংস খাইছে এজন শ্ৰমিকে

ক’ৰোনাই সৃষ্টি কৰা সংকট আৰু লক্ ডাউনত বিধ্বস্ত দেশ। ক’ৰোনাই যেন উদঙাই দিছে প্ৰকৃত ভাৰতৰ ছবিখন। প্ৰবাসী শ্ৰমিক, দৰিদ্ৰ মানুহ কিমান ভয়াৱহ সংকটত পৰিছে তাৰ বিভিন্ন খবৰ প্ৰকাশ পাই আহিছে । পদব্ৰজে ঘৰলৈ ওভতাৰ সময়ত মৃত্যুও ঘটিছে বহুতৰ। কিছুদিন পূৰ্বে…

ভাৰত-চীন সীমান্তত বাঢ়িছে পুনৰ উত্তেজনা

‘আকচাই চীন’ । লাডাখৰ ভাৰত-চীন সীমান্তৰ চীনৰ ঝিনঝিয়াঙৰ স্বায়ত্বশাসিত অঞ্চলৰ হুটানৰ এক অংশ। ভাৰতৰ দাবী- আকচাই চীন লাডাখৰ অংশ। এই আকচাই চীনতে ভাৰতীয় সৈন্যৰ বিৰুদ্ধে অবৈধভাৱে শিবিৰ নিৰ্মাণৰ অভিযোগ আনিছে বেইজিঙে। আনকি কঠোৰ প্ৰত্যুত্তৰ দিয়া হ’ব বুলিও হুমকি প্ৰদান কৰিছে…

বিগত ২৪ ঘণ্টাত ভাৰতত সৰ্বাধিক লোকৰ শৰীৰলৈ সংক্ৰমণ ক’ৰোনা

সমগ্ৰ দেশত কোভিড-১৯ পজিটিভত আক্ৰান্তৰ সংখ্যা ৫০ লাখতকৈ অধিক হৈছে। ইয়াৰে প্ৰায় ৩ লাখ ৩০ হাজাৰ লোকৰ মৃত্যু ঘটিছে। বিগত ২৪ ঘণ্টাত ভাৰততো নতুনকৈ ৬,০৮৮ টা কোভিড-১৯ পজিটিভ সংক্ৰমণৰ ঘটনা ধৰা পৰিছে। ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে ২৪ ঘণ্টাৰ ভিতৰত…

পুনৰ ৩ মাহলৈ EMI ৰেহাই ৰিজাৰ্ভ বেংকৰ

ভাৰতীয় ৰিজাৰ্ভ বেংকে সকলোধৰণৰ টাৰ্ম লোন আৰু ৱৰ্কিং কেপিটেল লোনৰ ওপৰত পুনৰ ৩ মাহৰ মৰেটৰিয়াম ঘোষণা কৰিছে। জুন মাহৰ পৰা আগষ্ট মাহলৈ পাৰ্ছ’নেল লোন, হোম্ লোন, কাৰ্ লোন, ক্ৰেডিট কাৰ্ডৰ বিল আদিৰ EMIত ৩ মাহৰ ৰেহাই লাভ কৰিব। ৰিজাৰ্ভ বেংকৰ…

নতুনকৈ ৭ জন ক’ৰোনা পজিটিভ ,অসমত মুঠ ২১০

২১০ লৈ বৃদ্ধি পালে অসমত ক’ৰোনা ৰোগীৰ সংখ্যা ৷ তেজপুৰৰ আঞ্চলিক কোৱাৰেন্টাইন চেন্টাৰত থকা ৭ গৰাকী লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হোৱাৰ তথ্য সদৰী কৰিছে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই৷ ????Alert ~ 7 persons at Zonal Quarantine Centre at Tezpur Univ…

বিমান বন্দৰৰ পৰা জুপুৰীলৈ : আম্ফানে এফালৰ পৰা মহতিয়াই নিছে…

বিপদৰ আগজাননী আগৰে পৰাই আছিল ৷ কিন্তু এই বিপদে যে এটা দু:স্বপ্নৰ দৰে সকলো শেষ কৰি পেলাব কোনেও কল্পনাই কৰিব পৰা নাছিল ৷ পশ্চিমবংগ চৰকাৰে আগতীয়াকৈ কুলতলিৰ দেবীপুৰ পঞ্চায়তৰ লোকসকলক নিজৰ নিজৰ ঘৰৰ পৰা আশ্ৰয় শিবিৰলৈ লৈ ঘৈছিল ৷ তাতেই…

পুনৰ সীমান্তত ভাৰতীয় সেনাক বাধা চীনৰ

পুনৰ সীমান্তত ভাৰতীয় সেনাৰ সঞ্চালনত বাধা দিছে চীনে ৷এই কথা প্ৰকাশ কৰিছে বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে ৷ তেওঁ লগতে ভাৰতীয় সেনাই লাডাখ বা ছিকিম সীমান্তত নিয়ন্ত্ৰণ ৰেখা উলংঘা কৰা বুলি চীনে উত্থাপন কৰা অভিযোগো নস্যাৎ কৰিছে ৷ শ্ৰীবাস্তৱে স্পষ্ট…