২০লাখ কোটি টকাৰ পেকেজ এক “ঠাট্টা”- ছোনিয়া গান্ধী

Share This Article

দেশত ক’ৰোনাৰ পৰিস্থিতিক লৈ আজি এক বৈঠকত মিলিত হয় বিৰোধী শিবিৰ, ছোনিয়া গান্ধী, ৰাহুল গান্ধী, মমতা বেনাৰ্জীকে ধৰি বিৰোধী দলৰ ৩গৰাকী মুখ্যমন্ত্ৰী, এনচিপি নেতা শাৰদ পাৱাৰ, প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়া, ডিএমকে নেতা ষ্টেলিন, চিপিএম নেতা সীতাৰাম য়েছুৰী, আৰজেডি নেতা তেজস্বী যাদৱ, নেচনেল কন্ফাৰেন্সৰ ওমৰ আব্দুলা।
প্ৰকাশিত খবৰ অনুসৰি বৈঠকত ছোনিয়া গান্ধীয়ে কয় যে মোডী চৰকাৰৰ ২০লাখ কোটি টকাৰ পেকেজ দেশৰ প্ৰতি এক নিষ্ঠুৰ ঠাট্টা। ২০২০-২১ বছৰৰ শেষত জিডিপি বৃদ্ধি ঋণাত্মক হ’ব বুলি ৰিজাৰ্ভ বেংকে আশংকা কৰিছে। সকলো ক্ষমতা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কুক্ষিগত কৰি আহিছে। যুক্তৰাষ্ট্ৰীয় পৰিকাঠামো এতিয়া বিধ্বস্ত প্ৰায়।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.