ব্যক্তিগত চিকিত্সালয়ৰ ৮০ শতাংশ বিচনাত নিয়ন্ত্ৰণ মহাৰাষ্ট্ৰ চৰকাৰৰ

Share This Article

মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰেৰ চৰকাৰে ৰাজ্যখনৰ ব্যক্তিগত চিকিত্সালয়ৰ ৮০শতাংশ বেড ৰাজ্য চৰকাৰৰ নিয়ন্ত্ৰণলৈ আনিছে। ৰাজ্যখনত অত্যাধিক হাৰত টকা লোৱাৰ অভিযোগৰ বাবে চৰকাৰখনে ৩১ আগষ্টলৈকে এই নিয়ম বলৱত্ হোৱাকৈ লৈছে সিদ্ধান্ত। যোৱা নিশা চৰকাৰে লোৱা এই সিদ্ধান্তৰ পিছতেই ব্যক্তিগত চিকিত্সালয়ত ৰোগীৰ বাবে ৮০ শতাংশ বিচনা নিয়ন্ত্ৰণ কৰিব চৰকাৰে। লগতে ৰোগীসমূহৰ খৰছৰ বিলসমূহ ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিব। অৱশ্যে বাকী ২০ শতাংশ বিচনাৰ ক্ষেত্ৰত ব্যক্তিগত চিকিত্সালয় সমূহে পূৰ্বৰ নিজৰ নিৰিখেই প্ৰযোজ্য কৰিব পাৰিব।
লগতে চৰকাৰে ২৭০টাকৈ বিভিন্ন ৰোগ পৰিচৰ্যা আৰু কেন্সাৰ চিকিত্সাৰ লগতে অন্যান্য ছাৰ্জাৰীৰ খৰছৰ ক্ষেত্ৰত নিৰ্দিষ্ট মূল্য নিৰ্ধাৰণ কৰিছে। সেই পেকেজৰ ভিতৰত চিকিত্সকৰ মাচুল যোগ কৰা হৈছে। অৱশ্যে চিকিত্সালয় কৰ্তৃপক্ষই ইচ্ছা কৰিলে চিকিত্সকক বেছিকৈয়ো মাচুল দিব পাৰিব। এই ব্যৱস্থাত চেৰিটেবল ট্ৰাস্টৰ দ্বাৰা পৰিচালিত হাস্পতালৰ লগতে নাৰ্ছিং হোমসমূহো অন্তৰ্ভুক্ত হ’ব। ৰাজ্য চৰকাৰে লগতে নিৰ্দেশ দিছে যে চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰণাধীন আৰু অনিয়ন্ত্ৰণাধীন বিচনাৰ আসনৰ ক্ষেত্ৰত সমপৰ্যায়ৰ চিকিত্সাসেৱা হ’ব লাগিব। প্ৰসৱজনিত চিকিত্সাৰ ক্ষেত্ৰত ৭৫ হাজাৰতকৈ অধিক আৰু ছিজাৰিয়েনৰ ক্ষেত্ৰত ৮৬,২৫০ টকাৰ ওপৰত কোনোৱে ল’ব নোৱাৰিব মাচুল।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.