আৰম্ভ হ’ল কংগ্ৰেছৰ পৰম্পৰা,পুনৰ পদবীক লৈ টনাআঁজোৰা !

Share This Article

পাঁচখন ৰাজ্যৰ ফলাফল ওলাল,ফলাফলত কংগ্ৰেছে লাভ কৰিলে কেৱল তেলেংগানা শাসনৰ ক্ষমতা । তেলেংগানাত মুখ্যমন্ত্ৰী কেচিআৰ নেতৃত্বাাধীন ভাৰত ৰাষ্ট্ৰ সমিতিক হৰুৱাই কংগ্ৰেছ দলে ৬৪ খন আসনত জয়লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হয় । কিন্তু আৰম্ভণিতেই কেণা লাগিলেই কংগ্ৰেছত ।ৰেৱন্ত ৰেড্ডীৰ নেতৃত্বত নিৰ্বাচনত অৱতীৰ্ণ হোৱা কংগ্ৰেছ নেতাসকলে জয়ী হোৱাৰ পিছত ইয়াৰে কিছুসংখ্যকে মুখ্যমন্ত্ৰী হিচাপে ৰেড্ডীক বিচৰা নাই ।সোমবাৰে শপত গ্ৰহণৰ বাবে সকলো আয়োজন কৰাৰ পিছত অৱশেষত মুখ্যমন্ত্ৰী হিচাপে কোনে শপত ল’ব তাৰ সিদ্ধান্ত কেন্দ্ৰীয় নেতৃত্বলৈ ঠেলি পিছুৱাবলগীয়া হয় শপত গ্ৰহণ অনুষ্ঠান । ৰাজভৱনত এ ৰেৱন্ত ৰেড্ডীক মুখ্যমন্ত্ৰী হিচাপে আৰু আন এগৰাকী নেতাক উপমুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সিন্ধান্ত লোৱা হৈছিল। মল্লু ভাট্টী বিক্ৰমৰ্কা,উত্তম কুমাৰ ৰেড্ডী ,শ্ৰীধৰ বাবু আৰু কমাতীৰেড্ডী ভাতৃদ্বয়ৰ দৰে জ্যেষ্ঠ নেতাসকলে ৰেৱন্তক মুখ্যমন্ত্ৰী হিচাপে বিচৰা নাই।সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ পৰ্যবেক্ষক তথা কৰ্ণাটকৰ উপমুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ আৰু এআইচিচিৰ ইনচাৰ্জ মাণিকৰাও থাকৰে ইতিমধ্যে বিষয়টো সম্পৰ্কত আলোচনা কৰিবলৈ দিল্লীত উপস্থিত হৈছেগৈ ।ৰেৱন্ত ৰেড্ডীক মুখ্যমন্ত্ৰী হিচাপে বিচৰা নাই কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছ নেতাই৷কিছুসংখ্যক বিধায়কে ভাট্টী,উত্তম কুমাৰ ৰেড্ডী,শ্ৰীধৰ বাবুৰ ভিতৰত যিকোনো এগৰাকীক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাটো বিচাৰিছে। উল্লেখ্য যে ভাট্টী হ’ল দলিত সম্প্ৰদায়ৰ নেতা আৰু সেয়ে কেইবাগৰাকীও জ্যেষ্ঠ নেতাই তেওঁক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে৷আনহাতে ভাট্টীয়ে কেইবাগৰাকীও উপমুখ্যমন্ত্ৰী বিচৰাৰৰ পৰিবৰ্তে এগৰাকীকে উপমুখ্যমন্ত্ৰী হিচাপে বিচাৰিছে যিটো পদ তেওঁ লাভ কৰিলেও তেওঁ বিৰোধিতা নকৰাৰ ইংগিত দিছে। তদুপৰি তেওঁ উপমুখ্যমন্ত্ৰীগৰাকীৰ হাতত কিছু গুৰুত্বপূৰ্ণ দপ্তৰ থকাটো বিচাৰিছে । এতিয়ালৈকে অধ্যক্ষ,উপাধ্যক্ষ আদি সন্দৰ্ভতো কোনো সিদ্ধান্ত হোৱা নাই তেলেংগানাত৷ৰেৱন্ত ৰেড্ডীক যদি CLP ৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয় তেন্তে তেলেংগানা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিয়া হ’ব আন কোনো এগৰাকী জ্যেষ্ঠ নেতাক।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.