‘আত্মনিৰ্ভৰ ভাৰত’ৰ দৃশ্য- ৰাস্তাত বহি মৃত কুকুৰৰ মাংস খাইছে এজন শ্ৰমিকে

Share This Article

ক’ৰোনাই সৃষ্টি কৰা সংকট আৰু লক্ ডাউনত বিধ্বস্ত দেশ। ক’ৰোনাই যেন উদঙাই দিছে প্ৰকৃত ভাৰতৰ ছবিখন। প্ৰবাসী শ্ৰমিক, দৰিদ্ৰ মানুহ কিমান ভয়াৱহ সংকটত পৰিছে তাৰ বিভিন্ন খবৰ প্ৰকাশ পাই আহিছে । পদব্ৰজে ঘৰলৈ ওভতাৰ সময়ত মৃত্যুও ঘটিছে বহুতৰ। কিছুদিন পূৰ্বে ঔৰংগাবাদত খোজেৰে ঘৰলৈ ওভতাৰ সময়ত ভাগৰত শুই পৰোঁতে ৰে’লেৰে কটাত মৃত্যু ঘটিছিল ১৬জন প্ৰবাসী শ্ৰমিকৰ। ৰে’ল লাইনত পৰি থকা তেওঁলোকৰ নোখোৱা ৰুটিৰ ছবি দেখি চকুৰ পানী ওলাইছিল বহুজনৰ। তাৰপিছত এইবাৰ দেখা গ’ল ভোকৰ জ্বালাত এজন ব্যক্তিৰ ৰাস্তাত বহি মৃত কুকুৰৰ মাংস খাই থকাৰ দৃশ্য।

দুই মিনিট এক ছেকেণ্ডৰ এই দৃশ্য ৰাজস্থানৰ জয়পুৰৰ । দিল্লী-জয়পুৰ হাইৱেত এজন ব্যক্তি ৰাস্তাৰ দাঁতিত বহি আছে। সন্মুখত আছে এক মৃত কুকুৰ। ব্যক্তিজনক মৰা কুকুৰৰ মাংস ছিঙি খোৱা দেখা গৈছিল। কিছুসময়ৰ পিছত এজন ব্যক্তিয়ে গাড়ীৰ পৰা নামি আহি খাদ্যৰ এটা পেকেট আৰু পানীৰ এটি বটল দিয়ে। এই দৃশ্য দেখাৰ পাছত বহুজনৰ প্ৰশ্ন এয়াই ভাৰতৰ অচ্ছে দিনৰ ছবি নেকি!

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.