বিগত ২৪ ঘণ্টাত ভাৰতত সৰ্বাধিক লোকৰ শৰীৰলৈ সংক্ৰমণ ক’ৰোনা

Share This Article

সমগ্ৰ দেশত কোভিড-১৯ পজিটিভত আক্ৰান্তৰ সংখ্যা ৫০ লাখতকৈ অধিক হৈছে। ইয়াৰে প্ৰায় ৩ লাখ ৩০ হাজাৰ লোকৰ মৃত্যু ঘটিছে। বিগত ২৪ ঘণ্টাত ভাৰততো নতুনকৈ ৬,০৮৮ টা কোভিড-১৯ পজিটিভ সংক্ৰমণৰ ঘটনা ধৰা পৰিছে। ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে ২৪ ঘণ্টাৰ ভিতৰত এই সংখ্যাই সৰ্বাধিক সংক্ৰমণৰ সংখ্যা। সমান্তৰালকৈ মৃত্যু ঘটিছে ১৪৮গৰাকী ৰোগীৰ। ভাৰতত বৰ্তমানলৈকে মুঠ ১,১৮,৪৪৭ টা কোভিড-১৯ সংক্ৰমণৰ ঘটনা আৰু ৩,৫৮৩ জন লোকৰ মৃত্যু ঘটিছে। সংক্ৰমিত লোকৰ সুস্থ হোৱাৰ হাৰ ৪০.৩৮ শতাংশৰে ৪৮ হাজাৰ লোক সুস্থ হৈ উঠিছে।
বিশ্বৰ ১৯০খন দেশতকৈ অধিক দেশত ক’ৰোনাই সন্ত্ৰাসৰ সৃষ্টি কৰিছে। ইয়াৰে ভিতৰত আটাইতকৈ প্ৰভাৱ পেলাইছে আমেৰিকাত। আমেৰিকাত মুঠ ১৫ লাখ ৯৩ হাজাৰ লোকৰ শৰীৰত এই ভাইৰাছৰ সংক্ৰমণ ঘটিছে আৰু প্ৰায় ৯৫ হাজাৰ লোকৰ মৃত্যু ঘটিছে। আমেৰিকাৰ পিছতে দ্বিতীয় স্থানত আছে ৰুছ। ৰুছত প্ৰায় ৩ লাখ লোকৰ শৰীৰত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। ৩ লাখৰ সংখ্যা চুবলৈ গৈ আছে ব্ৰাজিলত। চতুৰ্থ স্থানত আছে ব্ৰিটেইন, য’ত ২.৫ লাখ লোকৰ শৰীৰৰত ধৰা পৰিছে এই ভাইৰাছ।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.