ৰাছিয়াই প্ৰস্তুত কৰি উলিয়ালে নেকি ক’ভিড-১৯ ৰ ভেকচিন? কোন ভাৰতীয় পুঁজিপতিয়ে ভেকচিন প্ৰস্তুত কৰিবলৈ বিনিয়োগ কৰিছে কোটি কোটি টকা?

Share This Article

ৰাছিয়াত ইতিমধ্যে সম্পূৰ্ণ হৈছে কৰোনা ভাইৰাছৰ ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল- এই দাবী ৰাছিয়ান মিডিয়াৰ।

ৰাছিয়াৰ সংবাদমাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি মস্ক’ৰ Gamaleya ইনষ্টিটিউটে কৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে উলিওৱা ভেকচিনৰ সকলো পৰীক্ষা নিৰীক্ষা সম্পূৰ্ণ হৈছে আৰু অতি কম সময়ৰ ভিতৰত চৰকাৰৰ ওচৰত পঞ্জীকৰণৰ কামো শেষ হ’ব।

তাৰ সংবাদ মাধ্যম সমুহত প্ৰকাশ পোৱা খবৰ অনুসৰি ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰীয়ে এই কৰোনা ভাইৰাছ প্ৰতিৰোধৰ ভেকচিনেছন প্ৰক্ৰিয়া অহা অক্টোবৰ মাহৰ পৰা আৰম্ভ কৰাৰ ঘোষণা কৰিছে।

অৱশ্যে, ভেকচিন তোৰ পৰীক্ষাৰ ক্ষেত্ৰত তিনি পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল সম্পূৰ্ণ হৈছে নে নাই এই বিষয়ে কোনো তথ্য পোহৰলৈ অহা নাই।

কৰোনা ভাইৰাছে সৃষ্টি কৰা ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি যদিও সকলো দেশে দূৰত্ব গতিত ভেকচিন প্ৰস্তুতিৰ কাম আৰম্ভ কৰিছে, যিকোনো ভেকচিনে বৈধতা লাভ কৰিবলৈ তিনি পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল সম্পূৰ্ণ কৰাটো বাঞ্ছনীয়।

অন্যহাতেদি, বিশ্বৰ সৰ্ববৃহৎ ভেকচিন নিৰ্মাতা কোম্পানী The Serum Institute ও অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানী সকলৰ সহযোগত আৰম্ভ কৰিছে ভেকচিন প্ৰস্তুতিৰ কাম।

বিশ্ববিখ্যাত New York Times ত প্ৰকাশ পোৱা বাতৰি অনুসৰি মহাৰাষ্ট্ৰৰ পুনে স্থিত The Serum Institute ইতিমধ্যে আৰম্ভ হৈছে প্ৰতি মিনিটত ৫০০ ড’চ ভেকচিন নিৰ্মাণৰ কাম।ইয়াৰ লগে লগে Serum কোম্পানীৰ স্বত্বাধিকাৰী এডাৰ পোনাৱালা হৈ পৰিছে বিশ্বৰ সবাটোতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি। NYT ক তেখেতে জনোৱা মতে ভেকচিনৰ খবৰ বিচাৰি তেওঁলৈ হাজাৰ হাজাৰ ফোন আহিছে। যাৰ ভিতৰত আছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী, প্ৰধান মন্ত্ৰীকে আদি কৰি বহুতো গুৰুত্বপূৰ্ণ ব্যক্তি।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.