ভাৰত-চীন সীমান্তত বাঢ়িছে পুনৰ উত্তেজনা

Share This Article

‘আকচাই চীন’ । লাডাখৰ ভাৰত-চীন সীমান্তৰ চীনৰ ঝিনঝিয়াঙৰ স্বায়ত্বশাসিত অঞ্চলৰ হুটানৰ এক অংশ। ভাৰতৰ দাবী- আকচাই চীন লাডাখৰ অংশ।

এই আকচাই চীনতে ভাৰতীয় সৈন্যৰ বিৰুদ্ধে অবৈধভাৱে শিবিৰ নিৰ্মাণৰ অভিযোগ আনিছে বেইজিঙে। আনকি কঠোৰ প্ৰত্যুত্তৰ দিয়া হ’ব বুলিও হুমকি প্ৰদান কৰিছে চীনে। কিন্তু সত্য কি?
কিছুদিন পূৰ্বে ছিক্কিমৰ নাকুলা চেক্টৰত অবৈধভাৱে প্ৰৱেশ কৰে চীনা সৈন্যই। তাকে লৈ সৃষ্টি হয় হতাহতিৰ। ৭জন চীনা আৰু ৪ জন ভাৰতীয় সেনা আঘাতপ্ৰাপ্ত হয়। তাৰ পিছতে লাডাখৰ নিয়ন্ত্ৰণৰেখা অতিক্ৰম কৰে চীনা সৈন্যৰ হেলিকপ্টাৰে। সম্ভাব্য আগ্ৰাসন প্ৰতিহত কৰিবলৈ উৰা মাৰে ভাৰতীয় বায়ুসেনাৰ অত্যাধিক ছুখই যুদ্ধবিমান। তাৰ পিছত এতিয়া চীনৰ অভিযোগ- ভাৰতীয় সেনাই অবৈধভাৱে প্ৰৱেশ কৰিছে আকচাই চীনত।
বৃহস্পতিবাৰে এই অভিযোগ সম্পূৰ্ণৰূপে অস্বীকৰা কৰে ভাৰতৰ বিদেশ মন্ত্ৰালয়ে। মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে কয়- ভাৰতৰ সকলো কৰ্মকাণ্ড নিয়ন্ত্ৰণৰেখাৰ ভিতৰতে চলিছে। কিন্তু কিছুদিন ধৰি চীনেহে ভাৰতীয় সেনাৰ দৈনন্দিন তহলদাৰীত বাধা দি আহিছে। ভাৰতৰ সেই অৱস্থানক সমৰ্থন জনাইছে হোৱাইট হাউছে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.