হাতৰটো হেৰাল, বোকোচাৰটোলৈ আশা বিজেপিৰ !

Share This Article

কৰ্ণাটকত এক ভয়ংকৰ বিপৰ্যয়ৰ সন্মুখীন হোৱা বিজেপি যেন পুনৰ আশাহত হ’ল ৰাজস্থানক লৈ।দক্ষিণ ভাৰতৰ প্ৰৱেশ পথ কৰ্ণাটকতেই বিজেপিৰ প্ৰৱেশ বন্ধ হোৱা বিজেপিয়ে সপোন দেখিছিল ৰাজস্থান,মধ্য প্ৰদেশ,তেলেংগানাক লৈ।উল্লেখ্য যে চলিত বৰ্ষৰ শেষৰফালে এইকেইখন ৰাজ্যত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।কৰ্ণাটক নিজৰ দখলৰ পৰা যোৱাৰ পিছত ৰাজস্থানক লৈ অত্যন্ত আশাবাদী আছিল বিজেপি।কিয়নো মধ্য প্ৰদেশ আৰু তেলেংগানাত বিজেপি দলৰ মাজত চৰম বিসম্বাদে দেখা দিয়াৰ পিছত দলটোৱে ভাবিছিল যে ৰাজস্থানত কংগ্ৰেছ দলৰ মাজত দীৰ্ঘ দিন ধৰি দেখা দিয়া বিসম্বাদে তেওঁলোকৰ দলটোক শাসনৰ বাঘজৰী লোৱাৰ পথ প্ৰশস্ত কৰিব।কিন্তু নিজৰ দলৰ বিসম্বাদ নিৰ্মূল কৰিব নোৱাৰি লোকৰ দুৰ্বল দিশ খুঁচৰি ফুৰা বিজেপিৰ বাবে শেহতীয়াকৈ আহিল সকলোতকৈ উদ্বেগজনক খবৰটো।ৰাজস্থানৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু শচীন পাইলটৰ মাজত চলি থকা মতবিৰোধ ইতিমধ্যে নিৰ্মূল হৈছে।বিগত সোমবাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু শচীন পাইলটৰ লগত একেলগে বৈঠকত বহে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গে আৰু ৰাহুল গান্ধী।প্ৰায় ৪ ঘণ্টা জোৰা বৈঠকৰ অন্তত কংগ্ৰেছ নেতা কে চি বেণুগোপালে সংবাদ মাধ্যমক উদ্দেশ্যি কয় যে ইতিমধ্যে গেহলট -পাইলটৰ ইছ্যু সমাপ্ত হ’ল।সাংবাদিকক সম্বোধন কৰি বেনুগোপালে কয় ‘ সকলো ঠিক হ’ল।এতিয়া ঐক্যবদ্ধভাৱে সকলোৱে ৰাজস্থানবাসীৰ বাবে কাম কৰিব৷অহা নিৰ্বাচনত কংগ্ৰেছৰ জয় নিশ্চিত কৰিব।’ইয়াৰ পিছতেই যেন সপোন ভাঙি চূৰমাৰ হ’ল বিজেপিৰ।কিয়নো তেলেংগানাত কেচিআৰৰ ভাৰত ৰাষ্ট্ৰ সমিতিক হৰুৱাবলৈ বিজেপিয়ে পতা ফন্দিৰ যে ফল ধৰিব সেয়া বিজেপিয়ে বৰ্তমান ভাবিব পৰা অৱস্থাত নাই।কিয়নো বান্দী সঞ্জয়ৰ নেতৃত্বৰ প্ৰতি অসন্তুষ্ট হৈছে তেলেংগানাৰ বিজেপিৰ নেতাসকল।বিগত ১৪ মে’ত বান্দী সঞ্জয়ে এক হিন্দু সুৰক্ষা যাত্ৰাৰ আয়োজন কৰিছিল আৰু তাত মুখ্য অতিথি ৰূপে অংশ লৈছিল অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।আনহাতে,মধ্য প্ৰদেশত জ্যোতিৰাদিত্য সিন্ধিয়াৰ বাবেই দুটা ভাগত বিভক্ত হৈছে বিজেপি।ফলত তেলেংগানা আৰু মধ্য প্ৰদেশত বিজেপিৰ যে দিন ভাল চলা নাই,সেই কথা হাড়েহিমজুৱে উপলব্ধি কৰিছে বিজেপিয়ে৷আনহাতে,শেহতীয়াকৈ ৰাজস্থানত গেহলট -পাইলটৰ মিলনে পুনৰবাৰ বিজেপিক শ’লঠেকত যে পেলাব সেই বিষয়টোত পুনৰ নিশ্চিত হৈছে বিজেপি।অৱশ্যে নবেম্বৰ মাহত স্পষ্ট হ’ব ক’ৰ পানী ক’লৈ যায়?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.