ৰাজহ সংগ্ৰহৰ ফন্দি নেকি ৭৫ টকীয়া মুদ্ৰা?

Share This Article

নতুন সংসদ ভৱন উদ্বোধন উপলক্ষ্যে চৰকাৰে মুকলি কৰে ৭৫ টকীয়া মুদ্ৰা। বহুতে দেখিছে নতুন ৭৫ টকীয়া নোটৰ ছবি। একাংশৰ মাজত ৭৫ টকীয়া মুদ্ৰাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে, এই মুদ্ৰা সাধাৰণ ৰাইজে পাবনে? দৈনিক লেনদেনত ব্যৱহাৰ কৰিব পাৰিবনে? কেনেকৈ আৰু ক’ত মুদ্ৰা সংগ্ৰহ কৰিব? বজাৰত আচলতে কাম কৰিবনে?নতুন সংসদ ভৱন উদ্বোধন উপলক্ষ্যে ৭৫ টকীয়া মুদ্ৰা মুকলি চৰকাৰৰ!দৈনিক লেনদেনত ব্যৱহাৰ কৰিব পাৰিবনে ৭৫ টকীয়া মুদ্ৰা?এই ৭৫ টকীয়া মুদ্ৰাটো যিকোনো ব্যক্তিয়ে নিজৰ সংগ্ৰহত ৰাখিব পাৰে! লেনদেনৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব এই মুদ্ৰা! ৭৫ টকীয়া মুদ্ৰা ক্ৰয় কৰিবলৈ ৱেবছাইট www.indiagovtmint.in লৈ যাব লাগিব।৭৫ টকীয়া মুদ্ৰা বুকিং কৰিব পাৰিব বিশেষ ৱেবচাইটটোত।এই ৭৫ টকীয়া মুদ্ৰাটো যিকোনো ব্যক্তিয়ে নিজৰ সংগ্ৰহত ৰাখিব পাৰে।কিন্তু স্মৃতি মুদ্ৰা হোৱাৰ বাবে বজাৰত চলিব নোৱাৰিব। লেনদেনৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব এই মুদ্ৰা ।ব্যক্তিগত সংগ্ৰহৰ বাবে এই মুদ্ৰাটো ল’ব পাৰি। কিন্তু সেই ক্ষেত্ৰত টকাৰে চৰকাৰৰ পৰা মুদ্ৰা কিনিব লাগিব। ৭৫ টকীয়া মুদ্ৰা ক্ৰয় কৰিবলৈ ভাৰত চৰকাৰী ৱেবছাইট www.indiagovtmint.in লৈ যাব লাগিব। সেই বিশেষ ৱেবচাইটতে ৭৫ টকীয়া মুদ্ৰা বুকিং কৰিব পাৰিব। এই মুদ্ৰাৰ ক্ৰয় মূল্য এতিয়াও নিৰ্ধাৰণ কৰা নাই চৰকাৰে।কিন্তু একাংশ সূত্ৰই দাবী কৰিছে যে, কেৱল মুদ্ৰাটো তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা সামগ্ৰীৰ ব্যয় ১৩০০ টকা।ইয়াৰ পূৰ্বেও মোডীৰ ‘মন কি বাত’ৰ ১০০ সংখ্যক খণ্ডৰ বৰ্ষপূৰ্তিত এটা মুদ্ৰা মুকলি কৰা হৈছিল। চৰকাৰে সেই মুদ্ৰাৰ ৩৫ গ্ৰামৰ মূল্য ৩৪৯৪ টকা নিৰ্ধাৰণ কৰিছে। অহা কেইদিনমানৰ ভিতৰত চৰকাৰে ৭৫ টকাৰ মুদ্ৰা ক্ৰয় কৰিবলৈ কিমান পৰিমাণৰ ধনৰ প্ৰয়োজন হ’ব তাৰ তথ্য দিব।উল্লেখ্য যে, ১৯৬৪ চনৰ পৰা ভাৰতত ১৫০ টাতকৈও অধিক এনে স্মৃতি মুদ্ৰা মুকলি কৰিছে কেন্দ্ৰীয় চৰকাৰে। কোনো এটা গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ উপলক্ষ্যে চৰকাৰে মুদ্ৰা মুকলি কৰে। ৭৫ টকীয়া নতুন মুদ্ৰা এতিয়া মুদ্ৰা সংগ্ৰাহকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.