ৰামহে সঁচা হ’ল বাকীবোৰ ফুটুকাৰ ফেন !

Share This Article

নহ’ল বছৰি ১ কোটি কৰ্মসংস্থাপন !নাহিল বিদেশৰ ক’লা ধন !নাঁতৰিল দুৰ্নীতি ! নহ’ল সুশাসন !নকমিল বস্তুৰ দাম !কি প্ৰতিশ্ৰুতি পালন কৰিলে বিজেপিয়ে?কি লৈ ভোট বিচাৰিব বিজেপিয়ে?

২০২৪ চনৰ লোকসভাৰ নিৰ্বাচন লৈ মাজত মাত্ৰ কেইটামান মাহ।ইতিমধ্যে বিজেপি নেতৃত্বাধীন NDA ই কেন্দ্ৰত সম্পূৰ্ণ কৰিলে ৯ টা বছৰ।কিন্তু দুটা কাৰ্যকালতো এটাও সামাজিক ,অৰ্থনৈতিক সমস্যাৰ সমাধান কৰিব নোৱাৰিলে বিজেপি চৰকাৰে৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিটো প্ৰতিশ্ৰুতিয়েই উঠিল ধোঁৱাচাঙত।বছৰি এক কোটি চাকৰি দিব বুলি প্ৰতিশ্ৰুতি দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।সেই হিচাপত প্ৰায় ৯ কোটিয়ে পাব লাগিছিল সংস্থাপন।কিন্তু আশ্চৰ্যকৰ বিষয় এয়ে যে সমগ্ৰ কাৰ্যকালত ১কোটিকো সংস্থাপন দিব নোৱাৰিলে বিজেপি চৰকাৰে।বিদেশৰ ক’লা ধন আনি প্ৰতিগৰাকী ভাৰতীয়ৰ একাউণ্টত ১৫ লাখ কৈ জমা কৰাৰ কথা আছিল,কিন্তু বাস্তৱত ঘূৰাই অনাটো দূৰৰ কথা,ভাৰতীয় বেংকৰ পৰা কোটি কোটি টকা ঋণ লৈ পলাল মেহুল চকচী,নীৰৱ মোডীৰ দৰে লোক।মোডী চৰকাৰৰ আন এক প্ৰতিশ্ৰুতি আছিল দুৰ্নীতি নিৰ্মূল।কিন্তু বিজেপিৰ বিধায়ক-মন্ত্ৰীৰ ঘৰতে ওলাল বাণ্ডিলে বাণ্ডিলে ধন।দুৰ্নীতি নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতিৰে বিমুদ্ৰাকৰণৰ সিদ্ধান্ত লৈছিল মোডীয়ে কিন্তু বাস্তৱত ভাৰতৰ অৰ্থনীতিৰ পৰিকাঠামো ভাঙি পেলালে বিমুদ্ৰাকৰণে।ইমানবোৰ ব্যৰ্থতাৰ পিছত বিজেপিয়ে তৃতীয়বাৰলৈ ক্ষমতালৈ অহাৰ কথা ভাবিব পৰা অৱস্থাতেই নাই।ইতিমধ্যে হিন্দু-মুছলমানৰ ৰাজনীতিয়ে আমুৱাইছে ভাৰতীয়ক৷সেয়ে এইবাৰ বিজেপিয়ে লৈছে তেওঁলোকে পূৰ্ণ কৰা এক প্ৰতিশ্ৰুতিক ইছ্যু হিচাপে।
কি এই প্ৰতিশ্ৰুতি?কোনটো প্ৰতিশ্ৰুতি পূৰণ কৰিলে বিজেপিয়ে?কি প্ৰতিশ্ৰুতি পূৰণ কৰি লোকসভাৰ ৰণত নামিব বিজেপি?

হয়,বিজেপিয়ে এটা প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিলে৷ইতিমধ্যে প্ৰায় নব্বৈ শতাংশ কাম সম্পূৰ্ণ হৈছে সেই প্ৰতিশ্ৰুতিৰ।হয়,অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি পূৰণ কৰাত সফল হৈছে বিজেপি।এক কথাত ৰামৰ নাম লৈ ভোটাৰৰ কাষ চাপিব বিজেপি৷ৰাম মন্দিৰ উদ্বোধনক বিজেপিয়ে এক সফলতাৰ খতিয়ান হিচাপে ল’ব।উল্লেখ্য এই ৰাম মন্দিৰ নিৰ্মাণৰ ব্যয় ধাৰ্য কৰা হৈছিল ১৮০০০ কোটি।২০২০ চনৰ আগষ্টৰ পৰা এই ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল অযোধ্যাত।কিন্তু ২০২৪ চনৰ নিৰ্বাচনৰ আগে আগে এই মন্দিৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব বুলি আশাবাদী বিজেপি।মন্দিৰ-মছজিদক লৈ ৰাজনীতি কৰা বিজেপিয়ে ২০২৪ চনত ধৰ্মৰ নামতেই যে ভোট বিচাৰিব সেইটো নিশ্চিত কিন্তু কৰ্ণাটকত ধৰ্মৰ নামত ৰাজনীতি কৰি বেয়াকৈ মুখ থেকেঁচা খোৱা বিজেপিয়ে হয়তো ৰামৰ কথা,ৰামৰ বাণী,ৰাম ভক্তিক লৈহে ভোট বিচাৰিব।কিন্তু ৰাম মন্দিৰ নিৰ্মাণ এক ধৰ্মীয় আৱেগ আৰু ই এটা বিশেষ ধৰ্মাৱলম্বী লোকৰ লগত জড়িত বিষয়।ই গৰিষ্ঠসংখ্যক ভাৰতীয়ৰ সমস্যা নাছিল বা নহয়ো।গতিকে এই প্ৰতিশ্ৰুতি পূৰণে বিজেপিক নিৰ্বাচনত কিমান লাভান্বিত কৰিব সেইটোহে হ’ব লক্ষণীয় বিষয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.