ৰাম মন্দিৰকলৈ বিভক্ত কংগ্ৰেছ- বিপাঙত শীৰ্ষ নেতৃত্ব

Share This Article

কাইলৈ অনুস্থিত হ’ব ৰাম মন্দিৰৰ ভূমিপূজন। বিজেপি আৰু সংঘ পৰিয়ালে তেওঁলোকৰ এই ৰাজনৈতিক সাফল্যক লৈ ব্যস্ত হৈ পৰাৰ সময়তে বিৰোধী কংগ্ৰেছ যেন কিংকৰ্তব্যবিমূঢ়।

সমৰ্থনে কৰিব নে বিৰোধিতা কৰিব? এই প্ৰশ্নকলৈ এতিয়া বিভক্ত কংগ্ৰেছ দল।

কিছুদিন পূৰ্বে মধ্যপ্ৰদেশৰ গাদীচ্যুত হোৱা কমল নাথে কাইলৈ হ’ব লগা ৰাম মন্দিৰৰ ভূমিপূজনলৈ সমৰ্থন আগবঢ়াইছে। একেদৰে, চতুৰ কংগ্ৰেছী নেতা দ্বিগবিজয় সিঙেও ৰাম মন্দিৰ প্ৰসংগত এক কৌশলী সমৰ্থন আগবঢ়াই কৈ যে ভূমিপূজনৰ বাবে ধার্য্য কৰা তাৰিখ তথা দিন বাৰ পূণ্য নহয়। গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এক পূণ্য তিথি নিৰ্দ্ধাৰণ কৰিহে ভূমিপূজন কৰিব লাগে।

এনে ধৰণৰ দুই এক মন্তব্যৰ বাহিৰে অৱশ্যে দলটোৱে কোনোধৰণৰ দলীয় মন্তব্য আগবঢ়োৱা নাই। দিল্লীৰ ৰাজনৈতিক মহলত চলি থকা চর্চা অনুসৰি যোৱা কিছুদিন পূৰ্বে ৰাহুল গান্ধীক পুনৰ দলৰ সভাপতি পদত অধিস্তিত কৰিবলৈ ছোনীয়া গান্ধীৰ নেতৃত্বত দলৰ সংসদ সকলৰ লগত হোৱা আলোচনাতো দলীয় নেতৃত্ব ৰাম মন্দিৰ সম্পৰ্কত কোনো স্পষ্ট সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে।

দলটোৰ একাংশৰ মতে দলে ৰাম মন্দিৰক সমৰ্থন জনোৱাই নহয় ইয়াৰ শ্ৰেয়তা লোৱাও উচিত।যিহেতু বাবৰি মছজিদৰ দুৱাৰ খুলি ৰাজীৱ গান্ধী ডাঙৰীয়াই ৰাম মন্দিৰৰ বাট প্ৰশস্ত কৰিছিল।

আন একাংশৰ মতে ৰাম মন্দিৰ ইছ্যুত সদায় ৰাজনৈতিকভাৱে লাভাম্বিত হৈ আহিছে বিজেপি। যিহেতু কংগ্ৰেছ দলে ছুপ্ৰীম ক’ৰ্টৰ ৰাম মন্দিৰৰ ৰায়ক ইতিমধ্যে সমৰ্থন জনাইছে, এতিয়া ভমিপূজন অনুষ্ঠান সমন্ধে কোনো মতামত দিয়া মানে বিজেপি লাভাম্বিত হোৱা।

ৰাজনৈতিক বিশেষজ্ঞ সকলৰ মতে, কংগ্ৰেছ দলৰ এনে দুমুখীয়া স্থিতি কোনো নতুন নহয়। মুকলি কৈ সমৰ্থন দিলেই মুছলমান ভোট বেংক হেৰোৱাৰ ভয় আৰু নিদিলে হিন্দু ভোট বেংকৰ ক্ষোভৰ সন্মুখীন হোৱাৰ শংকাই খেদি ফুৰিয়ে কংগ্ৰেছক।

বাবৰি মছজিদৰ তলা খোলোৱাৰ আঁৰতো ৰাজীৱ গান্ধীৰ আছিল ঠিক এনে ধৰণৰেই দুমুখীয়া তুষামোদৰ ৰাজনীতি। কিন্তু কংগ্ৰেছে যেতিয়াই এনে ধৰণৰ তুষামোদৰ ৰাজনীতিৰ বাবে দুমুখীয়া স্থিতি লৈছে তেতিয়াই দলটোৱে মুখথেকেছা খুৱাহে পৰিলক্ষিত হৈছে।

সেয়া লাগিলে বাবৰি মছজিদ ঘটনাৰ পৰৱৰ্তী সময়ত উত্তৰ ভাৰতৰ ৰাজ্য সমূহৰ পৰা কংগ্ৰেছৰ উৎখাতেই হওঁক বা বিগত লোক সভাৰ নিৰ্বাচন সমূহত বিজেপিৰ হাতত হোৱা পৰাজয়ে নহওক কিয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.