Investigative reporting with dedication.

কৰোনাৰ নামৰ ব্যৱসায় কৰাৰ অভিযোগ উঠিছে যোগগুৰু ৰামদেৱৰ প্ৰতিষ্ঠান পতঞ্জলিৰ বিৰুদ্ধে। মাদ্ৰাছ উচ্চ ন্যায়ালয়ে ১০ লাখ টকাৰ জৰিমনা বিহিলে ৰামদেৱৰ প্ৰতিষ্ঠান পতঞ্জলিক।
ক’ৰোনিল নামৰ ঔষধৰ জৰিয়তে কোৰোণা প্ৰতিৰোধ কৰিব পাৰে বুলি প্ৰচাৰ কৰিছিল পতঞ্জলিয়ে।
কিন্তু এতিয়াৰ পৰা ঔষধত কোৰোনিল নামটো ব্যৱহাৰ কৰিব নোৱাৰিব পতঞ্জলিয়ে। চেন্নাইত এটা বিশেষ প্ৰতিষ্ঠানৰ গোচৰৰ শুনানিত এই ৰায়দান দিয়ে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে কোৰোণা ভাইৰাছৰ প্ৰতিষেধক হিচাপে প্ৰচাৰ কৰা কোৰোনিল ঔষধৰ ট্ৰেডমাৰ্ক ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।
কোৰোনিল মুকলি হোৱাৰ আগত বাবা ৰামদেৱে দাবী কৰিছিল যে, কোৰোনিলে কোৰোণাত আক্ৰান্ত ৰোগীক সুস্থ কৰি তুলিব পাৰিব। কিন্তু আয়ুস মন্ত্ৰণালয়ে এই ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰে। আৰু পিছত মন্ত্ৰণালয়ৰ তৰফৰ পৰা কোৱা হয় যে, পতঞ্জলিৰ এই ঔষধে ৰোগ প্ৰতিৰোধ ক্ষমতাহে বৃদ্ধি কৰিব পাৰে। মন্ত্ৰণালয়ে স্পষ্ট ৰূপত কয় যে, কোৰোনিল কোৰোণাৰ চিকিত্সা হিচাপে বিক্ৰী কৰিব নোৱাৰিব।




