মাহ মে’ 2020

৫০ লাখ অতিক্ৰম কৰিলে ক’ৰোনাত আক্ৰান্তৰ সংখ্যাই

যোৱা ২৪ ঘণ্টাত বিশ্বত ৰেকৰ্ড সংখ্যক ১ লাখ ৬ হাজাৰ গৰাকী ক’ৰোনাত আক্ৰান্ত হৈছে।বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা অনুসৰি ইয়াৰ দুই তৃতীয়াংশ কেৱল চাৰিখন দেশ ভাৰত, আমেৰিকা, ৰাছিয়া আৰু ব্ৰাজিলত আক্ৰান্ত হৈছে। অন্য়হাতে সমগ্ৰ বিশ্বত ক’ৰোনাত আক্ৰান্তৰ সংখ্যাই ৫০ লাখ অতিক্ৰম…

বাঢ়িল আৰু দুগৰাকী ৷ মুঠ ১৯১

ৰাজ্যত ক’ৰোণা আক্ৰান্তৰ সংখ্যা বাঢ়িয়েই আছে ৷ এইমাত্ৰ অহা খবৰ অনুসৰি কোকৰাঝাৰৰ কুৱাৰাইণ্টিণ চেণ্টাৰত থকা দুগৰাকী লোক ক’ৰোনাক্ৰান্ত হৈছে ৷ টুইট কৰি খবৰ জনালে মন্ত্ৰী হিমন্তবিশ্বই ৷ ইয়াৰ লগে লগে সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ১৯১ লৈ বাঢ়িল

এজনৰ বৃদ্ধিৰে ৰাজ্যত ক’ৰোনা সংক্ৰমিতৰ সংখ্যা ১৮৯ লৈ বৃদ্ধি

ৰাজ্যত পুনৰ বৃদ্ধি পালে কোৰোণা ৰোগীৰ সংখ্যা ৷মন্ত্ৰী হিমন্তবিশ্বই শেহতীয়াকৈ কৰা টুইট অনুসৰি ৰাজ্যত পুনৰ এগৰাকীৰ ক’ৰোনা টেষ্ট পজিটিভ আহিছে ৷ এইগৰাকীৰে সৈতে ৰাজ্যত আক্ৰান্তৰ সংখ্যা ১৮৯লৈ বৃদ্ধি পালে ৷ আক্ৰান্ত ৰোগীগৰাকী কোকৰাঝাৰ কোৱাৰাইণ্টিণ চেণ্টাৰত আছিল আৰু তেওঁৰ টেষ্ট হৈছিল…

আকৌ ৩ জন ৷ সৰ্বমুঠ ১৮৮

অসমত আকৌ নতুনকৈ ৩ গৰাকী ক’ৰোণা ৰোগী চিনাক্ত হৈছে ৷ শেহতীয়া খবৰ অনুসৰি অসমত সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ১৮৮ লৈ বৃদ্ধি পালে ৷ এই তিনিওগৰাকী ৰোগীৰ খবৰ আহিছে বৰপেটা ৰ পৰা ৷ বৰপেটাৰ এইকেইগৰাকী ৰোগী চিনাক্ত হৈছে বৰপেটা মেডিকেল কলেজত ৷

পুনৰ ১৪ গৰাকী বাঢ়িল ৷ মুঠ আক্ৰান্ত ১৮৫

ৰাজ্যত পুনৰ ১৪ গৰাকীৰ দেহত ধৰা পৰিল ক’ৰোনাৰ উপস্থিতি ৷ আজিৰ ভিতৰতে দ্বিতীয়বাৰ চিনাক্তহ’ল বৃহৎসংখ্যক ৰোগী ৷ অসমত এতিয়ালৈকে আক্ৰান্তৰ সংখ্যাা বাঢ়িল ১৮৫ লৈকে ৷ মন্ত্ৰী হিমন্ত বিশ্বই ১০ বাজি ৩৫ মিনিটত টুইট কৰি জনালে এই খবৰ ৷ ৰাজ্যবাসী আৰু…

ৰাজ্যত ১৭০ লৈ বৃদ্ধি কৰোনাত আক্ৰান্তৰ

১৩ গৰাকী নতুন কৰোনা আক্ৰান্ত চিনাক্ত হল অসমত ৮ জন হোজাইৰ ২ গৰাকী শোণিতপুৰৰ ১ গৰাকী কৈ কামৰূপ মেট্ৰ, কামৰূপ আৰু নগাঁওৰ Alert ~ 13 new cases of #COVID19 + confirmed. Break-up ~ 8 from Hojai; 2 from Sonitpur; 1…

ৰে’লৰ চকাত কোনে কিয় লগালে তলা?

শেহতীয়াকৈ এখন ফটোৱে লাভ কৰিছে বিশেষ চৰ্চা। ৰে’লৰ চকাত লগোৱা হৈছে শিকলি। কিন্তু কিয়? আমফান নামৰ প্ৰচণ্ড ঘুৰ্ণী বতাহৰ বাবেই বিভাগীয় কৰ্তৃপক্ষ‌ই লৈছে এই ব্যৱস্থা। আমপানক লৈ বতৰবিজ্ঞানীয়ে সতৰ্ক কৰি দিছে বিভিন্ন ৰাজ্যক। বিজ্ঞানীমহলৰ মতে আমফানৰ গতিবেগ বুধবাৰলৈ ১৮৫কিমি/ঘণ্টালৈ বৃদ্ধি…

সীমা সংঘাতৰ মুখলৈ ভাৰত নেপাল

পুনৰ ভাৰতৰ ভূমি নিজৰ বুলি দাবী কৰিলে নেপালে ৷ ভাৰতৰ কালাপানী , লিপুলেখ আৰু লিমপিয়াধৰা অঞ্চলক নিজৰ মানচিত্ৰত অন্তঃৰ্ভুক্ত কৰিছে নেপালে ৷ মন্ত্ৰীসভাৰ এক বৈঠকৰ পাছত নেপাল চৰকাৰৰ মুখপাত্ৰ আৰু যুৱৰাজ খাটিৱানাদাই জনাইছে এই এই দাবী অনতিপলমে কাৰ্যকৰী কৰা হ’ব…

শ্ৰমিক স্পেচিয়েল ৰে’লৰ ক্ষেত্ৰত কেন্দ্ৰৰ কি নতুন নিৰ্দেশনা?

শ্ৰমিক স্পেচিয়েল ৰে’লৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰ‌ই। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সৈতে আলোচনা নকৰাকৈ কোনো ৰে’ল চলাব নোৱাৰিব ৰে’ল মন্ত্ৰালয়ে। ৰে’লত উঠা আৰু নমাৰ পাছত ল’বলগীয়া ব্যৱস্থাৰ তদাৰকীৰ কাম ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে নিয়োগ কৰা ন’ডেল অফিচাৰে পৰ্যবেক্ষণ কৰিব…