সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মুখ্যমন্ত্ৰী কাক পাতিব,সিন্ধান্ত ল’ব RSS এ !

৫ খন ৰাজ্যৰ শেহতীয়া বিধানসভা নিৰ্বাচনৰ ফলাফলত ৩ খনতেই জয়লাভ কৰিলে বিজেপিয়ে । ইতিমধ্যে ফলাফল ওলোৱা ৫ টা দিন পাৰ হ’বৰ হ’ল। কিন্তু তিনিখন ৰাজ্যৰ এখনৰো মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিবলৈ সক্ষম হোৱা নাই বিজেপি৷ৰাজস্থানত মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰায় ৯ গৰাকীৰ মাজৰ পৰা কাক নিৰ্বাচন কৰিব তাক লৈ ভয়ংকৰ দোমোজাৰ সন্মুখীন হৈছে বিজেপি ।ঠিক সেইদৰে ছত্তীশগড়,মধ্য প্ৰদেশতো মুখ্যমন্ত্ৰী পদত কাক অধিষ্ঠিত কৰিব তাক লৈ সঠিক সিন্ধান্তত উপনীত হ’ব পৰা নাই বিজেপি। তাৰ বিপৰীতে একে দিনাই ফলাফল ওলোৱা তেলেংগানাত কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে ৰেৱন্ত ৰেড্ডীয়ে । সোমবাৰে ফলাফল ওলোৱা মিজোৰামতো আজি চৰকাৰ গঠন কৰিলে জ’ৰাম পিপুলচ ম’ভমেন্টৰ নেতা লালডুহমাই।বিমুখ্যমন্ত্ৰী কাক পাতিব,সিন্ধান্ত ল’ব RSS এ !জেপিৰ শীৰ্ষ নেতৃত্বই কেইবাখনো বৈঠক অনুষ্ঠিত কৰাৰ পিছতো মুখ্যমন্ত্ৰী সম্পৰ্কত কোনো সঠিক সিন্ধান্ত ল’ব নোৱাৰাত বিষয়টোত হস্তক্ষেপৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে RSS এ৷বহু কেইখন ৰাজ্যৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত হস্তক্ষেপ কৰা RSS এ বিজেপি নেতৃত্বৰ মুখ্যমন্ত্ৰী পদৰ ব্যক্তিক নিৰ্বাচিত কৰাত অপাৰগতাৰ বাবেই এই বিষয়টোত হস্তক্ষেপৰ সিন্ধান্ত গ্ৰহণ কৰিছে RSS এ৷নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছত এই বিষয়টো সম্পৰ্কত কোনো মতামত প্ৰকাশ কৰা নাছিল RSS এ ।RSS এ মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলেই সংগঠনটোৱে ইয়াৰ আদৰ্শৰ প্ৰতি আকৃষ্ট লোককেই অগ্ৰাধিকাৰ প্ৰদান কৰিব। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰিত্বৰ দৌৰত আছে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া,শিৱৰাজ সিং চৌহান,বিজেপিৰ ৰাজ্যিক সভাপতি ভি ডি শৰ্মা,কৈলাস বিজয়ভাৰ্গীয়,নৰেন্দ্ৰ সিং টোমৰ আৰু প্ৰহ্লাদ পেটেল । RSS এ মুখ্যমন্ত্ৰী নিৰ্বাচনৰ দায়িত্ব ল’লেই মুখ্যমন্ত্ৰী পদৰ দৌৰৰ পৰা আপুনি আঁতৰ হ’ব জ্যোতিৰাদিত্য সিন্ধিয়া৷ । সিন্ধিয়া আছিল প্ৰাক্তন কংগ্ৰেছী আৰু তেওঁ কংগ্ৰেছ দলটোত বিভাজন আনি বিজেপিলৈ আহিছিল। সেয়ে RSS ৰ তুলাচনীত নুঠে সিন্ধিয়া৷২০২০ চনত RSS এ শিৱৰাজ সিং চৌহানক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছিল । তদুপৰি ৰাজ্যখনৰ বিজেপিৰ সভাপতি পদত ভি ডি শৰ্মাক অধিষ্ঠিত কৰাৰ ক্ষেত্ৰতো প্ৰধান ভূমিকা লৈছিল RSS এ । RSSৰ নেতা অৰুণ কুমাৰ আৰু প্ৰচাৰক দীপক বিচুপ্তেই মুখ্যমন্ত্ৰী সম্পৰ্কে সিন্ধান্ত লোৱাৰ সম্ভাৱনা অধিক৷অৰুণ কুমাৰে RSS আৰু বিজেপিৰ মাজত যোগসূত্ৰৰ ভূমিকা লৈছে । ইতিমধ্যে প্ৰায় সকলো মুখ্যমন্ত্ৰী পদৰ প্ৰত্যাশীয়েই RSS ৰ নেতাসকলক সাক্ষাৎ কৰিছে। অৱশ্যে কেৱল মধ্যপ্ৰদেশতেই নহয়,ৰাজস্থান আৰু ছত্তীশগড়তো মুখ্যমন্ত্ৰী সম্পৰ্কত কোনো সঠিক সিন্ধান্তত আহিব পৰা নাই বিজেপি। সেয়ে দুই এদিনৰ ভিতৰতে সিন্ধান্ত ল’ব নোৱাৰিলে সেই দুয়োখন ৰাজ্যৰ ক্ষেত্ৰতো নিজাববীয়াকৈ সিন্ধান্ত ল’ব RSS এ।

Leave A Reply

Your email address will not be published.