২০২৪ ত গেইম প্লেন কি হ’ব কংগ্ৰেছৰ?

Share This Article

বিগত ১৩ মে’ত কৰ্ণাটক জয়ৰ পাছত লোকসভাৰ নিৰ্বাচনক লৈ আশবাদী হৈ পৰিছে কংগ্ৰেছ।বিগত দুটাকৈ লোকসভা নিৰ্বাচনত ভয়ংকৰ বিপৰ্যয়ৰ সন্মুখীন হোৱা কংগ্ৰেছে যেন শেহতীয়া কৰ্ণাটক জয়েৰে ইয়াৰ হেৰুৱা অতীতৰ গৌৰৱ ঘূৰাই পাইছে।বিগত ডিচেম্বৰত হিমাচল প্ৰদেশ আৰু মে’ মাহত কৰ্ণাটকত জয়লাভ কৰাৰ পিছত ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ বাবে বিৰোধী ঐক্য মঞ্চ গঠনত আগভাগ লৈছে কংগ্ৰেছে।ইতিমধ্যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী,উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদব,দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল,মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে,NCP ৰ মূৰব্বী শাৰদ পাৱাৰৰ লগত বিৰোধী ঐক্যৰ বিষয়টোক লৈ কেইবাখনো বৈঠকত অংশগ্ৰহণ কৰিছে।কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰাই সমগ্ৰ ভাৰতত ৰাহুল গান্ধীৰ ভাৱমূৰ্ত্তি সলাই পেলালে।তদুপৰি ২০১৯ চনৰ এটা গোচৰত ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ দৰে সিদ্ধান্তই কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশোধ পৰায়ণতাক দেশবাসীৰ সন্মুখত স্পষ্ট ৰূপত প্ৰতিফলিত হোৱাত সহায় কৰিছিল।আমেৰিকা ভ্ৰমণত থকা ৰাহুল গান্ধীয়ে বৰ্তমান ভাৰতৰ ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কত মন্তব্য দি কয় ‘ কংগ্ৰেছ দল কেৱল কংগ্ৰেছ কাৰণে জয়ী হোৱা নাই বৰঞ্চ দেশত চলি থকা ঘৃণাৰ ৰাজনীতিৰ বাবেহে বিজেপি হাৰিছে।ইয়াত আদৰ্শৰ জয় হৈছে।আমি কৰ্ণাটকত বিজেপিক আঁতৰাই দিলোঁ৷আমি তেওঁলোকক পৰাজিত কৰা নাই৷আমি তেওঁলোকক উটুৱাই দিলোঁ।’

ৰাহুল গান্ধীয়ে পুনৰ কয় ‘ কৰ্ণাটক নিৰ্বাচনত বিজেপিয়ে সকলো প্ৰচেষ্টা চলালে।তেওঁলোকৰ হাতত সমগ্ৰ সংবাদ মাধ্যম আছে।আমাতকৈ তেওঁলোকৰ প্ৰায় ১০ গুণ বেছি ধন আছে।তেওঁলোকৰ নিজৰ চৰকাৰ আছে৷তেওঁলোকৰ হাতত সকলো সংস্থা আছে৷কিন্তু ইমানৰ পিছতো আমি তেওঁলোকক উটুৱাই দিলোঁ।’

ৰাহুল গান্ধীয়ে পুনৰ কয় ‘ আমি এইবাৰ পুনৰ তেলেংগানাক তেওঁলোকক উটুৱাই পঠিয়াম।এই নিৰ্বাচনৰ পিছত তেলেংগানাত আৰু বিজেপিক বিচাৰি পোৱা নাযাব।কংগ্ৰেছে বিজেপিক হৰুওৱা নাই।ভাৰতৰ জনতাই ,মধ্য প্ৰদেশৰ জনতাই,তেলেংগানাৰ জনতাই,ৰাজস্থানৰ জনতাই,ছত্তীশগড়ৰ জনতাই বিজেপিক হৰুৱাব।’ৰাহুল গান্ধীৰ আশা যে আগন্তুক প্ৰতিখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছেই জয়লাভ কৰিব।ঠিক সেইদৰে ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনতো জয়লাভ কৰিব কংগ্ৰেছে।জনতাই কংগ্ৰেছতকৈ কংগ্ৰেছৰ আদৰ্শক অধিক পচন্দ কৰিছে বুলি ৰাহুল গান্ধীয়ে বিশ্বাস কৰে।কৰ্ণাটকৰ নিৰ্বাচনত বিজেপিয়ে ঘৃণা আৰু সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰিছিল।প্ৰধানমন্ত্ৰীয়ে নিজেই প্ৰচাৰত অংশ লৈছিল৷কিন্তু তাত কাম দিলে জানো?কিন্তু জনসাধাৰণে কি উত্তৰ দিলে গম পালেই নহয় -এনেদৰে মন্তব্য কৰে ৰাহুল গান্ধীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.