ৰাজ্যসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে গুজৰাটত কংগ্ৰেছৰ খহনীয়া

Share This Article

গুজৰাটৰ ৰাজ্যসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বেই ইজনৰ পিছত সিজন কংগ্ৰেছী বিধায়কে পদত্যাগ কৰাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা। পদত্যাগ কৰিলে গুজৰাটৰ কংগ্ৰেছ বিধায়ক ব্ৰিজেশ মেৰজাই। ১৯ মে’ত ভোটগণনা হ’ব গুজৰাটৰ ৰাজ্যসভা নিৰ্বাচনৰ। বিধানসভাৰ সচিবালয়ে নিশ্চিত কৰে যে বিধানসভাৰ অধ্যক্ষ ৰাজেন্দ্ৰ ত্ৰিবেদীয়ে পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। মেৰজাই গুজৰাটৰ মৰবি সমষ্টিৰ পৰা কংগ্ৰেছ বিধায়ক হিচাপে জয়ী হৈছিল বিগত সময়ত। শেহতীয়া ৩ দিনৰ ভিতৰত কংগ্ৰেছ ত্যাগ কৰা মেৰজা ৩ নম্বৰজন কংগ্ৰেছী বিধায়ক। আন দুজন কংগ্ৰেছী বিধায়ক ক্ৰমে অক্ষয় পেটেল আৰু জিতু চৌধুৰী। আনহাতে মাৰ্চ মাহৰ পৰা এতিয়ালৈকে, কংগ্ৰেছ ত্যাগ কৰা মেৰজা ৮নম্বৰজন বিধায়ক। পদত্যাগৰ পূৰ্বে তেওঁ কংগ্ৰেছৰ সাধাৰণ সদস্য পদৰ পৰা অব্যাহতি লয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.