১৭হাজাৰ কাৰাবন্দীক দিব মুক্তি

Share This Article

ক’ৰোণা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ চৰকাৰে লৈছে এক বিশেষ সিদ্ধান্ত। ১৭হাজাৰ কাৰাবন্দীক জে’লৰ পৰা মুকলি কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিলে ৰাজ্যখনৰ গৃহমন্ত্ৰী অনিল দেশমুখে। অস্থায়ী জামিন বা পেৰলৰ যোগেদি মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰখনে। কাৰাগাৰত বন্দী ১৫৮ জন লোকৰ শৰীৰত ক’ৰোণাৰ সংক্ৰমণৰ ঘটনা ধৰা পৰিছে। সেয়েহে আন বন্দীসকলৰ সুৰক্ষাজনিত কাৰণতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰখনে। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া হাই পাৱাৰ কমিটিয়ে ৰাজ্যসমূহক দিয়া অনুমোদনৰ পিছতেই পেৰল ব্যৱস্থাৰ জৰিয়তে মুকলি কৰি দিয়া হ’ব ১৭হাজাৰ কয়দীক। উল্লেখ্য যে গৃহমন্ত্ৰীগৰাকীৰ মতে জে’লত বন্দী হৈ থকা ৩৫ হাজাৰ কয়দীৰ ভিতৰত সাধাৰণ গোচৰ থকা ৫হাজাৰ, ৭বছৰ আৰু তাৰ ওপৰৰ জে’ল থকা ক্ৰমে ৩হাজাৰ আৰু ৯হাজাৰ কয়দীক মুকলি কৰি দিয়া হ’ব। ক’ৰোণাৰ সংক্ৰমণ ৰোধ কৰাৰ লগতে জে’লৰ ভিতৰত এনে সময়ত প্ৰয়োজনীয় নিৰ্দিষ্ট জনদূৰত্বৰ প্ৰতি লক্ষ্য ৰাখিয়েই জৰুৰীকালীন মুকলিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.