প্ৰতিবাদ কৰিছে গৰুৱে !

Share This Article

গৰুৱে প্ৰতিবাদ কৰিছে !

বিধানসভাৰ চৌহদত গৰুৰ প্ৰতিবাদ !

ৰাজস্থানত সংঘটিত হৈছে এই ঘটনা

কিন্তু আধাতে প্ৰতিবাদ এৰি গৰু পলাল

সকলো অথলে গ’ল

আচলতে গৰুৱে প্ৰতিবাদ কৰা নাই ।

বিজেপি বিধায়কেহে কৰিছে প্ৰতিবাদ

চতুৰ বিধায়কে প্ৰতিবাদৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ৰাজস্থান বিধানসভাৰ চৌহদলৈ লৈ আহিছে গৰু ।

গৰুৰ পিঠিত লিখা আছে বেনাৰ, প্লে কাৰ্ড

গৰুৱে জানো প্ৰতিবাদৰ অৰ্থ বুজি পাই ?

গৰু পলাল , প্ৰতিবাদ এৰি গৰু পলাল । ৰাজস্থানৰ পুস্কৰৰ বিধায়ক সুৰেশ ৰাৱতেই গৰু লৈ আহিল প্ৰতিবাদ কৰিবলৈ । বিভিন্ন দাবী লৈ বিজেপি বিধায়কে বিধানসভাৰ আৰম্ভ কৰিলে প্ৰতিবাদ । দাবী লাম্পী ৰোগ নিৰাময় কৰিব লাগে । সকলো ঠিকেই আছিল বিধায়কে সমৰ্থকক লৈ প্ৰতিবাদ কৰি আছে । সাংবাদিকক ভাষ্যও দিছে বিধায়ক সুৰেশ ৰাৱতে। কিন্তু হঠাৎ গৰু দৌৰিল ।

বিজেপিৰ গৰুৱে প্ৰতিবাদ নামানে !

বিজেপিৰ গৰুৱে প্ৰতিবাদ কি নাজানে !

ৰাজস্থানত কংগ্ৰেছৰ চৰকাৰ । বিৰোধী বিজেপিয়ে প্ৰতি মূহুৰ্তত প্ৰতিবাদ কৰি চৰকাৰক কঠোৰ সমালোচনা কৰি অহা পৰিলক্ষিত হয়। এইবাৰো তাৰ ব্যতিক্ৰম নাছিল। অভিনৱ কাৰ্য পন্থা হাতত লোৱাৰ উদেশ্যৰে বিজেপিৰ বিধায়কে প্ৰতিবাদ কৰিবলৈ আনিল এটা গৰু । তাৰ পিছৰ দৃশ্য এইয়া ।

দেশ জুৰি ভাইৰেল হৈছে এই video । উক্ত ঘটনাৰ পিছতেই এতিয়া বিজেপিৰ বিধায়ক সুৰেশ ৰাৱত সমালোচনাৰ লগতে হাঁহিয়াতৰ পাত্ৰ হ’ব লগীয়া হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.