ৰাছিয়া-আমেৰিকাৰ ৰঙা চকু,বিপদত ভাৰত।

Share This Article

প্ৰতিশ্ৰুতি,সংকল্প,আকাশলংঘী কথা।বাস্তৱলৈ ঘূৰি চালে ফোঁপোলাস্বৰূপ এটা।চাহাবে কৈছে মোৰ প্ৰতি মোহিত হৈ যোৱা,কিয়নো মই দেশৰ শক্তিশালী নেতা। এই পৰিস্থিতিত আজি দেশত এক শক্তিশালী নেতৃত্ব লাগে।দেশ মজবুত কৰিবৰ বাবে,বিশ্বৰ এই সংকটৰ সময়ত নিজ দেশক নেতৃত্ব দিবৰ বাবে দেশক এক শক্তিশালী নেতৃত্ব লাগে।পৃথিৱীজুৰি কোভিদ সংক্ৰমণৰ সমস্যাৰ লগতে নতুনকৈ যোগ জল ইউক্ৰেইন সংকট।যাৰ পৰিপ্ৰেক্ষিতত এতিয়া যুযুধান ৰূপত আমেৰিকা আৰু ৰাছিয়া।এনে সময়তে উত্তৰ প্ৰদেশৰ চতুৰ্থ পৰ্যায়ৰ ভোট গ্ৰহণৰ পূৰ্বে বিশ্বৰ অস্থিৰ অৱস্থাৰ কথা তুলি ধৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে কৈছে যে এই সময়ত সমগ্ৰ বিশ্বই উলট পালত হৈ গৈছে।ফলত এই সময়ত দেশৰ দায়িত্ব চম্ভালিবৰ বাবে মজবুত কান্ধৰ প্ৰয়োজন।ইয়াৰ অৰ্থটো হল যে কঠিন সময়ৰ বাবে শক্তিশালী লিডাৰৰ প্ৰয়োজন।কিন্তু সেই শক্তিশালী লিডাৰজন কোন সেই সম্পৰ্কে একো উল্লেখ কৰা নাই প্ৰধানমন্ত্ৰী মোদীয়ে।বিধানসভা নিৰ্বাচনৰ পূৰ্বে স্বাভাৱিকতেই যোগী আদিত্যনাথক জয়ী কৰাবৰ বাবে মোদীয়ে সেই মন্তব্য কৰিছে বুলি ধাৰণা কৰিলেও ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে এই আহ্বান যিমানদূৰ যোগী আদিত্যনাথৰ বাবে তাতকৈ অধিক নিজৰ বাবে।কাৰণ তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হিচাপে শাসনত অধিষ্ঠিত হোৱাটো উত্তৰ প্ৰদেশ নিৰ্বাচনত বিজেপি পুনৰ ক্ষমতালৈ অহাৰ ওপৰতেই নিৰ্ভৰ কৰিছে।উত্তৰ প্ৰদেশত বিজেপিয়ে পুনৰবাৰ ক্ষমতা দখল কৰিব পাৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে সুবিধাজনক হব।কিয়নো দেশৰ সৰ্বাধিক লোকসভাৰ আসন থকা ৰাজ্য হ’ল উত্তৰপ্ৰদেশ।সেই বাবেই উত্তৰ প্ৰদেশত যোগী আদিত্যনাথক জয়ী কৰাই অনাৰ মাধ্যমেৰে আসন্ন লোকসভা নিৰ্বাচনত নিজৰ জয়ক নিশ্চিত কৰাত গুৰুত্ব দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।এটা সময় আছিল যেতিয়া বিধানসভা বা লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত ভোট বিচৰা হৈছিল।এতিয়া সেই দিন নাই।জনতাৰ মাজত নৰেন্দ্ৰ মোদীৰ পূৰ্বৰ সেই জনপ্ৰিয়তা হ্ৰাস পালে।সেয়ে নৰেন্দ্ৰ মোদীয়ে এতিয়া নিজেই নিজক শক্তিশালী নেতা ৰূপে বিজ্ঞাপন দিব লগা হৈছে।কিন্তু এই গৰাকী নৰেন্দ্ৰ মোদী দেশক মজবুত কৰিব পৰাকৈ কিমান শক্তিশালী নেতা মনত পেলাওঁ আহক তেওঁৰ কেইটামান কাম কাজ।কোভিদৰ সময় তেতিয়া।নিশাটোৰ ভিতৰতে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিলে লকডাউন।ফলত হাহাকাৰ লাগিল চাৰিওফালে।প্ৰবৰ্জিত শ্ৰমিকৰ না জল না থল অৱস্থা।উপায়বিহীন হৈ হাজাৰ হাজাৰ কিলোমিটাৰ দূৰৰ ঘৰখনলৈ পদপথেৰেই ৰাওনা হল প্ৰবৰ্জিত শ্ৰমিকসকল।ভোকে, লঘোণে,অমানবিক যন্ত্ৰণা সহি কিমান শ্ৰমিকৰ এই সময়খিনিত মৃত্যু হল,কিমান শ্ৰমিকৰ ভৰিৰ গাৰোহা ফাটি ৰাজপথ ৰাঙলী হল,কিন্তু আমাৰ প্ৰধানমন্ত্ৰী ইমানেই শক্তিশালী নেতা যে সেই সময়ত কিবা কৰিব লাগে বুলিও অনুভৱ নকৰিলে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইমানেই শক্তিশালী নেতা যে মূল্য বৃদ্ধিত জুৰুলা হোৱা নাগৰিকৰ দুখ দুৰ্দশা তেওঁৰ চকুতেই নপৰে।ওলোটাই বুকু ফুলাই সংসদত তেওঁ ঘোষণা কৰি দিয়ে যে তেওঁৰ চৰকাৰৰ দিনত কংগ্ৰেছৰ চৰকাৰৰ দিনতকৈ মূল্যবৃদ্ধি কমহে হৈছে।প্ৰধানমন্ত্ৰী মোডী ইমানেই শক্তিশালী নেতা যে তেওঁ আম কেনেকৈ খাব লাগেৰ পৰা কাম কৰি ভাগৰ নলগাৰলৈকে সকলো তীক্ষ্ণ প্ৰশ্নৰেই স্পষ্ট জবাব দিছে অসাংবাদিক অক্ষয় কুমাৰৰ সমুখত আৰু যোৱা আঠ বছৰে এখনো সংবাদমেল পাতি সময় নষ্ট নকৰিলে।সচাকৈ প্ৰধানমন্ত্ৰী মোডী ইমানেই শক্তিশালী নেতা যে নিবনুৱাৰ সমস্যা তেওঁৰ চকুতেই নপৰে।সেয়ে দেশৰ চৰকাৰী চাকৰি নিতৌ হ্ৰাস পাই গৈ আছে।সচাকৈ আপুনি মানকেই বা নামনকেই প্ৰধানমন্ত্ৰী ইমানেই মোডী শক্তিশালী নেতা যে যাৰ ফলত দেশক মজবুত কৰিবৰ বাবেই এটা এটাকৈ সকলো ৰাজহুৱা সম্পদ ব্যক্তিগত কৰণ কৰি পেলালে।সচাকৈ তেওঁ ইমানেই শক্তিশালী নেতা যে দেশৰ লাখ লাখ কোটি টকা আত্মসাৎ কৰি বিদেশত পলাই আছেগৈ নীৰৱ মোডী,বিজয় মালিয়া,মেহুল চোক্সি।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.